--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত দ্বিতীয়খন টেষ্ট খেলৰ পূৰ্বে দুয়োটা দলৰ অধিনায়কসকলে পাঁচদিনীয়া ক্ৰিকেটৰ ভৱিষ্যতক লৈ উদ্বেগ প্ৰকাশ কৰে। ৰোহিত শৰ্মা আৰু ডিন এলগাৰৰ কথাত টেষ্ট ক্ৰিকেট ৰক্ষাৰ বাৰ্তা ওলাই আহিল।

টি-২০ ক্ৰিকেটৰ আগমনৰ পিছৰে পৰা টেষ্ট ক্ৰিকেটৰ অৱস্থা অধিক কৰুণ হৈ পৰিছে। পৃথিৱীৰ আন ক’তো ক্ৰিকেট প্ৰেমীসকলে পাঁচদিনীয়া ৰেডবল ক্ৰিকেট চাবলৈ খেলপথাৰলৈ নাহে। তেওঁলোকৰ সকলো আগ্ৰহ প্ৰায় ২০ অভাৰ মেচৰ। এনে পৰিস্থিতিত ৰোহিত আৰু এলগাৰে টেষ্ট ক্ৰিকেটৰ ভৱিষ্যতক লৈ উদ্বেগ প্ৰকাশ কৰে।

ভাৰতীয় দলৰ অধিনায়কগৰাকীয়ে কয় যে আমি টেষ্ট ক্ৰিকেটক সুৰক্ষা দিব লাগিব। পাঁচদিনীয়া ক্ৰিকেটক অধিক গুৰুত্ব দিব লাগে। ই এখন বা দুখন দেশৰ দায়িত্ব নহয়। প্ৰতিখন টেষ্ট খেলা দেশেই দায়িত্ব ল’ব লাগিব। টেষ্ট ক্ৰিকেটক সুন্দৰ আৰু আকৰ্ষণীয় কৰি ৰাখিব লাগিব। প্ৰতিযোগিতামূলক ক্ৰিকেট হৈছে। টেষ্ট ক্ৰিকেটক আকৰ্ষণীয় কৰি ৰখাটো প্ৰতিখন দেশৰ দায়িত্ব। তীব্ৰ প্ৰতিযোগিতা বজাই ৰাখিব লাগিব। যাতে ক্ৰিকেট প্ৰেমীসকলে টেষ্ট ক্ৰিকেট চোৱাৰ প্ৰতি আগ্ৰহী হয়।

দক্ষিণ আফ্ৰিকাৰ অধিনায়ক এলগাৰেও টেষ্ট ক্ৰিকেটৰ সুৰক্ষাৰ আহ্বান জনায়। তেওঁৰ মতে, বৰ্তমানৰ পৰিস্থিতি টেষ্টৰ বাবে আদৰ্শ নহয়। এলগাৰে কয়- ''টেষ্ট ক্ৰিকেট যিদৰে খেলা হয়, সেয়া আদৰ্শ পৰিবেশ নহয়। পৰ্দাৰ আঁৰত যিয়েই নহওক কিয়, এতিয়াও টেষ্ট ক্ৰিকেটৰ বাবে ক্ৰিকেটাৰসকলৰ মাজত যথেষ্ট ক্ষুধা। কিন্তু পৰ্দাৰ আঁৰত কি হয়, আমাৰ বা প্ৰশিক্ষকৰ কোনো নিয়ন্ত্ৰণ নাই। দল পৰিচালনা সমিতিৰো কোনো নিয়ন্ত্ৰণ নাই। আচলতে গোটেই কথাটো আমাৰ নিয়ন্ত্ৰণৰ বাহিৰত। ক্ৰিকেটাৰে একো নিয়ন্ত্ৰণ কৰিব নোৱাৰে। টেষ্ট ক্ৰিকেটৰ ক্ষেত্ৰত আমি অধিক সাৱধান হ’ব লাগিব।''

এলগাৰে ক্ৰিকেট প্ৰশাসকৰ ভূমিকাও সোঁৱৰাই দিয়ে। দক্ষিণ আফ্ৰিকাৰ অধিনায়কগৰাকীয়ে কয়, ‘ক্ৰিকেট প্ৰশাসকে সঠিক সিদ্ধান্ত ল’ব লাগিব। ক্ৰিকেটাৰ আৰু ক্ৰিকেটৰ স্বাৰ্থত সিদ্ধান্ত ল’ব লাগিব। বিশেষকৈ টেষ্ট ক্ৰিকেটৰ কথা ভাবিব লাগিব। পাঁচদিনীয়া ক্ৰিকেট খেলিবলৈ কিমান আগ্ৰহী খেলুৱৈসকলেও প্ৰমাণ কৰিব লাগিব। ভাল প্ৰদৰ্শন কৰিব লাগিব। টেষ্ট ক্ৰিকেট খেলি গৌৰৱ অনুভৱ কৰিছো। এইটো মোৰ প্ৰিয় ক্ৰিকেট। টেষ্ট ক্ৰিকেটৰ বাবে আমি অধিক যুঁজিব লাগিব।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অটোৰিক্সাৰ পৰা হেৰ’ইন জব্দ; চালকক গ্ৰেপ্তাৰ ধলাই আৰক্ষীৰ
কল পচলাৰ আছে নানা গুণ; আপুনি খাই ভালপায়নে?
চৰকাৰী হাস্পতালতে থাকিব সোনম ৱাংচুক; ব্যক্তিগত চিকিৎসালয়লৈ নিয়াৰ আবেদন অগ্রাহ্য আদালতৰ
৬০ বছৰৰ মূৰত গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানলৈ ঘূৰি আহিছে ইণ্ডিয়ান গ্রে’ হর্নবিল
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement