--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী বিষয়াৰ অত্যাচাৰত অতিষ্ঠ হৈ এজন লাইনমেনে কৰিলে আত্মহত্যা। ঘটনাটো সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰী জিলাত। বিদ্যুৎ বিভাগত লাইনমেন হিচাপে কাম কৰা গকুল প্ৰসাদ নামৰ লোকজনে নিজৰ ট্ৰেন্সফাৰ বিচাৰিছিল। 

বিদ্যুৎ বিভাগৰ কনিষ্ঠ অভিযন্তা নগেন্দ্ৰ কুমাৰে গকুল প্ৰসাদক প্ৰস্তাৱ দিয়ে যে ''যদি তুমি ট্ৰেন্সফাৰ বিচাৰা তেন্তে তোমাৰ পত্নীক মোৰ ওচৰলৈ পঠাই দিয়া। তেওঁ মোৰ লগত শুব লাগিব।'' এই কথাত মানসিকভাৱে আঘাত পাই গকুল প্ৰসাদে নিজৰ গাত পেট্ৰ'ল ঢালি জুই লগাই দিয়ে। পালিয়া আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত এখন চহৰৰ এটা বিদ্যুৎ উপ-কেন্দ্ৰত কাম কৰা কৰা লাইনমেন গকুল প্ৰসাদে নগেন্দ্ৰ কুমাৰৰ নিৰ্যাতনত বিৰক্ত হৈ নিজৰ গাত পেট্ৰ'ল ঢালি জ্বলাই দিয়ে। 

গোকুল প্ৰসাদে পালিয়া পাৱাৰ চাব ষ্টেচনৰ কাৰ্যালয়ৰ বাহিৰত নিজৰ গাত পেট্ৰ'ল ঢালি জুই লগাই আত্মহত্যা কৰে। ঘটনাটোৰ বিষয়ে জানিব পাৰি পৰিয়ালৰ সদস্যসকলে জুইত জ্বলি যোৱা গকুল প্ৰসাদক চিকিৎসাৰ বাবে জিলা চিকিৎসালয়লৈ লৈ আহে। উন্নত চিকিৎসাৰ বাবে তেওঁক লক্ষ্ণৌলৈ লৈ যোৱা হয়। 

চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় গকুল প্ৰসাদৰ। বিষয়টোৰ গুৰুত্ব বিবেচনা কৰি লখিমপুৰ খেৰী জিলাৰ ডিএম মহেন্দ্ৰ বাহাদুৰ সিঙে বিদ্যুৎ নগেন্দ্ৰ কুমাৰক তাৎক্ষণিকভাৱে নিলম্বন কৰিছে।গকুল প্ৰসাদৰ পৰিয়ালৰ সদস্যসকলে নগেন্দ্ৰ কুমাৰ আৰু অন্যান্য কৰ্মচাৰীৰ বিৰুদ্ধে আৰক্ষীক লিখিত অভিযোগ দাখিল কৰিছে। আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ ক্ষীপ্ৰ তদন্তত নামি পৰিছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন