--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ লাহে লাহে শীতকাল আহি আমাৰ পদূলিমুখত ৰৈছেহি। শীতকালটো বহুতৰ বাবে উপভোগ্য যদিও শীতকালত চৰ্দি, ফ্লু আৰু সংক্ৰমণ বিয়পাৰ আশংকা যথেষ্ট বৃদ্ধি হয়। মানুহে এই ঋতুত ঠাণ্ডা পৰিহাৰ কৰিবলৈ গৰম কাপোৰ, গৰম পানী, চাহ আৰু কফিৰ দৰে বস্তুৰ আশ্ৰয় লয়। কিন্তু আপুনি জানেনে যে শীত দূৰ কৰিবলৈ ব্যৱহাৰ কৰা কিছুমান কৌশলে আপোনাৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে। ঠাণ্ডাত বা শীতকালত আমি কি ভুল পৰিহাৰ কৰা উচিত জানো আহক।

গৰম পানীৰে গা ধোৱাঃ বিশেষজ্ঞসকলৰ মতে, ঠাণ্ডা বতৰত দীঘলীয়া সময়ৰ বাবে গৰম পানীৰে গা ধোৱাতো স্বাস্থ্যৰ বাবে ভাল নহয়। ই আমাৰ শৰীৰ আৰু মন দুয়োকে বিৰূপভাৱে প্ৰভাৱিত কৰে। দৰাচলতে, গৰম পানীয়ে কেৰাটিন নামৰ ছালৰ কোষবোৰ ক্ষতিগ্ৰস্ত কৰে, যিয়ে ছালত খজুৱতি, শুষ্কতা আৰু দাগৰ সমস্যা বৃদ্ধি কৰে।

বহুত বেছি কাপোৰ পিন্ধাঃ ঠাণ্ডা দিনত বহু মানুহে দেহত ইটোৰ পিছতো সিটো বহু কাপোৰ সোমোৱাই লয়। শীতকালত নিজকে গৰম ৰখাটো ভাল, কিন্তু অত্যাধিক কাপোৰ পিন্ধা পৰিহাৰ কৰিব লাগে। এনে কৰিলে আপোনাৰ শৰীৰ অত্যাধিক গৰম হ'ব পাৰে। দৰাচলতে, যেতিয়া ঠাণ্ডা হয়, আমাৰ ৰোগ প্ৰতিৰোধ প্ৰণালীয়ে শ্বেত ৰক্ত কণিকা (ডব্লিউবিচি) প্ৰস্তুত কৰে, যি আমাক সংক্ৰমণ আৰু ৰোগৰ পৰা সুৰক্ষিত কৰে। গৰম কাপোৰেৰে শৰীৰ অত্যাধিক গৰম কৰি ৰাখিলে ৰোগ প্ৰতিৰোধ ক্ষমতাই ইয়াৰ কাম কৰিব নোৱাৰে।

কফি বেছিকৈ খোৱাঃ শীতকালত মানুহে কফিৰ জুতি লৈ বেছি ভাল পায়। কফিয়ে শীতল হৈ থকা শৰীৰক গৰম ৰখাত সহায় কৰে। কিন্তু সম্ভৱতঃ আপুনি পাহৰি গৈছে যে অত্যাধিক কেফেইন শৰীৰৰ বাবে ক্ষতিকাৰক। আপুনি গোটেই দিনটোত ২ বা ৩ কাপতকৈ অধিক কফি কেতিয়াও নাখাব। অত্যাধিক কেফেইনে আপোনাৰ শৰীৰৰত নানা ৰোগ সৃষ্টি হোৱাত সহায় কৰিব পাৰে।

পানী কমকৈ খোৱাঃ ঠাণ্ডা দিনত মানুহে কমকৈ পানী খায়। মানুহে শীতকালত কম তৃষ্ণাতুৰ অনুভৱ কৰে। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে শৰীৰক ঠাণ্ডাত পানীৰ কোনো প্ৰয়োজন নাই। প্ৰস্ৰাৱ, হজম আৰু ঘামৰ কাৰণে পানী শৰীৰৰ পৰা ওলাই আহে। এই ক্ষেত্ৰত, পানী কমকৈ খোৱাৰ বাবে শৰীৰ ডিহাইড্ৰেটেড হোৱা আৰম্ভ হয়। ই বৃক্ক আৰু হজমৰ সমস্যা বৃদ্ধি কৰিব পাৰে।

আৰু পঢ়কঃ ধনতেৰাচৰ দিনা মানক এইকেইটা নিয়ম;গোটেই বছৰলৈ আশীৰ্বাদ পাব লক্ষ্মী-কুবেৰৰ

শুৱাৰ আগত কৰক এইটো কামঃ এক গৱেষণা অনুসৰি, নিশা শুবলৈ যোৱাৰ আগতে হাত আৰু ভৰি হাতমোজা আৰু ভৰিমোজাৰে ঢাকি ৰখাটো স্বাস্থ্যৰ বাবে ভাল। এনে কৰিলে টোপনিৰ মান উন্নত হয় আৰু টোপনিৰ মান উন্নত হ'লে শৰীৰ আৰু মনত সুপ্ৰভাৱ পৰে। কিছুমানে শুৱাৰ সময়ত মোজা পিন্ধিবলৈ অশান্তি পায় কিন্তু যদিহে আপুনি ঠাণ্ডাৰ দিনকেইটাত টোপনি ভাল হোৱাতো বিচাৰে তেন্তে হাতমোজা-ভৰিমোজা পিন্ধাৰ অভ্যাসটো গঢ়ি তোলক। মানুহৰ শৰীৰ ঠিক কৰি ৰখাত টোপনিৰ ভূমিকা সৰ্বাধিক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
সিদ্ধার্থই ছিংগাপুৰৰ তাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ