--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: এইবাৰ তেলেংগানাত ডাবল ইঞ্জিনৰ ধাৰণা প্ৰক্ষেপ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে৷ আজি হায়দৰাবাদত অনুষ্ঠিত এখন জনসভাত ভাষণ প্ৰসংগত তেলেংগানাবাসীয়ে দ্বৈত ইঞ্জিনৰ বিকাশ বিচাৰে বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷

প্ৰধানমন্ত্ৰী মোদীয়ে আজি কয় যে কেন্দ্ৰৰ এনডিএ চৰকাৰে বিগত আঠ বছৰত প্ৰতিজন ভাৰতীয়ৰ জীৱনত ইতিবাচক পৰিৱৰ্তন আনিবলৈ আৰু মানুহৰ জীৱন সহজ কৰি তুলিবলৈ চেষ্টা কৰি আহিছে। তেলেংগানাবাসীয়েও দ্বৈত ইঞ্জিনৰ বিকাশৰ বাবে আগ্ৰহী আৰু ৰাজ্যখনত বিজেপি শাসনলৈ আহিলে এইটো পূৰণ হ'ব বুলি তেওঁ দৃঢ়তাৰে মন্তব্য কৰে৷

উল্লেখযোগ্য যে, অহাবৰ্ষত তেলেংগানাত অনুষ্ঠিত হব বিধানসভাৰ নিৰ্বাচন৷ বিজেপিয়ে লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যখনৰ বিধানসভা দখল কৰিবলৈ যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে৷

ডাবল ইঞ্জিন চৰকাৰ বা বিকাশ হৈছে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিয়ে কেন্দ্ৰৰ এনডিএ চৰকাৰৰ সহায়ত দল শাসিত ৰাজ্যসমূহত অগ্ৰগতি সম্পৰ্কে কৰা প্ৰসংগৰ উত্থাপন৷

২০১৪ চনৰ পৰা কে চন্দ্ৰশেখৰ ৰাও নেতৃত্বাধীন তেলেংগানা ৰাষ্ট্ৰ সমিতিয়ে (টিআৰএছ) শাসন কৰি থকা তেলেংগানাত বিজেপি চৰকাৰ শাসনলৈ অহাৰ পিছত উন্নয়নৰ গতি দ্ৰুত হব বুলি আজিৰ জনসভাত প্ৰধানমন্ত্ৰীগৰাকীয়ে দোহাৰে৷

কোভিড-১৯ মহামাৰীৰ সময়ত তেওঁৰ চৰকাৰে তেলেংগানাৰ প্ৰতিটো পৰিয়ালক সহায় কৰিবলৈ চেষ্টা কৰিছিল বুলিও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয় যে দলটোৰ প্ৰতি তেলেংগানাবাসীৰ মৰমৰ কথা মনত ৰাখিয়ে বিজেপিয়ে ২ আৰু ৩ জুলাইত ইয়াত দুদিনীয়া ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰিছিল৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান