--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত দ্বিতীয়খন টেষ্ট খেলৰ পূৰ্বে দুয়োটা দলৰ অধিনায়কসকলে পাঁচদিনীয়া ক্ৰিকেটৰ ভৱিষ্যতক লৈ উদ্বেগ প্ৰকাশ কৰে। ৰোহিত শৰ্মা আৰু ডিন এলগাৰৰ কথাত টেষ্ট ক্ৰিকেট ৰক্ষাৰ বাৰ্তা ওলাই আহিল।

টি-২০ ক্ৰিকেটৰ আগমনৰ পিছৰে পৰা টেষ্ট ক্ৰিকেটৰ অৱস্থা অধিক কৰুণ হৈ পৰিছে। পৃথিৱীৰ আন ক’তো ক্ৰিকেট প্ৰেমীসকলে পাঁচদিনীয়া ৰেডবল ক্ৰিকেট চাবলৈ খেলপথাৰলৈ নাহে। তেওঁলোকৰ সকলো আগ্ৰহ প্ৰায় ২০ অভাৰ মেচৰ। এনে পৰিস্থিতিত ৰোহিত আৰু এলগাৰে টেষ্ট ক্ৰিকেটৰ ভৱিষ্যতক লৈ উদ্বেগ প্ৰকাশ কৰে।

ভাৰতীয় দলৰ অধিনায়কগৰাকীয়ে কয় যে আমি টেষ্ট ক্ৰিকেটক সুৰক্ষা দিব লাগিব। পাঁচদিনীয়া ক্ৰিকেটক অধিক গুৰুত্ব দিব লাগে। ই এখন বা দুখন দেশৰ দায়িত্ব নহয়। প্ৰতিখন টেষ্ট খেলা দেশেই দায়িত্ব ল’ব লাগিব। টেষ্ট ক্ৰিকেটক সুন্দৰ আৰু আকৰ্ষণীয় কৰি ৰাখিব লাগিব। প্ৰতিযোগিতামূলক ক্ৰিকেট হৈছে। টেষ্ট ক্ৰিকেটক আকৰ্ষণীয় কৰি ৰখাটো প্ৰতিখন দেশৰ দায়িত্ব। তীব্ৰ প্ৰতিযোগিতা বজাই ৰাখিব লাগিব। যাতে ক্ৰিকেট প্ৰেমীসকলে টেষ্ট ক্ৰিকেট চোৱাৰ প্ৰতি আগ্ৰহী হয়।

দক্ষিণ আফ্ৰিকাৰ অধিনায়ক এলগাৰেও টেষ্ট ক্ৰিকেটৰ সুৰক্ষাৰ আহ্বান জনায়। তেওঁৰ মতে, বৰ্তমানৰ পৰিস্থিতি টেষ্টৰ বাবে আদৰ্শ নহয়। এলগাৰে কয়- ''টেষ্ট ক্ৰিকেট যিদৰে খেলা হয়, সেয়া আদৰ্শ পৰিবেশ নহয়। পৰ্দাৰ আঁৰত যিয়েই নহওক কিয়, এতিয়াও টেষ্ট ক্ৰিকেটৰ বাবে ক্ৰিকেটাৰসকলৰ মাজত যথেষ্ট ক্ষুধা। কিন্তু পৰ্দাৰ আঁৰত কি হয়, আমাৰ বা প্ৰশিক্ষকৰ কোনো নিয়ন্ত্ৰণ নাই। দল পৰিচালনা সমিতিৰো কোনো নিয়ন্ত্ৰণ নাই। আচলতে গোটেই কথাটো আমাৰ নিয়ন্ত্ৰণৰ বাহিৰত। ক্ৰিকেটাৰে একো নিয়ন্ত্ৰণ কৰিব নোৱাৰে। টেষ্ট ক্ৰিকেটৰ ক্ষেত্ৰত আমি অধিক সাৱধান হ’ব লাগিব।''

এলগাৰে ক্ৰিকেট প্ৰশাসকৰ ভূমিকাও সোঁৱৰাই দিয়ে। দক্ষিণ আফ্ৰিকাৰ অধিনায়কগৰাকীয়ে কয়, ‘ক্ৰিকেট প্ৰশাসকে সঠিক সিদ্ধান্ত ল’ব লাগিব। ক্ৰিকেটাৰ আৰু ক্ৰিকেটৰ স্বাৰ্থত সিদ্ধান্ত ল’ব লাগিব। বিশেষকৈ টেষ্ট ক্ৰিকেটৰ কথা ভাবিব লাগিব। পাঁচদিনীয়া ক্ৰিকেট খেলিবলৈ কিমান আগ্ৰহী খেলুৱৈসকলেও প্ৰমাণ কৰিব লাগিব। ভাল প্ৰদৰ্শন কৰিব লাগিব। টেষ্ট ক্ৰিকেট খেলি গৌৰৱ অনুভৱ কৰিছো। এইটো মোৰ প্ৰিয় ক্ৰিকেট। টেষ্ট ক্ৰিকেটৰ বাবে আমি অধিক যুঁজিব লাগিব।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু