--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তেওঁ গুজৰাটৰ গিৰ অভয়াৰণ্যৰ এগৰাকী অতন্দ্ৰ ‘শ্বেৰ্নি’। তেওঁ হৈছে ৰাচিলা ভাদেৰ। ৰচিলাই ২০০৭ চনত বন বিভাগৰ পৰীক্ষাত উত্তীৰ্ণ হৈছিল। তাৰ পাছৰে তেওঁ অত্যন্ত সক্ৰিয়ৰূপত বন্যপ্ৰাণী হকে কাম কৰি আহিছে। তদুপৰি গুজৰাট বন বিভাগত বন্যপ্ৰাণী উদ্ধাৰৰ কামত যোগদান কৰা তেওঁৱেই হৈছে প্ৰথম মহিলা কৰ্মী। পূৰ্বতে তেওঁ ট্যুৰিষ্ট গাইড হিচাপে কাম কৰিছিল। আইএফএছ বিষয়া পাৰবীন কাছৱানৰ মতে, ৩৬ বছৰীয়া ৰচিলা ভাদৰে এতিয়ালৈকে এক হাজাৰৰো অধিক বন্যপ্ৰাণী ৰক্ষা কৰিছে। ৩০০টা সিংহ, ৫০০ টা নাহৰফুটুকী বাঘ, কুঁৱৰী আৰু অজগৰ উদ্ধাৰ কৰিছে ৰাচিলা ভাদেৰে। তেওঁ আনকি গভীৰ কুঁৱাৰ পৰাও বন্যপ্ৰাণী উদ্ধাৰ কৰিছে। পাৰভিনে ৰচিলাৰ সাহসিকতাৰ কাহিনী প্ৰকাশ কৰাৰ লগতে তাইৰ সাহসিকতাৰ কামৰ বহুকেইখন ফটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে। ৰচিলা গুজৰাট বন বিভাগৰ প্ৰথমগৰাকী মহিলা দলৰ অংশ আছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থাকোতে বন্যপ্ৰাণী সংৰক্ষণৰ বাবে এই বিশেষ দলটোৰ গঠনৰ নিৰ্দেশ দিছিল। তেতিয়াৰ পৰা, ৰাচিলাই বন্যপ্ৰাণী উদ্ধাৰৰ লগতে তেওঁলোকৰ যত্ন লোৱাৰ বাবে কাম কৰি আহিছে, সমান্তৰালকৈ তেওঁ গিৰৰ বন্য জন্তুৰ চোৰাং ব্যৱসায় বন্ধ কৰাৰ কামও কৰি আছে। উল্লেখ্য যে, বন্য জন্তুবোৰৰ উদ্ধাৰ কাৰ্য যথেষ্ট কঠিন হয়। ইয়াৰ উপৰি, সেই কামৰ বাবে কোনো নিৰ্দিষ্ট সময় নাথাকে। অৱশ্যে, ৰচিলাই ইয়াকো দক্ষতাৰে কৰি আছে। জন্তুবোৰ উদ্ধাৰতে ৰচিলাৰ নিজৰ দায়িত্ব সামৰি নথয়, তাৰ পাছতো তেওঁ জন্তুবোৰক ঔষধ লগোৱা, খাদ্য দিয়া, বেজি দিয়া আদি কাম নিপুনভাৱে কৰি আহিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভূটানত পুনাটছাংচু-২ জলবিদ্যুৎ প্ৰকল্প সম্পূৰ্ণ, শক্তি ক্ষমতা ৪০ শতাংশলৈ বৃদ্ধি
ড° ভূপেন হাজৰিকা স্মাৰক ১০০ টকীয়া ৰূপৰ মুদ্ৰাৰ সবিশেষ প্রকাশ
'বনতাৰা'ৰ তদন্তৰ বাবে SIT গঠন উচ্চতম ন্যায়ালয়ৰ
সম্ভাব্য বান পৰিস্থিতিক লৈ পাকিস্তানক পুনৰ কৰিলে সতৰ্ক ; ভাৰতৰ মানৱীয়তাৰ বাবেই প্রাণ বাচিল ২ লক্ষ পাকিস্তানীৰ
অমিত শ্বাহক অসমলৈ আদৰণি জনাইছোঁ কিন্তু আহি কেৱল মিছা প্ৰতিশ্ৰুতি দি গ'লে নহ'ব: লুৰিণজ্যোতি গগৈ
দিল্লীৰ ২০খন মহাবিদ্যালয়ত বোমাৰ ভাবুকি, ভাবুকিপূৰ্ণ ই-মেইলে টোপনি কাঢ়িছে প্ৰশাসনৰ
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
ত্ৰিফলাৰ আছে আশ্বৰ্যকৰী গুণ! ই কেনেকৈ আপোনাৰ স্বাস্থ্য উন্নত কৰিব পাৰে জানো আহক
শিলচৰত মৰ্মান্তিক ঘটনা! পুত্ৰই কৰা অপৰাধ সহ্য কৰিব নোৱাৰি চৰম সিদ্ধান্ত পিতৃৰ
দেৰগাঁৱৰ জাফ্ৰিনা ৰহমানৰ মৃত্যু হত্যা নে আত্মহত্যা? অভিযুক্ত স্বামী আৰক্ষী বাবেই সাৰি যাব নেকি?
ৰাষ্ট্ৰপতি মেক্ৰনৰে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ; ভাৰত-ফ্ৰান্সৰ কৌশলগত সহযোগিতা বৃদ্ধিত গুৰুত্ব
ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকে নতুনকৈ নাপাব আধাৰ কাৰ্ড