--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ সংসদ আৰু বিধানসভাসমূহত মহিলাৰ বাবে ৩৩ শতাংশ আসন সংৰক্ষণৰ পথ প্ৰশস্ত হোৱাৰ দিশত৷   মহিলা সংৰক্ষণ বিধেয়ক গৃহীত কৰাৰ বাবে বিগত ২৭ বছৰ  ধৰি দাবী উত্থাপন হৈ আহিছে৷ সোমবাৰে মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেটৰ বিশেষ বৈঠকত মহিলা সংৰক্ষণ বিধেয়ক সন্দৰ্ভত ইতিবাচক ইংগিত দিয়া হয়৷ সেইমৰ্মে কাইলৈ (বুধবাৰ) লোকসভাত বিধেয়ক খন উত্থপন হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে৷ 

এনে সময়তে কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী  ছোনিয়া গান্ধীয়ে মঙলবাৰে মহিলা সংৰক্ষণ বিধেয়কৰ প্ৰতি পূৰ্ণ  সমৰ্থন থকাৰ কথা  ব্যক্ত কৰে। ছোনিয়া গান্ধীয়ে কয়  'এই বিধেয়কখন আমাৰ'৷ ছোনিয়া গান্ধীয়ে এনে মন্তব্যৰ জড়িয়তে কংগ্ৰেছ যে  দীৰ্ঘ দিনধৰি প্ৰতীক্ষিত আইনৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ সেই কথাকেই প্ৰতীয়মান কৰিছে। লোকসভা আৰু ৰাজ্যসভাৰ যুটীয়া অধিৱেশনত অংশগ্ৰহণ কৰিবলৈ সংসদত প্ৰৱেশ কৰাৰ সময়তে ছোনিয়া গান্ধীয়ে সাংবাদিকক কয় যে মহিলা সংৰক্ষণ বিধেয়ক তেওঁৰ দলৰ এক পুৰণি  উদ্যোগ আৰু অৱশেষত ইয়াক উত্থাপন কৰিবলৈ লোৱা সিদ্ধান্তত তেওঁ সুখী অনুভৱ কৰিছে। 

নিম্ন সদন আৰু ৰাজ্যিক বিধানসভাসমূহত মহিলাসকলক ৩৩ শতাংশ সংৰক্ষণ দিয়াৰ লক্ষ্যৰে নিৰ্ধাৰিত এই ঐতিহাসিক বিধেয়কখন সন্দৰ্ভত সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অনুষ্ঠিত এখন বৈঠকত কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনায়। বিধেয়কখন ৰাজ্যসভাই ২০১০ চনতে গৃহীত কৰিছিল, কিন্তু লোকসভাত বিধেয়ক খন গৃহীত কৰিব পৰা হোৱা নাছিল৷  কংগ্ৰেছৰ সাংসদ অধীৰ ৰঞ্জন চৌধুৰীয়ে চৰকাৰক যিমান সম্ভৱ সোনকালে বিধেয়কখন গৃহীত কৰিবলৈ আহ্বান জনাইছে৷ তেওঁ কৈছে  যে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীয়ে ইউপিএ শাসনত থকাৰ সময়তে  বিধেয়কখনৰ বাবে দাবী আৰম্ভ কৰিছিল। 





 কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশেও কেবিনেটৰ সিদ্ধান্তক আদৰণি জনাই কয় যে তেওঁৰ দলে দীৰ্ঘদিন ধৰি বিধেয়কখন গৃহীত কৰাৰ বাবে চেষ্টা চলাই আহিছে।  এক্সত ৰমেশে কয়  যে তেওঁ বিধেয়কখনৰ  বিস্তৃত বিৱৰণৰ বাবে অপেক্ষা কৰি আছিল। তেওঁ লগতে কয় যে বিশেষ অধিৱেশনৰ  পূৰ্বে সৰ্বদলীয় বৈঠকত বিধেয়কখনৰ বিষয়ে চৰকাৰে  আলোচনা কৰিব পাৰিলেহেঁতেন ৷ বিধেয়কখনে প্ৰস্তাৱ দিছে যে লোকসভা আৰু ৰাজ্যিক বিধানসভাৰ মুঠ আসনৰ এক-তৃতীয়াংশ, অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত আসনসহ, মহিলাসকলৰ বাবে সংৰক্ষিত থাকিব। সংৰক্ষণ সংসদৰ দ্বাৰা নিৰ্ধাৰিত কৰ্তৃপক্ষৰ দ্বাৰা কৰা হ'ব। এই সংশোধনী আইন কাৰ্যকৰী  হোৱাৰ পৰা ১৫ বছৰৰ পিছত সংৰক্ষণৰ ম্যাদ উকলি যাব।বিধেয়কখন গৃহীত হ’লে মহিলাসকলে দেশৰ ৰাজনীতিত পুৰুষৰ সমানে আগুৱাই  যাব পাৰিব৷ 
FOLLOW US F
POPULAR
FEATURE
TRENDY
২০ বছৰে ক’মাত থকাৰ পাছত অৱশেষত মৃত্যুক সাবটিলে 'স্লিপিং প্ৰিন্স' নামেৰে জনাজাত যুৱকজনে
ৰাষ্ট্ৰসংঘৰ মজিয়াত সন্ত্রাসবাদীক মুকলি সমর্থন পাকিস্তানৰ
ধনৰ অবৈধ সৰবৰাহ! ছট্টিশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্রী বাঘেলৰ পুত্ৰক গ্ৰেপ্তাৰ
কাইলৈ শাওণ মাহৰ প্ৰথমটো সোমবাৰ; ব্ৰত ৰখাৰ নিয়ম জানি লওক, নহ'লে পূজা হʼব আধৰুৱা
অলিম্পিকত নাথাকিব ভাৰত-পাকিস্তানৰ মেচ
এছিয়া কাপ ক্রিকেট প্রতিযোগিতাক লৈ অনিশ্চয়তাৰ সৃষ্টি
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে
ধোঁৱাচাঙত ৰাজ্যৰ জলসিঞ্চন বিভাগ ; কামপুৰত বতৰৰ ওপৰত নিৰ্ভৰশীল কৃষকে ৰুব পৰা নাই ভূঁই
পাকিস্তানক সহায়ৰ বাবে আগবাঢ়িছে ভাৰতৰ বন্ধু ৰাষ্ট্ৰ! ঐতিহাসিক চুক্তিত স্বাক্ষৰ...
অখিল গগৈৰ বিৰুদ্ধে মহিলা আয়োগত অভিযোগ দাখিল লাকী গগৈ নামৰ এগৰাকী মহিলাৰ
ঋষভ পন্তে ভংগ কৰিলে এম এছ ধোনীৰ অভিলেখ
৮৭ কোটি টকাত বিক্ৰী হ’ল এটা হেণ্ডবেগ! জানো আহক এই বেগৰ ৰহস্য
কোটিৰ ঘৰৰ পৰা কোটিৰ বাহনলৈ! জানক অনন্ত আম্বানীৰ বিলাসীতাৰ কথা
শুভাংশু শুক্লাৰ ওভতনি যাত্ৰা ; আজি পৃথিৱীত পদার্পণ কৰিব শুভাংশু শুক্লাই