--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শীতকালৰ এবিধ জনপ্ৰিয় পাচলি মূলা। মূলা নোহোৱাকৈ চালাড খোৱাটো যেন অসম্পূৰ্ণ হৈ পৰে। বিশেষকৈ শীতকালত মূলা বেছিকৈ খোৱা হয়। কেতিয়াবা চালাড, কেতিয়াবা আচাৰ, কেতিয়াবা পৰঠা আৰু কেতিয়াবা মূলা ভাজি-তৰকাৰীত দি খোৱা হয়। বহুতো ঔষধি গুণ মূলাত লুকাই থাকে, যিবোৰ স্বাস্থ্যৰ বাবে উপকাৰী। মূলা হৃদযন্ত্ৰ আৰু যকৃতৰ বাবে উপকাৰী, কিন্তু বেছিকৈ মূলা খোৱাটোও শৰীৰৰ বাবে সমস্যা হৈ পৰিব পাৰে। মূলা অতিমাত্ৰা খালে বহু ৰোগ হ’ব পাৰে।

১) হাইপোথাইৰয়ডিজমৰ আশংকাঃ মূলা খোৱাৰ ফলত থাইৰ’ট্ৰপিনৰ মাত্ৰা বৃদ্ধি পায়, যাৰ ফলত হাইপ’থাইৰয়ডিজমৰ সম্ভাৱনা বৃদ্ধি পায়। অধিক মূলা খালে আয়’ডিনৰ কাৰ্য্যক্ষমতাতো প্ৰভাৱ পৰে। মূলা বেছিকৈ খোৱাৰ বাবে থাইৰয়ড গ্ৰন্থিৰ ওজন বাঢ়ি যায়, যাৰ ফলত থাইৰয়ড হয়। থাইৰয়ড ৰোগীয়ে মূলা খোৱাৰ পৰা বিৰত থাকিব লাগে।

২) হাইপ’গ্লাইচেমিয়াঃ মূলা সেৱন কৰিলে তেজত থকা চেনিৰ মাত্ৰা বহু পৰিমাণে হ্ৰাস পাব পাৰে। যদি চেনিৰ পৰিমাণ বেছি কম হয়, তেন্তে এই অৱস্থাক হাইপ’গ্লাইচেমিয়া বোলা হয়। এইটো ডায়েবেটিছৰ এক বিপদজনক অৱস্থা।

৩) শৰীৰত ডিহাইড্ৰেট কৰাঃ মূলাৰ ফলত শৰীৰ ডিহাইড্ৰেট হ’ব পাৰে। মূলা খালে প্ৰস্ৰাৱ বৃদ্ধি পায়, যাৰ বাবে শৰীৰত পানীৰ অভাৱ হয়। ডিহাইড্ৰেচন শৰীৰৰ বাবে ভাল নহয়। মূলা সেৱন কৰিলেও শৰীৰত ছডিয়ামৰ অভাৱ হ’ব পাৰে। যাৰ বাবে বৃক্কৰ ক্ষতি হ’ব পাৰে।

৪) ৰক্তচাপৰ সমস্যাঃ মূলাত থকা পুষ্টিকৰ উপাদানে ৰক্তচাপ কমোৱাৰ কাম কৰে। যদি আপোনাৰ ৰক্তচাপ ইতিমধ্যে কম হৈছে, তেন্তে মূলা অতিমাত্ৰা সেৱন কৰাটো পৰিহাৰ কৰিব লাগে। মূলা খালে ৰক্তচাপ বহু পৰিমাণে হ্ৰাস পাব পাৰে, যিটো হৃদযন্ত্ৰৰ বাবে উপকাৰী নহয়। মূলা অতিমাত্ৰা খোৱাৰ ফলত উদ্বেগ, মূৰ ঘূৰোৱা আৰু স্নায়বিক সমস্যাৰ সৃষ্টি হ’ব পাৰে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু