--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তেওঁ গুজৰাটৰ গিৰ অভয়াৰণ্যৰ এগৰাকী অতন্দ্ৰ ‘শ্বেৰ্নি’। তেওঁ হৈছে ৰাচিলা ভাদেৰ। ৰচিলাই ২০০৭ চনত বন বিভাগৰ পৰীক্ষাত উত্তীৰ্ণ হৈছিল। তাৰ পাছৰে তেওঁ অত্যন্ত সক্ৰিয়ৰূপত বন্যপ্ৰাণী হকে কাম কৰি আহিছে। তদুপৰি গুজৰাট বন বিভাগত বন্যপ্ৰাণী উদ্ধাৰৰ কামত যোগদান কৰা তেওঁৱেই হৈছে প্ৰথম মহিলা কৰ্মী। পূৰ্বতে তেওঁ ট্যুৰিষ্ট গাইড হিচাপে কাম কৰিছিল। আইএফএছ বিষয়া পাৰবীন কাছৱানৰ মতে, ৩৬ বছৰীয়া ৰচিলা ভাদৰে এতিয়ালৈকে এক হাজাৰৰো অধিক বন্যপ্ৰাণী ৰক্ষা কৰিছে। ৩০০টা সিংহ, ৫০০ টা নাহৰফুটুকী বাঘ, কুঁৱৰী আৰু অজগৰ উদ্ধাৰ কৰিছে ৰাচিলা ভাদেৰে। তেওঁ আনকি গভীৰ কুঁৱাৰ পৰাও বন্যপ্ৰাণী উদ্ধাৰ কৰিছে। পাৰভিনে ৰচিলাৰ সাহসিকতাৰ কাহিনী প্ৰকাশ কৰাৰ লগতে তাইৰ সাহসিকতাৰ কামৰ বহুকেইখন ফটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে। ৰচিলা গুজৰাট বন বিভাগৰ প্ৰথমগৰাকী মহিলা দলৰ অংশ আছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থাকোতে বন্যপ্ৰাণী সংৰক্ষণৰ বাবে এই বিশেষ দলটোৰ গঠনৰ নিৰ্দেশ দিছিল। তেতিয়াৰ পৰা, ৰাচিলাই বন্যপ্ৰাণী উদ্ধাৰৰ লগতে তেওঁলোকৰ যত্ন লোৱাৰ বাবে কাম কৰি আহিছে, সমান্তৰালকৈ তেওঁ গিৰৰ বন্য জন্তুৰ চোৰাং ব্যৱসায় বন্ধ কৰাৰ কামও কৰি আছে। উল্লেখ্য যে, বন্য জন্তুবোৰৰ উদ্ধাৰ কাৰ্য যথেষ্ট কঠিন হয়। ইয়াৰ উপৰি, সেই কামৰ বাবে কোনো নিৰ্দিষ্ট সময় নাথাকে। অৱশ্যে, ৰচিলাই ইয়াকো দক্ষতাৰে কৰি আছে। জন্তুবোৰ উদ্ধাৰতে ৰচিলাৰ নিজৰ দায়িত্ব সামৰি নথয়, তাৰ পাছতো তেওঁ জন্তুবোৰক ঔষধ লগোৱা, খাদ্য দিয়া, বেজি দিয়া আদি কাম নিপুনভাৱে কৰি আহিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন