--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • আল-কায়দা আৰু আই ছিছৰ বিৰুদ্ধে নিষেধাজ্ঞাৰ বাবে থকা নিৰাপত্তা পৰিষদৰ নিৰীক্ষণ দলটোৱে ইয়াৰ নতুন প্রতিবেদনত কয় যে নতুন দিল্লীৰ বিস্ফোৰণৰ ঘটনাটোত জৈছৰ সন্ত্রাসবাদী জড়িত।

ডিজিটেল ডেস্ক: নতুন দিল্লীত যোৱা বর্ষৰ নৱেম্বৰত লালকিল্লাৰ সমীপত হোৱা কাৰ বোমা বিস্ফোৰণৰ ঘটনাৰ বাবে সন্ত্রাসবাদী সংগঠন জৈছ-এ-মহম্মদক জগৰীয়া কৰা হৈছে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ এখন নতুন প্রতিবেদনত। 


আল-কায়দা আৰু আই ছিছৰ বিৰুদ্ধে নিষেধাজ্ঞাৰ বাবে থকা নিৰাপত্তা পৰিষদৰ নিৰীক্ষণ দলটোৱে ইয়াৰ নতুন প্রতিবেদনত কয় যে নতুন দিল্লীৰ বিস্ফোৰণৰ ঘটনাটোত জৈছৰ সন্ত্রাসবাদী জড়িত। 


ইতিমধ্যে ভাৰতত কেইবাটাও আক্রমণৰ দায়িত্ব স্বীকাৰ কৰিছিল পাকিস্তানী সন্ত্রাসবাদী সংগঠনটোৱে। প্রতিবেদনখনত উল্লেখ কৰা মতে, ৰাষ্ট্ৰসংঘই ঘোষণা কৰা সন্ত্রাসবাদী মাছুদ আজহাৰে জৈছৰ মহিলা শাখা মুকলি কৰাৰ বিষয়ে যোৱা বর্ষব ৮ অক্টোবৰত ঘোষণা কৰিছিল। 


এই জৈছৰ মহিলা শাখাৰ বহুতো সদস্য ভাৰতত এতিয়াও সক্রিয় হৈ আছে আৰু ৰাজধানী মহানগৰ দিল্লীৰ লগতে দেশৰ আন স্থানতো আক্রমণৰ সুযোগ বিচাৰি আছে। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ এই শেহতীয়া তথাই ভাৰতীয়ৰ সুৰক্ষাৰ প্রতি উদ্বেগৰ বিষয় হৈ পৰিছে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ