--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰদূষণ, উদ্বেগ, খাদ্যভাসকে ধৰি আন বহু কাৰণত আজাকালি বহুতৰেই ষ্ট্ৰোক হোৱা দেখা যায়।  বিজ্ঞানীসকলে ষ্ট্ৰোক হোৱাৰ কাৰণবোৰ সুক্ষ্মভাবে নিৰ্ধাৰণ কৰিবলৈ চেষ্টা চলাই আহিছে। একাংশ স্বাস্থ্য বিজ্ঞানীৰ মতে  তেজৰ গ্ৰুপ জনা থাকিলে  লোক এজনৰ  ষ্ট্ৰোক হোৱাৰ আশংকা কিমান সেয়া জনাটো সম্ভৱ।

চিকিৎসা বিজ্ঞান সম্পৰ্কীয়  আলোচনী নিউৰোলজীত প্ৰকাশিত এখন নিবন্ধত  এই বিষয়ত  আলোকপাত কৰা হৈছে। সেই নিবন্ধত আমেৰিকা যুক্তৰাষ্ট্ৰৰ মেৰিলেণ্ড বিশ্ববিদ্যালয়ৰ স্কুল অফ মেডিচিন (ইউএমএছঅ'এম)ৰ গৱেষকসকলে দাবী কৰিছে  যে ৬০ বছৰৰ তলৰ লোকসকলৰ ক্ষেত্ৰত গ্ৰুপ  'এ' তেজ থাকিলে ষ্ট্ৰোকৰ আশংকা সৰ্বাধিক হয়। আনহাতে, যিসকলৰ তেজৰ গ্ৰুপ  'অ' ,  তেওঁলোকৰ বিপদাশংকা আটাইতকৈ কম।

গৱেষকসকলে ষ্ট্ৰোক আক্ৰান্ত হোৱা প্ৰায় ১৭,০০০ ৰোগীৰ ওপৰত ৪৮  প্ৰকাৰৰ জিন পৰীক্ষা কৰিছিল। সকলো অংশগ্ৰহণকাৰীৰ বয়স ১৮ ৰ পৰা ৫৯ বছৰৰ ভিতৰত আছিল। ইয়াত দেখা গৈছিল যে ৬০ বছৰৰ তলৰ লোক যাৰ তেজৰ গ্ৰুপ  'এ' হ’লে  তেওঁলোকৰ ষ্ট্ৰোকত আক্ৰান্ত হোৱাৰ সম্ভাৱনা ১৬ শতাংশ বেছি হয়। আনহাতে, 'অ' গ্ৰুপৰ  বাবে ষ্ট্ৰোকৰ আশংকা ১২  শতাংশ কম কম।

কিন্তু এই বিপদাশংকা কিয় বেলেগ বেলেগ হয়? নিবন্ধটোৰ অন্যতম লেখক নিউৰোলজিষ্ট ষ্টিভেন কিটনাৰে কৈছে যে গৱেষকসকলে এতিয়াও সেই বিষয়ত নিৰ্দিষ্ট সিদ্ধান্ত উপনীত হ’ব পৰা নাই। তেওঁ কয় "আমি এতিয়াও নাজানো কিয় তেজৰ গ্ৰুপ  'এ'ৰ লোকসকল ষ্ট্ৰোকত আক্ৰান্ত হোৱাৰ সম্ভাৱনা অধিক। কিন্তু সম্ভৱতঃ তেজ গোট মৰাৰ সম্ভাৱনাই ইয়াত বিশেষ ভূমিকা পালন কৰি আছে। "

মন কৰিবলগীয়া কথাটো হ’ল  তেজৰ নলীকা বোৰৰ জৰিয়তে মগজুত তেজ উপস্থিত হয়। কিন্তু যদি ৰক্তনলীকাবোৰ কোনো প্ৰকাৰে ফাটি যায়   বা তাত তেজ  গোট মাৰে তেন্তে  ষ্ট্ৰোক হয়। তেনে ক্ষেত্ৰত ৰোগীক লগে লগে   চিকিৎসালয়লৈ লৈ যাব লাগে৷ ষ্টোৰোক প্ৰতিৰোধ কৰিবলৈ আমি আমাৰ জীৱন শৈলী আৰু খাদ্যাভাসত সংযম হ’ব লাগিব। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতৰ বিৰুদ্ধে বৃহৎ পৰিমাণৰ শুল্ক আৰোপৰ পুনৰ ভাবুকি ট্রাম্পৰ, ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় বন্ধ কৰাৰ নিৰ্দেশ
ডিচেম্বৰ-জানুৱাৰীত এলিভেটেড কৰিডৰৰ আধাৰশিলাৰ সম্ভাৱনা , কাজিৰঙাত মুখ্যমন্ত্ৰীৰ ঘোষণা
সোৱণশিৰিৰ বান্ধৰ নামনিত সুৰক্ষাৰ নামত বৃহৎ কেলেংকাৰি, খহনীয়া প্ৰতিৰোধৰ নামত আবণ্টিত বিশাল ধনৰ অপচয়
মানকাচৰ আৰক্ষীৰ জালত পৰিল ড্ৰাগছ সৰবৰাহকাৰী জিয়াদুল মিঞা
ভাৰতৰ বিৰুদ্ধে বৃহৎ পৰিমাণৰ শুল্ক আৰোপৰ পুনৰ ভাবুকি ট্রাম্পৰ, ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় বন্ধ কৰাৰ নিৰ্দেশ
ছিংগাপুৰলৈ ৰাওনা হোৱা SITৰ দলে চেষ্টা কৰিব জুবিন গাৰ্গ থকা পেন-পেচিফিক হোটেলৰ চি চি টিভি ফুটেজ সংগ্ৰহৰ
দীপাৱলীৰ অচিলা লৈ গুৱাহাটী মহানগৰীত সক্ৰিয় হৈ পৰিছে জুৱাৰী চক্ৰ; জালত পৰিল ৪
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰঙীন কেছেটৰ কভাৰেৰে ব্যতিক্ৰমী শ্যামা পূজা
দীপাৱলীত ভয়াৱহ প্ৰদূষণৰ কবলত দিল্লী, এ কিউ আই ৪০০ৰো অধিক
'জুবিন ক্ষেত্ৰ'ত বিচাৰি পাব লাগিব প্ৰাণৰ শিল্পীৰ আত্মাক , প্ৰথমবাৰৰ বাবে ৰাজ্য চৰকাৰে গঠন কৰা সমিতিৰ বৈঠকত কি ক'লে পত্নী গৰিমাই