--°C
Loading...
Listen to Article
2 min read
80%
ৱাশ্বিংটনঃ এগৰাকী প্ৰভাৱশালী প্ৰাক্তন ৰাষ্ট্ৰপতিলৈ আহিছে প্ৰাণেমৰাৰ ভাবুকি। তেওঁ আন কোনো নহয়। আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক হত্যা কৰাৰ এটা এনিমেটেড ভিডিঅ' মুকলি কৰিছে ইৰানে। দেশৰ সৰ্বোচ্চ ধৰ্মীয় নেতা আয়াতুল্লাহ আলী খামেনীৰ ৱেবছাইটত প্ৰকাশিত এই ভিডিঅ'টো খামেনীৰ টুইটাৰ একাউণ্টত প্ৰকাশ পাইছে। টুইটাৰত প্ৰকাশ পোৱাৰ পাছ মুহূৰ্ততে ভিডিঅ’টো ভাইৰেল হৈ পৰে। অৱশ্যে, পৰৱৰ্তী সময়ত ভিডিঅ'টো ডিলিট কৰা হয়। নীতিবিৰুদ্ধ এনে কাৰ্যৰ বাবে টুইটাৰ কৰ্তৃপক্ষই খামেনীৰ টুইটাৰ একাউণ্টো বন্ধ কৰি দিয়া বুলি জানিবলৈ পোৱা গৈছে। স্মৰ্তব্য যে, ট্ৰাম্পৰ নিৰ্দেশতে ২০২০চনত ইৰাণৰ ৰিভলিউশ্যনৰী গাৰ্ডৰ কুদছ বাহিনীৰ কমাণ্ডাৰ জেনেৰেল ছলোমনীক হত্যা কৰা হৈছিল। তেতিয়াৰে পৰা ট্ৰাম্পৰ প্ৰতি সদভাৱ নাই ইৰাণৰ। ট্ৰাম্পক কিদৰে হত্যা কৰা হ'ব সেই ধাৰণাৰে এনিমেটেড ভিডিঅ' এটা প্ৰস্তুত কৰিছিল নিউক্লিয়াৰ শক্তিসমৃদ্ধ দেশখনে। মনকৰিবলগীয়া যে, ২০২০ চনৰ ৩ জানুৱাৰীত ইৰাকৰ বাগদাদ বিমানবন্দৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ দ্ৰোণ আক্ৰমণত জেনেৰেল ছলোমনী নিহত হৈছিল। তেতিয়াৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ নিৰ্দেশতে যে ছলোমনীক হত্যা কৰা হৈছিল সেই কথা ট্ৰাম্পে স্বেচ্ছাই স্বীকাৰ কৰিছিল। তেতিয়াৰে পৰা ইৰাণে এই ঘটনাৰ ন্যায় বিচাৰি আছে। ঘটনাটোৰ উচিত তদন্ত নহ’লে ইৰানে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ওপৰত প্ৰতিশোধ লোৱাৰো অংগীকাৰ গ্ৰহণ কৰা বুলিও জানিবলৈ পোৱা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু