--°C
Loading...
Listen to Article
2 min read
80%
ৱাশ্বিংটনঃ এগৰাকী প্ৰভাৱশালী প্ৰাক্তন ৰাষ্ট্ৰপতিলৈ আহিছে প্ৰাণেমৰাৰ ভাবুকি। তেওঁ আন কোনো নহয়। আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক হত্যা কৰাৰ এটা এনিমেটেড ভিডিঅ' মুকলি কৰিছে ইৰানে। দেশৰ সৰ্বোচ্চ ধৰ্মীয় নেতা আয়াতুল্লাহ আলী খামেনীৰ ৱেবছাইটত প্ৰকাশিত এই ভিডিঅ'টো খামেনীৰ টুইটাৰ একাউণ্টত প্ৰকাশ পাইছে। টুইটাৰত প্ৰকাশ পোৱাৰ পাছ মুহূৰ্ততে ভিডিঅ’টো ভাইৰেল হৈ পৰে। অৱশ্যে, পৰৱৰ্তী সময়ত ভিডিঅ'টো ডিলিট কৰা হয়। নীতিবিৰুদ্ধ এনে কাৰ্যৰ বাবে টুইটাৰ কৰ্তৃপক্ষই খামেনীৰ টুইটাৰ একাউণ্টো বন্ধ কৰি দিয়া বুলি জানিবলৈ পোৱা গৈছে। স্মৰ্তব্য যে, ট্ৰাম্পৰ নিৰ্দেশতে ২০২০চনত ইৰাণৰ ৰিভলিউশ্যনৰী গাৰ্ডৰ কুদছ বাহিনীৰ কমাণ্ডাৰ জেনেৰেল ছলোমনীক হত্যা কৰা হৈছিল। তেতিয়াৰে পৰা ট্ৰাম্পৰ প্ৰতি সদভাৱ নাই ইৰাণৰ। ট্ৰাম্পক কিদৰে হত্যা কৰা হ'ব সেই ধাৰণাৰে এনিমেটেড ভিডিঅ' এটা প্ৰস্তুত কৰিছিল নিউক্লিয়াৰ শক্তিসমৃদ্ধ দেশখনে। মনকৰিবলগীয়া যে, ২০২০ চনৰ ৩ জানুৱাৰীত ইৰাকৰ বাগদাদ বিমানবন্দৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ দ্ৰোণ আক্ৰমণত জেনেৰেল ছলোমনী নিহত হৈছিল। তেতিয়াৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ নিৰ্দেশতে যে ছলোমনীক হত্যা কৰা হৈছিল সেই কথা ট্ৰাম্পে স্বেচ্ছাই স্বীকাৰ কৰিছিল। তেতিয়াৰে পৰা ইৰাণে এই ঘটনাৰ ন্যায় বিচাৰি আছে। ঘটনাটোৰ উচিত তদন্ত নহ’লে ইৰানে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ওপৰত প্ৰতিশোধ লোৱাৰো অংগীকাৰ গ্ৰহণ কৰা বুলিও জানিবলৈ পোৱা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ