--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টি-২০ বিশ্বকাপ খেলত দেওবাৰে ১১৯ ৰানৰ স্ক’ৰ কৰি পাকিস্তানৰ বিৰুদ্ধে জয় সাব্যস্ত কৰে ভাৰতে। ইয়াৰ লগে লগে ভাৰতীয় দলটোৱে গ্ৰুপ এৰ পইণ্ট তালিকাৰ শীৰ্ষত উপনীত হয়। একেৰাহে দুখন মেচৰ জয়ৰ সৈতে দুখন মেচৰ পৰা ৪ পইণ্ট লাভ কৰিছে ভাৰতে। একে সময়তে ভাৰতৰ নেট ৰান ৰেটো হৈছে ১.৪৫৫। ইয়াৰ উপৰিও চলিত প্ৰতিযোগিতাত একেৰাহে দ্বিতীয়বাৰৰ বাবে পৰাজয়ৰ পিছত পাকিস্তানে চতুৰ্থ স্থান দখল কৰিছে। পাকিস্তানৰ এই পৰাজয়ে এজন অনুৰাগীৰ হৃদয় বৰ বেয়াকৈ ভাঙি পেলালে।

নিউয়ৰ্কৰ নাছাউ কাউন্টি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত খেলা এই মেচখনত পাকিস্তানৰ এজন অনুৰাগীয়ে নিজৰ ট্ৰেক্টৰ বিক্ৰী কৰি খেলখন উপভোগ কৰিবলৈ আহিছিল। এই মেচখনৰ টিকট লাভ কৰিবলৈ তেওঁ নিজৰ ট্ৰেক্টৰখন ২ লাখ ৫০ হাজাৰ টকাত বিক্ৰী কৰিছিল। 

সেই টকাৰে ভাৰত-পাকিস্তানৰ খেল চাবলৈ ব্যক্তিজনে আমেৰিকালৈ আহে। ভাৰতে প্ৰথমে কৰা স্ক’ৰ দেখি তেওঁ অনুভৱ কৰিছিল যে তেওঁৰ ত্যাগ সফল হ’ব কিন্তু ভাৰতীয় দলটোৱে এক উজ্জ্বল প্ৰত্যাৱৰ্তন কৰি তেওঁৰ ইচ্ছাক ভেঙুচালি কৰে। পাকিস্তান পৰাস্ত হোৱা দেখি হতাশগ্ৰস্ত হৈ পৰিছে ব্যক্তিজন। খেলৰ অন্তত ব্যক্তিজনে পাকিস্তানক অধিক কঠোৰ পৰিশ্ৰম কৰিবলৈ পৰামৰ্শ দিয়ে।

টি-২০ বিশ্বকাপ ২০২৪ৰ ১৯ সংখ্যক মেচত দেওবাৰে ভাৰত আৰু পাকিস্তানৰ মাজত খেল অনুষ্ঠিত হয়। টছত পৰাস্ত হোৱাৰ পাছত ভাৰতীয় দলটোৱে প্ৰথমে বেটিং কৰিবলৈ আহি ১৯ অভাৰত ১০ উইকেটত ১১৯ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত পাকিস্তান দলে ২০ অভাৰত ৭ উইকেটৰ বিনিময়ত মাত্ৰ ১১৩ ৰানহে কৰিব পাৰিছিল। 

যশপ্ৰীত বুমৰাহৰ মাৰাত্মক বলিঙৰ ফলত ৰোহিত শৰ্মাৰ সেনাই ৬ ৰানত জয়লাভ কৰে। এই খেলখনত বেগী বলাৰগৰাকীয়ে মুঠ তিনিটা উইকেট দখল কৰে। তেওঁৰ চাৰি অভাৰ স্পেলত ৩.৫০ ইকনমি ৰেটত মাত্ৰ ১৪ ৰান খৰচ কৰি মেচখন ভাৰতৰ সপক্ষে ঘূৰাই দিয়ে। এই উজ্জ্বল প্ৰদৰ্শনৰ বাবে তেওঁক মেচৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত কৰা হয়। ইয়াৰ পূৰ্বে ২০২৩ চনৰ এদিনীয়া বিশ্বকাপত বুমৰাহে পাকিস্তানৰ বিৰুদ্ধে ১৯ ৰানত দুটা উইকেট দখল কৰি খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে পৰিগণিত হৈছিল।





FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ