--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ৰুটেয়ে কয় যে চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিং আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ এক সমন্বিত আক্রমণে তৃতীয় বিশ্ব যুদ্ধৰ সূচনা কৰিব পাৰে।

ডিজিটেল ডেস্ক : নাটোৰ মুৰব্বী মাৰ্ক ৰুটেয়ে তৃতীয় বিশ্ব যুদ্ধৰ আশংকা প্রকাশ কৰি এক চাঞ্চল্যকৰ বক্তব্য প্রকাশ কৰিছে। ৰুটেয়ে কয় যে চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিং আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ এক সমন্বিত আক্রমণে তৃতীয় বিশ্ব যুদ্ধৰ সূচনা কৰিব পাৰে। তেওঁ কয় যে চীনৰ সামৰিক বাহিনীয়ে টাইৱান দখলৰ চেষ্টা আৰম্ভ কৰিব পাৰে, একে সময়তে ৰাছিয়াই নাটোৰ দেশবোৰত আক্রমণ কৰিব পাৰে।


মাৰ্ক ৰুট্টেয়ে কয়, 'চীনা ৰাষ্ট্ৰপতি ঝি জিনপিঙে টাইৱানত আক্ৰমণ আৰম্ভ কৰিব পাৰে। আনহাতে, প্রশান্ত মহাসাগৰীয় অঞ্চলৰ পৰা মনোযোগ আঁতৰাই ৰাখিবলৈ ৰাছিয়াৰ নেতাক নাটোৰ দেশবোৰ আক্ৰমণ কৰিবলৈ দায়িত্ব দিব পাৰে। তেনে এক পৰিস্থিতিত চীনৰ আগ্রাসনক প্রত্যাহ্বান জনাবলৈ পাশ্চাত্যৰ দেশসমূহে নিজৰ নিজৰ সামৰিক শক্তি শক্তিশালী কৰিব লাগিব।


একে সময়তে নাটোৰ দেশবোৰে ইউৰোপ আক্ৰমণৰ পৰা ৰাছিয়াক বাধা দিবলৈ তেওঁলোকৰ ক্ষমতা বৃদ্ধি কৰিব লাগিব।' 'নিউয়র্ক টাইমছ'ৰ আগত ৰুট্টেয়ে কয়, 'টাইৱান আক্ৰমণ কৰাৰ আগতে ঝি জিনপিঙে পুটিনক সাক্ষাৎ কৰিব। তেওঁ পুটিনক ক'ব, 'মই এইটো কৰিবলৈ গৈছোঁ। তেনে পৰিস্থিতিত আমেৰিকা আৰু নাটোক ইউৰোপত ব্যস্ত ৰাখিবলৈ আপুনি নাটোৰ অঞ্চল আক্ৰমণ কৰাৰ দৰকাৰ।'


চীন, ৰাছিয়া আৰু সম্ভাব্য তৃতীয় বিশ্বযুদ্ধৰ বিষয়ে ৰুট্টেয়ে কৰা দাবী বিশেষভাৱে গুৰুত্বপূৰ্ণ, কাৰণ আমেৰিকা আৰু টাইৱানৰ বিষয়াসকলে আগজাননী দিছিল যে নিজৰ দেশৰ সৈতে সংলগ্ন কৰিবলৈ ২০২৭ চনৰ ভিতৰত চীনে টাইৱান আক্ৰমণ কৰিব পাৰে। উল্লেখযোগ্য যে চীনৰ সেনাই টাইৱানৰ চাৰিওফালে বহুবাৰ সামৰিক অনুশীলন কৰিছে আৰু চীনৰ নেতাসকলে বাৰে বাৰে টাইৱানক চীনৰ সৈতে সংলগ্ন কৰাৰ অভিপ্ৰায়ৰ কথা প্ৰকাশ কৰি আহিছে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু