--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰদূষণ, উদ্বেগ, খাদ্যভাসকে ধৰি আন বহু কাৰণত আজাকালি বহুতৰেই ষ্ট্ৰোক হোৱা দেখা যায়।  বিজ্ঞানীসকলে ষ্ট্ৰোক হোৱাৰ কাৰণবোৰ সুক্ষ্মভাবে নিৰ্ধাৰণ কৰিবলৈ চেষ্টা চলাই আহিছে। একাংশ স্বাস্থ্য বিজ্ঞানীৰ মতে  তেজৰ গ্ৰুপ জনা থাকিলে  লোক এজনৰ  ষ্ট্ৰোক হোৱাৰ আশংকা কিমান সেয়া জনাটো সম্ভৱ।

চিকিৎসা বিজ্ঞান সম্পৰ্কীয়  আলোচনী নিউৰোলজীত প্ৰকাশিত এখন নিবন্ধত  এই বিষয়ত  আলোকপাত কৰা হৈছে। সেই নিবন্ধত আমেৰিকা যুক্তৰাষ্ট্ৰৰ মেৰিলেণ্ড বিশ্ববিদ্যালয়ৰ স্কুল অফ মেডিচিন (ইউএমএছঅ'এম)ৰ গৱেষকসকলে দাবী কৰিছে  যে ৬০ বছৰৰ তলৰ লোকসকলৰ ক্ষেত্ৰত গ্ৰুপ  'এ' তেজ থাকিলে ষ্ট্ৰোকৰ আশংকা সৰ্বাধিক হয়। আনহাতে, যিসকলৰ তেজৰ গ্ৰুপ  'অ' ,  তেওঁলোকৰ বিপদাশংকা আটাইতকৈ কম।

গৱেষকসকলে ষ্ট্ৰোক আক্ৰান্ত হোৱা প্ৰায় ১৭,০০০ ৰোগীৰ ওপৰত ৪৮  প্ৰকাৰৰ জিন পৰীক্ষা কৰিছিল। সকলো অংশগ্ৰহণকাৰীৰ বয়স ১৮ ৰ পৰা ৫৯ বছৰৰ ভিতৰত আছিল। ইয়াত দেখা গৈছিল যে ৬০ বছৰৰ তলৰ লোক যাৰ তেজৰ গ্ৰুপ  'এ' হ’লে  তেওঁলোকৰ ষ্ট্ৰোকত আক্ৰান্ত হোৱাৰ সম্ভাৱনা ১৬ শতাংশ বেছি হয়। আনহাতে, 'অ' গ্ৰুপৰ  বাবে ষ্ট্ৰোকৰ আশংকা ১২  শতাংশ কম কম।

কিন্তু এই বিপদাশংকা কিয় বেলেগ বেলেগ হয়? নিবন্ধটোৰ অন্যতম লেখক নিউৰোলজিষ্ট ষ্টিভেন কিটনাৰে কৈছে যে গৱেষকসকলে এতিয়াও সেই বিষয়ত নিৰ্দিষ্ট সিদ্ধান্ত উপনীত হ’ব পৰা নাই। তেওঁ কয় "আমি এতিয়াও নাজানো কিয় তেজৰ গ্ৰুপ  'এ'ৰ লোকসকল ষ্ট্ৰোকত আক্ৰান্ত হোৱাৰ সম্ভাৱনা অধিক। কিন্তু সম্ভৱতঃ তেজ গোট মৰাৰ সম্ভাৱনাই ইয়াত বিশেষ ভূমিকা পালন কৰি আছে। "

মন কৰিবলগীয়া কথাটো হ’ল  তেজৰ নলীকা বোৰৰ জৰিয়তে মগজুত তেজ উপস্থিত হয়। কিন্তু যদি ৰক্তনলীকাবোৰ কোনো প্ৰকাৰে ফাটি যায়   বা তাত তেজ  গোট মাৰে তেন্তে  ষ্ট্ৰোক হয়। তেনে ক্ষেত্ৰত ৰোগীক লগে লগে   চিকিৎসালয়লৈ লৈ যাব লাগে৷ ষ্টোৰোক প্ৰতিৰোধ কৰিবলৈ আমি আমাৰ জীৱন শৈলী আৰু খাদ্যাভাসত সংযম হ’ব লাগিব। 











FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ