--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • একেদৰে মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত১৬,৩৫৬টা পদ, উচ্চ শিক্ষা সঞ্চালকালয়ৰ অধীনত ২,০৫৭টা পদ আৰু কাৰিকৰী শিক্ষা সঞ্চালকালয়ৰ অধীনত এতিয়াও খালী হৈ আছে ৩৫৩টাকৈ গুৰুত্বপূৰ্ণ পদ। প্রাথমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত ৪,৫০০টা খালী পদৰহে বিজ্ঞাপন প্রকাশ, ৰাজ্যৰ শিক্ষা বিভাগত ৩২,৫২০টা শিক্ষক-কর্মচাৰীৰ পদ খালী

ডিজিটেল ডেস্ক: ৰাজ্যৰ শিক্ষাখণ্ডৰ এখন ভয়ংকৰ ছবি উন্মোচিত হৈছে বিধানসভাৰ মজিয়াত। বৃহৎ সংখ্যক শিক্ষকৰ পদৰ লগতে আন আন কৰ্মচৰীৰ বৃহৎ সংখ্যক পদ আজিও খালী আছে। 


বিধানসভাত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে প্ৰকাশ কৰা মতে, শিক্ষা বিভাগৰ অন্তর্গত প্রাথমিক শিক্ষা সঞ্চালকালয়, মাধ্যমিক শিক্ষা সঞ্চালকালয়, উচ্চ শিক্ষা সঞ্চালকালয় আৰু কাৰিকৰী শিক্ষা সঞ্চালকালয়ত এতিয়াও সর্বমুঠ ৩২,৫২০টা শিক্ষক-কৰ্মচাৰীৰ পদ খালী হৈ আছে। বিস্তৃত তথ্য অনুসৰি, প্ৰাথমিক শিক্ষা সঞ্চালকালয়ত খালী হৈ আছে মুঠ ১৩,৭৫৪টাকৈ পদ। 


একেদৰে মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত১৬,৩৫৬টা পদ, উচ্চ শিক্ষা সঞ্চালকালয়ৰ অধীনত ২,০৫৭টা পদ আৰু কাৰিকৰী শিক্ষা সঞ্চালকালয়ৰ অধীনত এতিয়াও খালী হৈ আছে ৩৫৩টাকৈ গুৰুত্বপূৰ্ণ পদ। 


আনহাতে, ৰাজ্যৰ প্ৰাথমিক, মাধ্যমিক, উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক শাখাত খালী হৈ থকা শিক্ষকৰ পদ অনুসৰি নিম্ন প্ৰাথমিক আৰু উচ্চ প্রাথমিক বিদ্যালয়ত মুঠ ১৩,৩৮১টা, উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মুঠ ১০,১২৭টা শিক্ষকৰ পদ খালী হৈ আছে। একেদৰে আদর্শ বিদ্যালয় সংগঠনৰ অধীনত বর্তমানে ৭২টা স্নাতক শিক্ষকৰ পদ আৰু ৩৩টা প্ৰাথমিক পৰ্যায়ৰ শিক্ষকৰ পদ খালী হৈ আছে। 


অৱশ্যে প্রাথমিক শিক্ষা সঞ্চালকালয়, অসমৰ অধীনত ৪৫০০টা খালী পদৰ বিজ্ঞাপন প্রকাশিত হৈছে আৰু নিযুক্তিৰ প্ৰক্ৰিয়া চলি আছে বুলি জনাই মন্ত্ৰীগৰাকীয়ে চৰ এলেকা আৰু গ্রামীণ ক্ষেত্ৰত থকা নিম্ন আৰু উচ্চ প্রাথমিক বিদ্যালয়সমূহত থকা খালী পদৰ সংখ্যাও ব্যক্ত কৰে। তেওঁ জনাই যে চৰ অঞ্চলত নিম্ন প্রাথমিক বিদ্যালয়ত ৮,২০৮টা আৰু উচ্চ প্রাথমিক বিদ্যালয়ত ৫০২৮টাসহ মুঠ ১৩,২৩৬টাকৈ পদ খালী হৈ আছে। একেদৰে ৰাজ্যৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত বিজ্ঞান, কলা আৰু বাণিজ্য শাখাত সর্বমুঠ ১০১২৭টা শিক্ষকৰ পদ খালী হৈ আছে। আনহাতে, মহাবিদ্যালয়সমূহত বিজ্ঞান, কলা আৰু বাণিজ্য শাখাত খালী থকা পদৰ সংখ্যা হৈছে ১০৩৮টা, ইঞ্জিনিয়াৰিং কলেজতো খালি হৈ আছে ১৮টা শিক্ষকৰ পদ। 


ইফালে বিদ্যুৎ আৰু ইণ্টাৰনেট সংযোগবিহীন নিম্ন, উচ্চ, উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সংখ্যা সদৰী কৰি মন্ত্ৰী ডাঃ পেগুৱে কয়, 'ইণ্টাৰনেট সংযোগবিহীন নিম্ন প্রাথমিক বিদ্যালয়ৰ সংখ্যা হৈছে ৩২,৬১৪খন অর্থাৎ ৯৬.২ শতাংশ। উচ্চপ্রাথমিক বিদ্যালয়ৰ সংখ্যা হৈছে ৬০১খন আৰু উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সংখ্যা হৈছে ৮৩খন। একেদৰে বিদ্যুৎ সংযোগবিহীন নিম্ন প্রাথমিক বিদ্যালয়ৰ সংখ্যা হৈছে ৩১৬খন, উচ্চপ্রাথমিক বিদ্যালয়ৰ সংখ্যা হৈছে ২০৮খন আৰু উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সংখ্যা হৈছে ৩৯খন।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ