--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শিলিখা আমাৰ সকলোৰে এক পৰিচিত বনৌষধি ফল৷ শিলিখা স্বাস্থ্যৰ বাবে অতি উপকাৰী৷ শিলিখাৰ বৈজ্ঞানিক নাম টাৰমিনেলিয়া চিবুলা(Terminalia Chebula)| বহু মানুহে শুকান শিলিখা খায়ো বৰ ভাল পায়। শিলিখা কেইবা প্ৰকাৰৰো আছে। শিলিখাৰ সোৱাদ তিতা,কেঁহা আৰু মিঠা। শিলিখা বনৌষধি দ্ৰব্যৰ ভিতৰত উৎকৃষ্ট বুলিব পাৰি। ইয়াৰ অন্য এটা নাম হৰিতকী। সকলো ৰোগ হৰণ কৰিব পাৰে বুলিয়ে শিলিখাৰ নাম হৰিতকী হৈছে। এই গছ প্ৰকাণ্ড ডাঙৰ হয়। শিলিখাৰ এটি জন্ম কথা আছে। এদিন হেনো দেৱৰাজ ইন্দ্ৰই অমৃত পান কৰোতে এটি অমৃতৰ টোপাল মৰ্ত্যত সৰি পৰিল। সেই অমৃতৰ টোপালৰ পৰা শিলিখাৰ জন্ম হয়। শিলিখা সাত প্ৰকাৰৰ আছে। 

১) বিজয়া

২) ৰোহিনী।

৩) পুতলা।

৪) চেতেকী।

৫) অভয়া।

৬) অমৃত।

৭) জীৱন্তী।


শিলিখাৰ উপকাৰিতা কি জানো আহক

১)  শিলিখাই স্মৃতিশক্তি বৃদ্ধি কৰে।

২)  ডায়েবেটিছ ৰোগ নিৰাময় কৰে৷ 

৩)  ই শৰীৰত কলেষ্টৰেলৰ মাত্ৰা সমতুল কৰিব পাৰে৷ 

৪)  শিলিখাৰ ৰসে পাচন প্ৰণালী বিশুদ্ধ কৰি ৰাখে৷ 

৫)  হৃদযন্ত্ৰৰ বিভিন্ন ৰোগৰ বাবে শিলিখা লাভজনক৷ 

৬) শিলিখাৰ পানী বহু সময় উতলাই সেই পানী সেৱন কৰিলে মুখ আৰু জিভাৰ ৰোগ নিৰ্মূল হয়৷ 

৭) শিলিখাই এচিডিটি নাশ কৰে৷ 

৮)  আভোক ভাৱ দূৰ কৰে। 

৯)  পেচাব জ্বলা-পোৰা কৰিলে শিলিখা চূৰ্ণ খালে নিৰাময় হয়৷ 

১০)  ডিঙিৰ বিষ, মাত ভঙা আদিত মৌৰ লগত শিলিখাৰ গুৰি খালে ৰোগ উপশম হয়৷ 

১১) পাইলচ বা অৰ্শ ৰোগীয়ে দিনটোত এটাকৈ হ’লেও শিলিখা খোৱাটো অত্যন্ত দৰকাৰ; তেনে কৰিলে বহুখিনি সুফল পাব পাৰে৷ 

১২) আনহাতে শৌচ খোলোচা নোহোৱা, খজুৱতি, পেট ফুলা আদি ৰোগৰ বাবে শিলিখা উত্তম পথ্য৷ 

১৩) শিলিখাই শাৰীৰিক আৰু মানসিক শক্তি বৃদ্ধিত সহায় কৰে। 

১৪) শিলিখা খালে ছাল মসৃণ হয়।

শিলিখাৰ প্ৰধান কাম হ’ল- 

অনাৱশ্যক আৰু বৰ্জ্য দ্ৰব্যবোৰ শৰীৰৰ পৰা নিষ্কাশন কৰি শৰীৰটোক প্ৰাকৃতিক অৱস্থাত ৰাখি ইয়াৰ সমূহ তন্ত্ৰকে সক্ৰিয় ৰূপত ৰক্ষা কৰা।

'যি খায় তিনি শিলিখা তাৰ মানত ৰোগ টিলিকা'। এই বচনফাঁকিৰ অৰ্থ হ'ল যি নিতৌ তিনিটাকৈ শিলিখা খায় তাৰ মানত ৰোগ টিলিকা লাগি থাকে অৰ্থাৎ ৰোগে শৰীৰত প্ৰশ্ৰয় নাপায়।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক