--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ সংসদ আৰু বিধানসভাসমূহত মহিলাৰ বাবে ৩৩ শতাংশ আসন সংৰক্ষণৰ পথ প্ৰশস্ত হোৱাৰ দিশত৷   মহিলা সংৰক্ষণ বিধেয়ক গৃহীত কৰাৰ বাবে বিগত ২৭ বছৰ  ধৰি দাবী উত্থাপন হৈ আহিছে৷ সোমবাৰে মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেটৰ বিশেষ বৈঠকত মহিলা সংৰক্ষণ বিধেয়ক সন্দৰ্ভত ইতিবাচক ইংগিত দিয়া হয়৷ সেইমৰ্মে কাইলৈ (বুধবাৰ) লোকসভাত বিধেয়ক খন উত্থপন হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে৷ 

এনে সময়তে কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী  ছোনিয়া গান্ধীয়ে মঙলবাৰে মহিলা সংৰক্ষণ বিধেয়কৰ প্ৰতি পূৰ্ণ  সমৰ্থন থকাৰ কথা  ব্যক্ত কৰে। ছোনিয়া গান্ধীয়ে কয়  'এই বিধেয়কখন আমাৰ'৷ ছোনিয়া গান্ধীয়ে এনে মন্তব্যৰ জড়িয়তে কংগ্ৰেছ যে  দীৰ্ঘ দিনধৰি প্ৰতীক্ষিত আইনৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ সেই কথাকেই প্ৰতীয়মান কৰিছে। লোকসভা আৰু ৰাজ্যসভাৰ যুটীয়া অধিৱেশনত অংশগ্ৰহণ কৰিবলৈ সংসদত প্ৰৱেশ কৰাৰ সময়তে ছোনিয়া গান্ধীয়ে সাংবাদিকক কয় যে মহিলা সংৰক্ষণ বিধেয়ক তেওঁৰ দলৰ এক পুৰণি  উদ্যোগ আৰু অৱশেষত ইয়াক উত্থাপন কৰিবলৈ লোৱা সিদ্ধান্তত তেওঁ সুখী অনুভৱ কৰিছে। 

নিম্ন সদন আৰু ৰাজ্যিক বিধানসভাসমূহত মহিলাসকলক ৩৩ শতাংশ সংৰক্ষণ দিয়াৰ লক্ষ্যৰে নিৰ্ধাৰিত এই ঐতিহাসিক বিধেয়কখন সন্দৰ্ভত সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অনুষ্ঠিত এখন বৈঠকত কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনায়। বিধেয়কখন ৰাজ্যসভাই ২০১০ চনতে গৃহীত কৰিছিল, কিন্তু লোকসভাত বিধেয়ক খন গৃহীত কৰিব পৰা হোৱা নাছিল৷  কংগ্ৰেছৰ সাংসদ অধীৰ ৰঞ্জন চৌধুৰীয়ে চৰকাৰক যিমান সম্ভৱ সোনকালে বিধেয়কখন গৃহীত কৰিবলৈ আহ্বান জনাইছে৷ তেওঁ কৈছে  যে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীয়ে ইউপিএ শাসনত থকাৰ সময়তে  বিধেয়কখনৰ বাবে দাবী আৰম্ভ কৰিছিল। 





 কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশেও কেবিনেটৰ সিদ্ধান্তক আদৰণি জনাই কয় যে তেওঁৰ দলে দীৰ্ঘদিন ধৰি বিধেয়কখন গৃহীত কৰাৰ বাবে চেষ্টা চলাই আহিছে।  এক্সত ৰমেশে কয়  যে তেওঁ বিধেয়কখনৰ  বিস্তৃত বিৱৰণৰ বাবে অপেক্ষা কৰি আছিল। তেওঁ লগতে কয় যে বিশেষ অধিৱেশনৰ  পূৰ্বে সৰ্বদলীয় বৈঠকত বিধেয়কখনৰ বিষয়ে চৰকাৰে  আলোচনা কৰিব পাৰিলেহেঁতেন ৷ বিধেয়কখনে প্ৰস্তাৱ দিছে যে লোকসভা আৰু ৰাজ্যিক বিধানসভাৰ মুঠ আসনৰ এক-তৃতীয়াংশ, অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত আসনসহ, মহিলাসকলৰ বাবে সংৰক্ষিত থাকিব। সংৰক্ষণ সংসদৰ দ্বাৰা নিৰ্ধাৰিত কৰ্তৃপক্ষৰ দ্বাৰা কৰা হ'ব। এই সংশোধনী আইন কাৰ্যকৰী  হোৱাৰ পৰা ১৫ বছৰৰ পিছত সংৰক্ষণৰ ম্যাদ উকলি যাব।বিধেয়কখন গৃহীত হ’লে মহিলাসকলে দেশৰ ৰাজনীতিত পুৰুষৰ সমানে আগুৱাই  যাব পাৰিব৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
হৰমুজ প্রণালীক লৈ আমেৰিকাক চৰ্ত আৰোপ ইৰানৰ; গুৰুত্বপূৰ্ণ জলপথটোৰ মুকলিত পুনৰ অনিশ্চয়তা
পাহাৰৰ মাটি কটাৰ ভয়ংকৰ পৰিণতি! ৰঙা মাটি-পানীয়ে বুৰালে হাতীশিলা গণেশ মন্দিৰ
আৰক্ষী আৰু আছাম ৰাইফলছৰ যৌথ অভিযানত কাছাৰৰ বদৰপুৰ ঘাটত ১৩ কোটি টকাৰ ড্ৰাগছ জব্দ; এজনক গ্ৰেপ্তাৰ
১২ আগষ্টত ঘটিব ৩টা মহাজাগতিক ঘটনা
প্রলয়ংকৰী বানত পোত গ’ল উজনিৰ ৪ জিলাৰ হাজাৰ হাজাৰ বিঘা খেতিপথাৰ
UPIৰ লেনদেনত গ্রাহকে ভৰিব নালাগে মাচুল: নির্মলা সীতাৰমণ
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ