--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৱশেষত অপেক্ষাৰ অন্ত পৰিল। ঘোষণা কৰা হ’ল টি-২০ বিশ্বকাপৰ ভাৰতীয় দল। এইবেলি টি-২০ বিশ্বকাপ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৱেষ্ট ইণ্ডিজত অনুষ্ঠিত হ'ব। ভাৰতে ৰোহিত শৰ্মাৰ নেতৃত্বত খেলিব। ঋষভ পণ্ট ১৬ মাহৰ পিছত দললৈ উভতি আহিছে। মটৰ দুৰ্ঘটনাৰ পিছত তেওঁ  প্ৰথমবাৰৰ বাবে ভাৰতীয় দললৈ আহিছে। মঙলবাৰে ভাৰতীয় নিৰ্বাচকসকলে টি-২০ বিশ্বকাপৰ বাবে ১৫ জনীয়া দল ঘোষণা কৰে। 

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে (বিচিচিআই) ৰোহিত শৰ্মাৰ জন্মদিনত ১৫ জনীয়া দলটো ঘোষণা কৰে। এই বছৰৰ টি-২০ বিশ্বকাপ ২ জুনৰ পৰা আৰম্ভ হ'ব। প্ৰতিযোগিতাখন আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৱেষ্ট ইণ্ডিজত অনুষ্ঠিত হ'ব। ভাৰতৰ  ১৫ জনীয়া দলটোত বিৰাট কোহলী আৰু যশপ্ৰীত বুমৰাহৰ দৰে অভিজ্ঞ ক্ৰিকেটাৰ অন্তৰ্ভুক্ত হৈছে। যশস্বী জয়ছোৱালৰ দৰে যুৱ ক্ৰিকেটাৰো এইবাৰ দলত  আছে। 

 এই বছৰৰ আই পি এলত বিৰাট ফৰ্মত আছে। বেছিভাগ ৰাণ তেওঁৰ বেটৰ পৰা আহিছে। ৰোহিতেও বিৰাটক দলত বিচাৰিছিল। গতিকে তেওঁক বাদ দিয়াৰ প্ৰশ্নই উঠিব নোৱাৰে।  অৱশ্যে, বিশ্বকাপত বিৰাটক অপেনাৰ হিচাপে দেখা যাব নে নাই সেয়া  এতিয়াও স্পষ্ট নহয়। কাৰণ ৰোহিত আৰু যশস্বী দলত আছে। তেওঁলোক অপেনাৰো। টি-২০ ৰেংকিঙত এক নম্বৰ স্থানত থকা সূৰ্যকুমাৰ যাদৱ ভাৰতীয় দলত আছে। সঞ্জু চেমছনো দলত আছে। তেওঁ আই পি এলত ভাল খেলিছিল আৰু ভাৰতীয় দলত স্থান লাভ কৰিছিল। কিন্তু দলত ঠাই নাপালে লোকেশ ৰাহুলে। বহুতে প্ৰশ্ন কৰিছিল যে হাৰ্দিক পাণ্ডিয়াক খেলোৱা হ'ব নে নাই। । হাৰ্ডিকক উপ-অধিনায়ক কৰা হৈছে। 

টি-২০ বিশ্বকাপৰ ভাৰতীয় দলটোঃ
ৰোহিত শর্মা (অধিনায়ক), বিৰাট কোহলী,যশস্বী জয়ছোৱাল,সূৰ্যকুমাৰ যাদৱ,ঋষভ পন্ট ,সঞ্জু চেমচন,হার্দিক পাণ্ডিয়া (উপ-অধিনায়ক),শিৱম দুবে,ৰবীন্দ্ৰ জাদেজা,অক্ষৰ পেটেল,যুজবেন্দ্র চাহাল,অর্শ্বদীপ সিং,কুলদীপ যাদৱ,যশপ্রীত বুমৰাহ,মহম্মদ ছিৰাজ

ৰিজার্ভ খেলুৱৈসকলঃ  শুভমন গীল, ৰিংকু সিং, খলিল আহমেদ আৰু আভেছ খান 

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ