--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৱশেষত অপেক্ষাৰ অন্ত পৰিল। ঘোষণা কৰা হ’ল টি-২০ বিশ্বকাপৰ ভাৰতীয় দল। এইবেলি টি-২০ বিশ্বকাপ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৱেষ্ট ইণ্ডিজত অনুষ্ঠিত হ'ব। ভাৰতে ৰোহিত শৰ্মাৰ নেতৃত্বত খেলিব। ঋষভ পণ্ট ১৬ মাহৰ পিছত দললৈ উভতি আহিছে। মটৰ দুৰ্ঘটনাৰ পিছত তেওঁ  প্ৰথমবাৰৰ বাবে ভাৰতীয় দললৈ আহিছে। মঙলবাৰে ভাৰতীয় নিৰ্বাচকসকলে টি-২০ বিশ্বকাপৰ বাবে ১৫ জনীয়া দল ঘোষণা কৰে। 

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে (বিচিচিআই) ৰোহিত শৰ্মাৰ জন্মদিনত ১৫ জনীয়া দলটো ঘোষণা কৰে। এই বছৰৰ টি-২০ বিশ্বকাপ ২ জুনৰ পৰা আৰম্ভ হ'ব। প্ৰতিযোগিতাখন আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৱেষ্ট ইণ্ডিজত অনুষ্ঠিত হ'ব। ভাৰতৰ  ১৫ জনীয়া দলটোত বিৰাট কোহলী আৰু যশপ্ৰীত বুমৰাহৰ দৰে অভিজ্ঞ ক্ৰিকেটাৰ অন্তৰ্ভুক্ত হৈছে। যশস্বী জয়ছোৱালৰ দৰে যুৱ ক্ৰিকেটাৰো এইবাৰ দলত  আছে। 

 এই বছৰৰ আই পি এলত বিৰাট ফৰ্মত আছে। বেছিভাগ ৰাণ তেওঁৰ বেটৰ পৰা আহিছে। ৰোহিতেও বিৰাটক দলত বিচাৰিছিল। গতিকে তেওঁক বাদ দিয়াৰ প্ৰশ্নই উঠিব নোৱাৰে।  অৱশ্যে, বিশ্বকাপত বিৰাটক অপেনাৰ হিচাপে দেখা যাব নে নাই সেয়া  এতিয়াও স্পষ্ট নহয়। কাৰণ ৰোহিত আৰু যশস্বী দলত আছে। তেওঁলোক অপেনাৰো। টি-২০ ৰেংকিঙত এক নম্বৰ স্থানত থকা সূৰ্যকুমাৰ যাদৱ ভাৰতীয় দলত আছে। সঞ্জু চেমছনো দলত আছে। তেওঁ আই পি এলত ভাল খেলিছিল আৰু ভাৰতীয় দলত স্থান লাভ কৰিছিল। কিন্তু দলত ঠাই নাপালে লোকেশ ৰাহুলে। বহুতে প্ৰশ্ন কৰিছিল যে হাৰ্দিক পাণ্ডিয়াক খেলোৱা হ'ব নে নাই। । হাৰ্ডিকক উপ-অধিনায়ক কৰা হৈছে। 

টি-২০ বিশ্বকাপৰ ভাৰতীয় দলটোঃ
ৰোহিত শর্মা (অধিনায়ক), বিৰাট কোহলী,যশস্বী জয়ছোৱাল,সূৰ্যকুমাৰ যাদৱ,ঋষভ পন্ট ,সঞ্জু চেমচন,হার্দিক পাণ্ডিয়া (উপ-অধিনায়ক),শিৱম দুবে,ৰবীন্দ্ৰ জাদেজা,অক্ষৰ পেটেল,যুজবেন্দ্র চাহাল,অর্শ্বদীপ সিং,কুলদীপ যাদৱ,যশপ্রীত বুমৰাহ,মহম্মদ ছিৰাজ

ৰিজার্ভ খেলুৱৈসকলঃ  শুভমন গীল, ৰিংকু সিং, খলিল আহমেদ আৰু আভেছ খান 

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু