--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • দালাই লামাক ভাৰত ৰত্ন দিয়াৰ দাবী জনাই চৰকাৰলৈ প্ৰেৰণ কৰাৰ বাবে প্ৰস্তুত কৰা এখন পত্ৰত প্রায় ৮০জন সাংসদে স্বাক্ষৰ কৰে।

ডিজিটেল ডেস্ক : তিব্বতৰ আধ্যাত্মিক নেতা দালাই লামাক ভাৰতৰ ৰত্ন দিয়াৰ দাবী কৰা হৈছে। সাংসদসকলৰ অল পার্টি ইণ্ডিয়ান পার্লিয়ামেণ্টেৰী ফ'ৰাম অন তিব্বতৰ অধীনত প্রায় ৮০জন সাংসদে এই দাবীৰ প্ৰতি সমর্থন জনাইছে। ফ'ৰামে প্রকাশ কৰা মতে, দালাই লামাক ভাৰত ৰত্ন দিয়াৰ দাবী জনাই চৰকাৰলৈ প্ৰেৰণ কৰাৰ বাবে প্ৰস্তুত কৰা এখন পত্ৰত প্রায় ৮০জন সাংসদে স্বাক্ষৰ কৰে। পত্ৰখনত স্বাক্ষৰ কৰা সাংসদৰ সংখ্যা ১০০জন হ'লে পত্রখন প্রধানমন্ত্রী আৰু ৰাষ্ট্ৰপতিক দাখিল কৰা হ'ব।


এই বিষয়টোৰ সন্দৰ্ভত ধৰমশালাত থকা তিব্বতৰ নির্বাসিত চৰকাৰৰ সৈতে ফ'ৰামৰ প্ৰতিনিধিয়ে কেইবা বাৰো আলোচনা কৰিছে। উল্লেখযোগ্য যে বিজেপিৰ সাংসদ ভর্তৃহৰি মেহতাব ফ'ৰামৰ আহ্বায়ক। উল্লেখযোগ্য যে দালাই লামাই দেওবাৰে ৯০ বছৰত ভৰি দিয়ে। এই উপলক্ষে আয়োজন কৰা এটা অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজু, অৰুণাচলৰ মুখ্যমন্ত্ৰী তথা সাংসদসকলে অংশগ্রহণ কৰে। ইফালে, প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে দালাই লামাক জন্মদিনৰ শুভেচ্ছা জনোৱাক লৈ আপত্তি জনাইছে চীনে।


বেইজিঙত চীনৰ বিদেশ বিভাগৰ মুখপাত্র মাও নিঙে কয় চীনে এই বিষয়টোত আপত্তি জনাইছে। তেওঁ আজি কয়, 'ভাৰতে তিব্বতৰ সৈতে জড়িত বিষয়ৰ স্পৰ্শকাতৰতাক সম্পূৰ্ণৰূপে বুজি পোৱা উচিত। বিচ্ছিন্নতাবাদী প্রকৃতিক চিনাক্ত কৰা উচিত। তিব্বতৰ সৈতে জড়িত বিষয়ত চীনৰ দায়বদ্ধতাক সন্মান জনোৱা উচিত, বিবেকৰ সৈতে কাম কৰা উচিত। ভাৰতে এই বিষয়বোৰত ব্যৱহাৰ কৰি চীনৰ ঘৰুৱা বিষয়ত হস্তক্ষেপ কৰাৰ আঁতৰি থাকিব লাগে।' চীনে এই প্রসংগত ভাৰতৰ ওচৰত প্ৰতিবাদত জনোৱা বুলিও তেওঁ কয়।


উৎসঃ দৈনিক জনমভূমি










FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু