--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • আল-কায়দা আৰু আই ছিছৰ বিৰুদ্ধে নিষেধাজ্ঞাৰ বাবে থকা নিৰাপত্তা পৰিষদৰ নিৰীক্ষণ দলটোৱে ইয়াৰ নতুন প্রতিবেদনত কয় যে নতুন দিল্লীৰ বিস্ফোৰণৰ ঘটনাটোত জৈছৰ সন্ত্রাসবাদী জড়িত।

ডিজিটেল ডেস্ক: নতুন দিল্লীত যোৱা বর্ষৰ নৱেম্বৰত লালকিল্লাৰ সমীপত হোৱা কাৰ বোমা বিস্ফোৰণৰ ঘটনাৰ বাবে সন্ত্রাসবাদী সংগঠন জৈছ-এ-মহম্মদক জগৰীয়া কৰা হৈছে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ এখন নতুন প্রতিবেদনত। 


আল-কায়দা আৰু আই ছিছৰ বিৰুদ্ধে নিষেধাজ্ঞাৰ বাবে থকা নিৰাপত্তা পৰিষদৰ নিৰীক্ষণ দলটোৱে ইয়াৰ নতুন প্রতিবেদনত কয় যে নতুন দিল্লীৰ বিস্ফোৰণৰ ঘটনাটোত জৈছৰ সন্ত্রাসবাদী জড়িত। 


ইতিমধ্যে ভাৰতত কেইবাটাও আক্রমণৰ দায়িত্ব স্বীকাৰ কৰিছিল পাকিস্তানী সন্ত্রাসবাদী সংগঠনটোৱে। প্রতিবেদনখনত উল্লেখ কৰা মতে, ৰাষ্ট্ৰসংঘই ঘোষণা কৰা সন্ত্রাসবাদী মাছুদ আজহাৰে জৈছৰ মহিলা শাখা মুকলি কৰাৰ বিষয়ে যোৱা বর্ষব ৮ অক্টোবৰত ঘোষণা কৰিছিল। 


এই জৈছৰ মহিলা শাখাৰ বহুতো সদস্য ভাৰতত এতিয়াও সক্রিয় হৈ আছে আৰু ৰাজধানী মহানগৰ দিল্লীৰ লগতে দেশৰ আন স্থানতো আক্রমণৰ সুযোগ বিচাৰি আছে। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ এই শেহতীয়া তথাই ভাৰতীয়ৰ সুৰক্ষাৰ প্রতি উদ্বেগৰ বিষয় হৈ পৰিছে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু