--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ লাহে লাহে শীতকাল আহি আমাৰ পদূলিমুখত ৰৈছেহি। শীতকালটো বহুতৰ বাবে উপভোগ্য যদিও শীতকালত চৰ্দি, ফ্লু আৰু সংক্ৰমণ বিয়পাৰ আশংকা যথেষ্ট বৃদ্ধি হয়। মানুহে এই ঋতুত ঠাণ্ডা পৰিহাৰ কৰিবলৈ গৰম কাপোৰ, গৰম পানী, চাহ আৰু কফিৰ দৰে বস্তুৰ আশ্ৰয় লয়। কিন্তু আপুনি জানেনে যে শীত দূৰ কৰিবলৈ ব্যৱহাৰ কৰা কিছুমান কৌশলে আপোনাৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে। ঠাণ্ডাত বা শীতকালত আমি কি ভুল পৰিহাৰ কৰা উচিত জানো আহক।

গৰম পানীৰে গা ধোৱাঃ বিশেষজ্ঞসকলৰ মতে, ঠাণ্ডা বতৰত দীঘলীয়া সময়ৰ বাবে গৰম পানীৰে গা ধোৱাতো স্বাস্থ্যৰ বাবে ভাল নহয়। ই আমাৰ শৰীৰ আৰু মন দুয়োকে বিৰূপভাৱে প্ৰভাৱিত কৰে। দৰাচলতে, গৰম পানীয়ে কেৰাটিন নামৰ ছালৰ কোষবোৰ ক্ষতিগ্ৰস্ত কৰে, যিয়ে ছালত খজুৱতি, শুষ্কতা আৰু দাগৰ সমস্যা বৃদ্ধি কৰে।

বহুত বেছি কাপোৰ পিন্ধাঃ ঠাণ্ডা দিনত বহু মানুহে দেহত ইটোৰ পিছতো সিটো বহু কাপোৰ সোমোৱাই লয়। শীতকালত নিজকে গৰম ৰখাটো ভাল, কিন্তু অত্যাধিক কাপোৰ পিন্ধা পৰিহাৰ কৰিব লাগে। এনে কৰিলে আপোনাৰ শৰীৰ অত্যাধিক গৰম হ'ব পাৰে। দৰাচলতে, যেতিয়া ঠাণ্ডা হয়, আমাৰ ৰোগ প্ৰতিৰোধ প্ৰণালীয়ে শ্বেত ৰক্ত কণিকা (ডব্লিউবিচি) প্ৰস্তুত কৰে, যি আমাক সংক্ৰমণ আৰু ৰোগৰ পৰা সুৰক্ষিত কৰে। গৰম কাপোৰেৰে শৰীৰ অত্যাধিক গৰম কৰি ৰাখিলে ৰোগ প্ৰতিৰোধ ক্ষমতাই ইয়াৰ কাম কৰিব নোৱাৰে।

কফি বেছিকৈ খোৱাঃ শীতকালত মানুহে কফিৰ জুতি লৈ বেছি ভাল পায়। কফিয়ে শীতল হৈ থকা শৰীৰক গৰম ৰখাত সহায় কৰে। কিন্তু সম্ভৱতঃ আপুনি পাহৰি গৈছে যে অত্যাধিক কেফেইন শৰীৰৰ বাবে ক্ষতিকাৰক। আপুনি গোটেই দিনটোত ২ বা ৩ কাপতকৈ অধিক কফি কেতিয়াও নাখাব। অত্যাধিক কেফেইনে আপোনাৰ শৰীৰৰত নানা ৰোগ সৃষ্টি হোৱাত সহায় কৰিব পাৰে।

পানী কমকৈ খোৱাঃ ঠাণ্ডা দিনত মানুহে কমকৈ পানী খায়। মানুহে শীতকালত কম তৃষ্ণাতুৰ অনুভৱ কৰে। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে শৰীৰক ঠাণ্ডাত পানীৰ কোনো প্ৰয়োজন নাই। প্ৰস্ৰাৱ, হজম আৰু ঘামৰ কাৰণে পানী শৰীৰৰ পৰা ওলাই আহে। এই ক্ষেত্ৰত, পানী কমকৈ খোৱাৰ বাবে শৰীৰ ডিহাইড্ৰেটেড হোৱা আৰম্ভ হয়। ই বৃক্ক আৰু হজমৰ সমস্যা বৃদ্ধি কৰিব পাৰে।

আৰু পঢ়কঃ ধনতেৰাচৰ দিনা মানক এইকেইটা নিয়ম;গোটেই বছৰলৈ আশীৰ্বাদ পাব লক্ষ্মী-কুবেৰৰ

শুৱাৰ আগত কৰক এইটো কামঃ এক গৱেষণা অনুসৰি, নিশা শুবলৈ যোৱাৰ আগতে হাত আৰু ভৰি হাতমোজা আৰু ভৰিমোজাৰে ঢাকি ৰখাটো স্বাস্থ্যৰ বাবে ভাল। এনে কৰিলে টোপনিৰ মান উন্নত হয় আৰু টোপনিৰ মান উন্নত হ'লে শৰীৰ আৰু মনত সুপ্ৰভাৱ পৰে। কিছুমানে শুৱাৰ সময়ত মোজা পিন্ধিবলৈ অশান্তি পায় কিন্তু যদিহে আপুনি ঠাণ্ডাৰ দিনকেইটাত টোপনি ভাল হোৱাতো বিচাৰে তেন্তে হাতমোজা-ভৰিমোজা পিন্ধাৰ অভ্যাসটো গঢ়ি তোলক। মানুহৰ শৰীৰ ঠিক কৰি ৰখাত টোপনিৰ ভূমিকা সৰ্বাধিক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ