--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: এইবাৰ তেলেংগানাত ডাবল ইঞ্জিনৰ ধাৰণা প্ৰক্ষেপ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে৷ আজি হায়দৰাবাদত অনুষ্ঠিত এখন জনসভাত ভাষণ প্ৰসংগত তেলেংগানাবাসীয়ে দ্বৈত ইঞ্জিনৰ বিকাশ বিচাৰে বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷

প্ৰধানমন্ত্ৰী মোদীয়ে আজি কয় যে কেন্দ্ৰৰ এনডিএ চৰকাৰে বিগত আঠ বছৰত প্ৰতিজন ভাৰতীয়ৰ জীৱনত ইতিবাচক পৰিৱৰ্তন আনিবলৈ আৰু মানুহৰ জীৱন সহজ কৰি তুলিবলৈ চেষ্টা কৰি আহিছে। তেলেংগানাবাসীয়েও দ্বৈত ইঞ্জিনৰ বিকাশৰ বাবে আগ্ৰহী আৰু ৰাজ্যখনত বিজেপি শাসনলৈ আহিলে এইটো পূৰণ হ'ব বুলি তেওঁ দৃঢ়তাৰে মন্তব্য কৰে৷

উল্লেখযোগ্য যে, অহাবৰ্ষত তেলেংগানাত অনুষ্ঠিত হব বিধানসভাৰ নিৰ্বাচন৷ বিজেপিয়ে লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যখনৰ বিধানসভা দখল কৰিবলৈ যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে৷

ডাবল ইঞ্জিন চৰকাৰ বা বিকাশ হৈছে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিয়ে কেন্দ্ৰৰ এনডিএ চৰকাৰৰ সহায়ত দল শাসিত ৰাজ্যসমূহত অগ্ৰগতি সম্পৰ্কে কৰা প্ৰসংগৰ উত্থাপন৷

২০১৪ চনৰ পৰা কে চন্দ্ৰশেখৰ ৰাও নেতৃত্বাধীন তেলেংগানা ৰাষ্ট্ৰ সমিতিয়ে (টিআৰএছ) শাসন কৰি থকা তেলেংগানাত বিজেপি চৰকাৰ শাসনলৈ অহাৰ পিছত উন্নয়নৰ গতি দ্ৰুত হব বুলি আজিৰ জনসভাত প্ৰধানমন্ত্ৰীগৰাকীয়ে দোহাৰে৷

কোভিড-১৯ মহামাৰীৰ সময়ত তেওঁৰ চৰকাৰে তেলেংগানাৰ প্ৰতিটো পৰিয়ালক সহায় কৰিবলৈ চেষ্টা কৰিছিল বুলিও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয় যে দলটোৰ প্ৰতি তেলেংগানাবাসীৰ মৰমৰ কথা মনত ৰাখিয়ে বিজেপিয়ে ২ আৰু ৩ জুলাইত ইয়াত দুদিনীয়া ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰিছিল৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ