--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিশ্ব অৰ্থনৈতিক মঞ্চ(World Economic Forum)ৰ অনলাইন দাভোছ এজেণ্ডা ২০২২ সন্মিলনত ভিডিঅ’ কনফাৰেন্সৰ দ্বাৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণ দি থকা সময়তে কিছু সময়ৰ বাবে বিব্ৰত অনুভৱ কৰা দেখা গৈছিল। সেই সময়ছোৱাত তেওঁ কিছুসময় মৌনতা অৱলম্বন কৰি থকা দেখিবলৈ পোৱা গৈছিল। এই কথা এতিয়া সামাজিক মাধ্যমত আলোচনাৰ প্ৰধান বিষয় হৈ পৰিছে। ৰাহুল গান্ধীকে ধৰি কেইবাজনো দেশৰ বিৰোধী নেতাই মোদীৰ এই নিৰৱতাক সমালোচনা কৰা দেখিবলৈ পোৱা গৈছে। বহুতে মোদীৰ এই নিৰৱতা টেলিপ্ৰম্পটাৰৰ বিফলতা বুলি অভিহিত কৰিছে। বৰ্তমান টুইটাৰত #teleprompterPM ব্যৱহাৰ কৰি কৰা টুইটৰ হেজটেগ শীৰ্ষত থকা দেখা গৈছে। প্ৰধানমন্ত্ৰী গৰাকীয়ে ভাষণৰ সময়ত কেইটাও কথা কৈ তেওঁৰ বাওঁফালে চাইছিল আৰু আন কেইটামান শব্দ কৈয়েই পুনৰ সোঁফালে চাইছিল। এই সময়ছোৱাত প্ৰধানমন্ত্ৰীগৰাকীক যথেষ্ট অস্বস্তিত পৰা যেন দেখা গৈছিল। উল্লেখযোগ্য যে মোদীৰ এই ভাষণ হিন্দীৰ পৰা ইংৰাজীলৈ পোনপটীয়াভাৱে দোভাষীয়ে অনুবাদ কৰি গৈছিল। মোদীয়ে কথা কোৱাৰ দৰে ভংগী কৰিছিল যদিও একো কোৱা নাছিল। তেওঁ বাহু আৰু হাত সঞ্চালন কৰিছিল যদিও মুখেৰে নিৰৱতা অৱলম্বন কৰিছিল। তেওঁ তাৰ পাছত এটা কাণত ইয়াৰফোন সংযোগ কৰে আৰু ক্লাউছ শ্বাবক সম্বোধন কৰে। তেওঁ সোধে যে তেওঁ কোৱা কথাবোৰ সকলোৱে শুনি আছে নেকি? ডব্লিউইএফৰ কাৰ্যবাহী অধ্যক্ষ ক্লাউছ শ্বাবে উত্তৰ দিছে যে তেওঁ মোদীৰ কথা স্পষ্টভাৱে শুনি আছে। মোদীয়ে তেতিয়া পুনৰ সুধিছিল যে তেওঁৰ দোভাষীৰ কথা শুনিব পাৰিছেনে? অৱশেষত মোদীক ক্লাউছ শ্বাবে নতুনকৈ চিনাকী কৰাই দিয়া পাছত পুনৰ নতুনকৈ ভাষণ আৰম্ভ কৰে। এই ঘটনাক লৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধীকে ধৰি টুইটাৰত কেইবাজনো লোকে মন্তব্য প্ৰকাশ কৰিছে। তেওঁলোকে কয় যে এয়া আছিল টেলিপ্ৰম্পটাৰ বিফলতা। যাৰ বাবে প্ৰধানমন্ত্ৰীয়ে তেওঁৰ কথাৰ ধাৰাবাহিকতা অব্যাহত ৰাখিবলৈ সক্ষম নহ’ল। কিছুমানে মতপোষণ কৰে যে মোদীয়ে টেলিপ্ৰম্পটাৰৰ বাহিৰে কথা ক’ব নোৱাৰে। কিয়নো তেওঁৰ ভাষণটো পোনপটীয়াকৈ অনুবাদ কৰা হৈছিল আৰু দোভাষী আৰু টেলিপ্ৰম্পটাৰৰ হাতত একেখনেই স্ক্ৰিপ্ট আছিল। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে লিখিছে, 'इतना झूठ Teleprompter भी नहीं झेल पाया'। অৰ্থাৎ ইমানবোৰ ফাঁকি টেলিপ্ৰম্পটাৰেও সহ্য কৰিব নোৱাৰিলে। আনহাতে Fact Check প’ৰ্টেল অল্ট নিউজৰ প্ৰতীক সিনহা আৰু মহম্মদ জুবেইৰে টুইট কৰি কয় যে টেলিপ্ৰম্পটাৰৰ বিফলতাৰ সম্ভাৱনা নাই। তাৰ পৰিৱৰ্তে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ কোনোবাই তেওঁৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰি আছিল। তেওঁলোকৰ মতে এই কথা বিশ্ব অৰ্থনৈতিক মঞ্চৰ ভাষণৰ ভিডিঅ’ৰ পৰা স্পষ্ট হৈছে। এই ঘটনাৰ পাছতে এতিয়া বহু লোকে দাবী কৰিব বিচাৰিছে যে নৰেন্দ্ৰ মোদীয়ে তেওঁৰ বিশেষজ্ঞই লিখি দিয়া স্ক্ৰীপ্ট টেলিপ্ৰম্পটাৰত পঢ়ি জনসাধাৰণৰ আগত বক্তব্য ৰাখে। যাৰ বাবে তেওঁ প্ৰধানমন্ত্ৰী হোৱা দিন ধৰি আজি ৮ বছৰে কোনো সংবাদমেল সম্বোধন কৰা নাই। কাৰণ সাংবাদিকে সুধিব পৰা যিকোনো আকষ্মিক প্ৰশ্নৰ বাবে তেওঁ সাজু নাথাকে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ