--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গণতন্ত্ৰত সংবাদ মাধ্যমৰ ভূমিকা এখন দাপোণৰ দৰে৷অৰ্থাৎ সমাজত ঘটি থকা কাৰ্যসমূহৰ অৰ্থ আৰু ভাৱ সলনি নোহোৱাকৈ উপস্থাপন কৰা৷কিন্তু সেই সংবাদ মাধ্যমে যেতিয়া নিজৰ কাম সূচাৰুৰূপে কৰাত বিফল হয় তেতিয়া গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ প্ৰতি প্ৰশ্নৰ অৱতাৰণা হয়৷এই সামাজিক অৱক্ষয়ৰ মাজতে মত প্ৰকাশৰ স্বাধীনতা ৰক্ষাৰ সমান্তৰালকৈ অনুশাসন সুনিশ্চিত কৰিবলৈ টিভি নিউজ চেনেলসমূহৰ মাজত কঠোৰ আত্মনিয়ন্ত্ৰণৰ কথা পোষকতা কৰিছে সৰ্বোচ্চ ন্যায়ালয়ে।

হিন্দুস্তান টাইমছৰ প্ৰতিবেদন অনুসৰি আদালতে নিউজ ব্ৰডকাষ্টাৰ এছ’চিয়েশ্যন (এনবিএ) আৰু নিউজ ব্ৰডকাষ্টাৰ ফেডাৰেচনক ভুৱা চেনেলৰ সৈতে মোকাবিলা কৰাৰ ব্যৱস্থাটো শক্তিশালী কৰাৰ উপায়ৰ পৰামৰ্শ দিবলৈ আহ্বান জনায়৷নিউজ চেনেল এছ’চিয়েশ্যনে গ্ৰহণ কৰা আত্মনিয়ন্ত্ৰণ ব্যৱস্থাক আইনী মৰ্যাদা দিবলৈ অস্বীকাৰ কৰা এই সিদ্ধান্তৰ বিৰুদ্ধে এনবিএ-এ আবেদন জনাইছিল। আদালতে এনবিএ আৰু এনবিএফক নিজৰ পৰিচালনাৰ নীতি দাখিল কৰিবলৈ চাৰি সপ্তাহৰ সময় দিয়ে। এই সময়ছোৱাৰ পাছত পুনৰ গোচৰৰ শুনানি গ্ৰহণ কৰা হ’ব।

সোমবাৰে উচ্চতম ন্যায়ালয়ে কয় যে কঠোৰ আত্মনিয়ন্ত্ৰণ ব্যৱস্থাৰ অধীনত টিভি নিউজ চেনেলসমূহৰ মাজত উন্নত অনুশাসন থাকিব লাগে, লগতে তেওঁলোকৰ বাক আৰু মত প্ৰকাশৰ স্বাধীনতাৰ অধিকাৰ সুৰক্ষিত হ’ব লাগে।

ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু ন্যায়াধীশ মনোজ মিশ্ৰৰ বিচাৰপীঠে নিউজ ব্ৰডকাষ্টাৰ এছ'চিয়েচন (এনবিএ) আৰু নিউজ ব্ৰডকাষ্টাৰ ফেডাৰেচন (এনবিএফ)ক ভুৱা চেনেলৰ সৈতে মোকাবিলা কৰাৰ ব্যৱস্থা শক্তিশালী কৰিবলৈ কয় আৰু চাৰি সপ্তাহৰ পাছত শুনানিৰ বাবে বিষয়টো স্থগিত ৰাখে।বিচাৰপীঠে কয়, ‘নিয়ন্ত্ৰণৰ প্ৰথম স্তৰটো হ’ল সম্প্ৰচাৰকসকলৰ আত্মনিয়ন্ত্ৰণ। আমি প্ৰথম স্তৰটো নিজেই শক্তিশালী কৰিব বিচাৰো যিয়ে সংবিধানৰ ১৯(১)(ক) অনুচ্ছেদৰ অধীনত তেওঁলোকৰ বাক স্বাধীনতা আৰু মত প্ৰকাশৰ অধিকাৰ সুৰক্ষিত কৰে আৰু অনুশাসন আনে।’২০২১ চনৰ ১৮ জানুৱাৰীত বম্বে উচ্চ ন্যায়ালয়ে দিয়া ৰায়দানৰ বিৰুদ্ধে আপীল কৰিবলৈ এনবিএই বৰ্তমান নিউজ ব্ৰডকাষ্টাৰছ এণ্ড ডিজিটেল এছ’চিয়েশ্যন (এনবিডিএ) নামেৰে দাখিল কৰা আবেদনৰ ভিত্তিত এই নিৰ্দেশ দিয়া হৈছে এই উদ্দেশ্যে গ্ৰহণ কৰা ব্যৱস্থাটোক আইনী স্বীকৃতিৰ পৰা বঞ্চিত কৰা হৈছিল।





এনবিএৰ নিউজ ব্ৰডকাষ্টিং ষ্টেণ্ডাৰ্ডছ অথৰিটি (এনবিএছএ) নামৰ এটা নিয়ন্ত্ৰণ তত্বাৱধায়ক সংস্থা আছে, যাৰ নেতৃত্বত আছে উচ্চতম ন্যায়ালয়ৰ এজন প্ৰাক্তন ন্যায়াধীশ, যিয়ে যোৱা ১৪ বছৰ ধৰি কাম কৰি আহিছে। অৱশ্যে সকলো চেনেল এনবিএৰ অংশ নহয় আৰু উলংঘা কৰিলে কৰ্তৃপক্ষই নামমাত্ৰ ১ লাখ টকাৰ জৰিমনাহে আৰোপ কৰিব পাৰে, যিটো উচ্চতম ন্যায়ালয়ে অকাৰ্যকৰী বুলি বিবেচনা কৰে।


উল্লেখ্য যে সংশ্লিষ্ট মন্ত্ৰালয়ৰ আপলিংকিং আৰু ডাউনলিংকিং নীতি নিৰ্দেশনাৰ অধীনত ৩৯৪ টা টিভি নিউজ চেনেল পঞ্জীয়ন আৰু অনুজ্ঞাপত্ৰ লাভ কৰিছে। এনবিএ বা এনবিডিএৰ সদস্য হিচাপে ৩৯৪টা নিউজ চেনেলৰ ভিতৰত ৭১টা, আনহাতে এনবিএফত ৪৬টা সম্প্ৰচাৰকক সদস্য হিচাপে গণ্য কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক