--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আজিৰ যুগত বৰ্ধিত ওজন আৰু নিয়ন্ত্ৰণ কৰাটো এটা ডাঙৰ সমস্যা হৈ পৰে। বিশেষজ্ঞসকলৰ মতে মেদবহুলতাৰ বাবে মানসিক অশান্তিৰ সন্মুখীন হয়। আচলতে মেদবহুলতাৰ কাৰণ হৈছে ভুল খাদ্যাভ্যাস আৰু অত্যধিক জাংকফুড খোৱা। এবাৰ ওজন বৃদ্ধি হ’লে কম কৰাটো অতি কঠিন হৈ পৰে। ইয়াৰ বাবে নিয়মীয়া ব্যায়ামৰ প্ৰয়োজন। ইয়াৰ উপৰি বহু গৱেষণাত দাবী কৰা হৈছে যে ইয়াত এনে বহুতো পুষ্টিকৰ উপাদান থাকে যিয়ে বৃদ্ধি পোৱা ওজন নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

 ১. ওজন হ্ৰাস কৰাত সহায়কঃ-তেজপাত প্ৰায়ে পাকঘৰত ব্যৱহাৰ কৰা হয়, কিন্তু ইয়াৰ দ্বাৰা ওজন কমাব পাৰি, আঁহৰ গুণাগুণ তেজপাতত পোৱা যায়, আঁহযুক্ত খাদ্য গ্ৰহণে পাচনতন্ত্ৰ শক্তিশালী কৰাৰ লগতে তেজপাতে কেলৰি কম কৰাৰ গুণ পোৱা যায়।

২. উচ্চ ৰক্তচাপঃ-যদি আপুনি উচ্চ ৰক্তচাপৰ সৈতে যুঁজ দি আছে, তেন্তে দিনটোত এবাৰ হ’লেও তেজপাতৰ চাহ খালে ফলপ্ৰসূ হ’ব পাৰে। তেজপাতত পলিফিনল নামৰ এবিধ উপাদান পোৱা যায়। ই ৰক্তচাপৰ মাত্ৰা হ্ৰাস কৰাত সহায় কৰে।

৩. তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাঃ-ইয়াত ফাইটোকেমিকেল থাকে যিয়ে তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে। তেজপাতৰ চাহ খালে ডায়েবেটিছৰ লক্ষণসমূহ বহু পৰিমাণে নিয়ন্ত্ৰণ কৰিব পাৰি।

 ৪. চুলি আৰু ছালৰ বাবে উপকাৰীঃ-বিশেষজ্ঞসকলৰ মতে তেজপাতত ভিটামিন-চি, আইৰণ, পটাছিয়াম, কেলচিয়াম আৰু মেগনেছিয়ামৰ প্ৰচুৰ পৰিমাণে পোৱা যায়।

৫. মানসিক চাপৰ পৰা উপশমঃ-যদি আপুনি মানসিক চাপৰ সৈতে যুঁজি আছে তেন্তে এই চাহ দৈনিক খাব। ইয়াত linalool compoundৰ পোৱা যায়, যিটোৱে মানসিক চাপ কমোৱা বুলি সকলোৱে জানে।

৬. তেজপাতৰ চাহ কেনেকৈ বনাব-

* এটা বা দুটা তেজপাত

* ডালচেনিৰ গুড়ি আধা চামুচ

* দুকাপ পানী

ৰেচিপিঃ-এইটো বনাবলৈ প্ৰথমে তেজপাত আৰু দালচেনি পানীত দি ৫ মিনিট উতলাই লওক। গেছ বন্ধ কৰি ৩ৰ পৰা ৪ মিনিট ঢাকি ৰাখিব।

এতিয়া আপুনি ইয়াক চেকি লৈ ইচ্ছা কৰিলে তাত নেমু বা মৌ দি খাব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় মহাকাশ, প্ৰতিৰক্ষা বিজ্ঞানীৰ দুটা গুৰুত্বপূৰ্ণ সম্পৰীক্ষা
বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত চোৰৰ সন্ত্ৰাস ! লুটি নিলে ইনভাৰ্টাৰ,বেটাৰী,পানী উঠোৱা মটৰ আৰু বৈদ্যুতিক তাঁৰ
অনিশ দয়াল সিঙক ভাৰতৰ উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা নিযুক্তি
পাক-ভাৰত সীমান্তৰ পৰা ১৫ পাকিস্তানী মাছমৰীয়াক আটক
'বিশ্ব অর্থনীতিৰ প্ৰৱাহ সলনি কৰিব পৰা শক্তিৰ অধিকাৰী হৈছে ভাৰত', 'ইক 'নমিক টাইম'ৰ ৱৰ্ল্ড লীডাৰ্ছ ফ'ৰামত প্ৰধানমন্ত্ৰীৰ দাবী
পণবন্দীৰ মুক্তিৰ দাবীত ৰাজপথ উত্তাল কৰিলে সহস্রাধিক ইজৰাইলীয়ে
ভাৰতত আৰম্ভ হ'ল iphone 17 ৰ উৎপাদন! ভাৰতৰ কোনবোৰ ৰাজ্যত আইফোন তৈয়াৰ কৰা হয় জানেনে?
সলনি হ'ব পাৰে GMCHৰ অধ্যক্ষ ; ডাঃ অচ্যুত বৈশ্যক শাস্তিমুলক বদলিৰ সম্ভাৱনা
৬ হাজাৰ ছাত্ৰৰ ভিছা বাতিল আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আলমণ্ডৰ পৰা তৈয়াৰ কৰা গাখীৰ খোৱাটো কিমান উপকাৰী? জানি লওক সবিশেষ
নাম-কীৰ্তনেৰে মুখৰ ৰাজ্যৰ সত্ৰ-নামঘৰ, আৰম্ভ হ'ল পৱিত্ৰ ভাদ মাহ
২০ আগষ্টত 'চতিয়া দিৱস'ৰ প্ৰস্তুতি, ৰাজ্যিক স্বীকৃতিৰ পাছত প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে হ'ব উদযাপন
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া! মাইজানৰ বৃহৎ অংশ নিলে উটুৱায়