--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গণতন্ত্ৰত সংবাদ মাধ্যমৰ ভূমিকা এখন দাপোণৰ দৰে৷অৰ্থাৎ সমাজত ঘটি থকা কাৰ্যসমূহৰ অৰ্থ আৰু ভাৱ সলনি নোহোৱাকৈ উপস্থাপন কৰা৷কিন্তু সেই সংবাদ মাধ্যমে যেতিয়া নিজৰ কাম সূচাৰুৰূপে কৰাত বিফল হয় তেতিয়া গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ প্ৰতি প্ৰশ্নৰ অৱতাৰণা হয়৷এই সামাজিক অৱক্ষয়ৰ মাজতে মত প্ৰকাশৰ স্বাধীনতা ৰক্ষাৰ সমান্তৰালকৈ অনুশাসন সুনিশ্চিত কৰিবলৈ টিভি নিউজ চেনেলসমূহৰ মাজত কঠোৰ আত্মনিয়ন্ত্ৰণৰ কথা পোষকতা কৰিছে সৰ্বোচ্চ ন্যায়ালয়ে।

হিন্দুস্তান টাইমছৰ প্ৰতিবেদন অনুসৰি আদালতে নিউজ ব্ৰডকাষ্টাৰ এছ’চিয়েশ্যন (এনবিএ) আৰু নিউজ ব্ৰডকাষ্টাৰ ফেডাৰেচনক ভুৱা চেনেলৰ সৈতে মোকাবিলা কৰাৰ ব্যৱস্থাটো শক্তিশালী কৰাৰ উপায়ৰ পৰামৰ্শ দিবলৈ আহ্বান জনায়৷নিউজ চেনেল এছ’চিয়েশ্যনে গ্ৰহণ কৰা আত্মনিয়ন্ত্ৰণ ব্যৱস্থাক আইনী মৰ্যাদা দিবলৈ অস্বীকাৰ কৰা এই সিদ্ধান্তৰ বিৰুদ্ধে এনবিএ-এ আবেদন জনাইছিল। আদালতে এনবিএ আৰু এনবিএফক নিজৰ পৰিচালনাৰ নীতি দাখিল কৰিবলৈ চাৰি সপ্তাহৰ সময় দিয়ে। এই সময়ছোৱাৰ পাছত পুনৰ গোচৰৰ শুনানি গ্ৰহণ কৰা হ’ব।

সোমবাৰে উচ্চতম ন্যায়ালয়ে কয় যে কঠোৰ আত্মনিয়ন্ত্ৰণ ব্যৱস্থাৰ অধীনত টিভি নিউজ চেনেলসমূহৰ মাজত উন্নত অনুশাসন থাকিব লাগে, লগতে তেওঁলোকৰ বাক আৰু মত প্ৰকাশৰ স্বাধীনতাৰ অধিকাৰ সুৰক্ষিত হ’ব লাগে।

ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু ন্যায়াধীশ মনোজ মিশ্ৰৰ বিচাৰপীঠে নিউজ ব্ৰডকাষ্টাৰ এছ'চিয়েচন (এনবিএ) আৰু নিউজ ব্ৰডকাষ্টাৰ ফেডাৰেচন (এনবিএফ)ক ভুৱা চেনেলৰ সৈতে মোকাবিলা কৰাৰ ব্যৱস্থা শক্তিশালী কৰিবলৈ কয় আৰু চাৰি সপ্তাহৰ পাছত শুনানিৰ বাবে বিষয়টো স্থগিত ৰাখে।বিচাৰপীঠে কয়, ‘নিয়ন্ত্ৰণৰ প্ৰথম স্তৰটো হ’ল সম্প্ৰচাৰকসকলৰ আত্মনিয়ন্ত্ৰণ। আমি প্ৰথম স্তৰটো নিজেই শক্তিশালী কৰিব বিচাৰো যিয়ে সংবিধানৰ ১৯(১)(ক) অনুচ্ছেদৰ অধীনত তেওঁলোকৰ বাক স্বাধীনতা আৰু মত প্ৰকাশৰ অধিকাৰ সুৰক্ষিত কৰে আৰু অনুশাসন আনে।’২০২১ চনৰ ১৮ জানুৱাৰীত বম্বে উচ্চ ন্যায়ালয়ে দিয়া ৰায়দানৰ বিৰুদ্ধে আপীল কৰিবলৈ এনবিএই বৰ্তমান নিউজ ব্ৰডকাষ্টাৰছ এণ্ড ডিজিটেল এছ’চিয়েশ্যন (এনবিডিএ) নামেৰে দাখিল কৰা আবেদনৰ ভিত্তিত এই নিৰ্দেশ দিয়া হৈছে এই উদ্দেশ্যে গ্ৰহণ কৰা ব্যৱস্থাটোক আইনী স্বীকৃতিৰ পৰা বঞ্চিত কৰা হৈছিল।





এনবিএৰ নিউজ ব্ৰডকাষ্টিং ষ্টেণ্ডাৰ্ডছ অথৰিটি (এনবিএছএ) নামৰ এটা নিয়ন্ত্ৰণ তত্বাৱধায়ক সংস্থা আছে, যাৰ নেতৃত্বত আছে উচ্চতম ন্যায়ালয়ৰ এজন প্ৰাক্তন ন্যায়াধীশ, যিয়ে যোৱা ১৪ বছৰ ধৰি কাম কৰি আহিছে। অৱশ্যে সকলো চেনেল এনবিএৰ অংশ নহয় আৰু উলংঘা কৰিলে কৰ্তৃপক্ষই নামমাত্ৰ ১ লাখ টকাৰ জৰিমনাহে আৰোপ কৰিব পাৰে, যিটো উচ্চতম ন্যায়ালয়ে অকাৰ্যকৰী বুলি বিবেচনা কৰে।


উল্লেখ্য যে সংশ্লিষ্ট মন্ত্ৰালয়ৰ আপলিংকিং আৰু ডাউনলিংকিং নীতি নিৰ্দেশনাৰ অধীনত ৩৯৪ টা টিভি নিউজ চেনেল পঞ্জীয়ন আৰু অনুজ্ঞাপত্ৰ লাভ কৰিছে। এনবিএ বা এনবিডিএৰ সদস্য হিচাপে ৩৯৪টা নিউজ চেনেলৰ ভিতৰত ৭১টা, আনহাতে এনবিএফত ৪৬টা সম্প্ৰচাৰকক সদস্য হিচাপে গণ্য কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সুযোগ পায়ো কিয় বিশ্বকাপলৈ যোৱা নাছিল ভাৰত?
মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱলৈ ‘হৰিনাৰায়ণ’
১৯০টালৈ বৃদ্ধি ভাৰতৰ পাৰমাণৱিক বোমা; ৫৪২০টা পাৰমাণৱিক বোমাৰে শীৰ্ষস্থানত ৰাছিয়া
ফুটবল জ্বৰত আক্ৰান্ত ডিফু! পুতুল বৰাৰ বাসগৃহত এইবাৰো চলিছে বিশেষ আয়োজন
ইণ্ডিয়া মর্চাই গ্রহণ কৰিলে পাঁচদফীয়া কর্মসূচী
বিশ্বকাপৰ মেচ খেলিয়েই আমেৰিকা এৰিব লাগিব ইৰানে
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement