--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় তাৰকা ক্ৰিকেটাৰ মহেন্দ্ৰ সিং ধোনিৰ ফেন ফ’ল’ৱাৰৰ বিষয়ে সকলোৱে জানে। তেওঁৰ বাবে অনুৰাগীসকলে যিকোনো কাম কৰিবলৈ সাজু। এতিয়া আই পি এল ২০২৪ৰ সময়ত এম এছ ধোনীৰ বাবে প্ৰেমিকাৰ সৈতে বিচ্ছেদ হোৱা এজন ডাঙৰ অনুৰাগীৰ বিষয়ে বহু চৰ্চা চলিছে। কিন্তু বিশ্বাস কৰক, ইয়াৰ আঁৰৰ কাৰণ জানিলে আপুনি আচৰিত হ'ব, এই অনুৰাগীৰ ব্ৰেকআপত মাহীৰ ভূমিকা কি জানো আহক।

দেওবাৰে নিশা চেন্নাই ছুপাৰ কিংছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মাজত এখন হাই ভল্টেজ মেচ অনুষ্ঠিত হয়। এই মেচৰ সময়ত এজন অনুৰাগীৰ পোষ্টাৰ যথেষ্ট ভাইৰেল হৈছিল। এই পোষ্টটোৰ জৰিয়তে অনুৰাগীয়ে কয় প্ৰেমিকাৰ সৈতে ব্ৰেকআপৰ কথা। কিন্তু, ইয়াৰ আঁৰৰ কাহিনীটো জানিলে আপুনি আচৰিত হ’ব। আচলতে এই পোষ্টটোত লিখা আছে, 'মই মোৰ প্ৰেমিকাৰ লগত ব্ৰেকআপ কৰিলোঁ কাৰণ তাইৰ নামত ৭টা আখৰ নাছিল।' 

এই পোষ্টাৰত অনুৰাগীয়ে এম এছ ধোনিৰ নাম লোৱা নাই যদিও সকলোৱে বুজি পাইছিল যে মহেন্দ্ৰ সিং ধোনীক উদ্দেশ্যিয়ে এই কথা কোৱা হৈছে, যাৰ জাৰ্চি নম্বৰ ৭ আৰু তেওঁৰ জন্মদিনো ৭ জুলাইত পৰে।

আই পি এল ২০২৪ত অনুৰাগীক সন্তুষ্ট কৰাৰ কোনো সুযোগ এৰি যোৱা নাই এম এছ ধোনীয়ে। শেষত আহি তেওঁ কিছু বলত ছয় আৰু চাৰি মাৰিবলৈ ধৰে। দেওবাৰে এছ আৰ এইচৰ বিৰুদ্ধেও মাহীয়ে ২টা বল খেলিছিল, য’ত তেওঁ ১ চাৰি ৰান কৰি ৫ ৰান সংগ্ৰহ কৰিছিল। এই ছিজনৰ প্ৰদৰ্শনৰ কথা ক’বলৈ গ’লে ধোনীয়ে ২৫৯.৪৬ ষ্ট্ৰাইক ৰেটত ৯খন মেচত ৯৬ ৰান সংগ্ৰহ কৰিছে।

আই পি এল ২০২৪ত চেন্নাই ছুপাৰ কিংছে ভাল প্ৰদৰ্শন আগবঢ়াইছে। দলটোৱে এতিয়ালৈকে ৯খন খেল খেলিছে য’ত ৫খন খেলত জয়লাভ কৰিছে আৰু ৪খন খেলত পৰাস্ত হৈছে। বৰ্তমান পইণ্ট তালিকাত তৃতীয় স্থানত আছে দলটো। প্লে অফৰ দৌৰত এতিয়াও বহু আগবাঢ়ি আছে ৰুতুৰাজ গাইকৱাদৰ দল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ