--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় তাৰকা ক্ৰিকেটাৰ মহেন্দ্ৰ সিং ধোনিৰ ফেন ফ’ল’ৱাৰৰ বিষয়ে সকলোৱে জানে। তেওঁৰ বাবে অনুৰাগীসকলে যিকোনো কাম কৰিবলৈ সাজু। এতিয়া আই পি এল ২০২৪ৰ সময়ত এম এছ ধোনীৰ বাবে প্ৰেমিকাৰ সৈতে বিচ্ছেদ হোৱা এজন ডাঙৰ অনুৰাগীৰ বিষয়ে বহু চৰ্চা চলিছে। কিন্তু বিশ্বাস কৰক, ইয়াৰ আঁৰৰ কাৰণ জানিলে আপুনি আচৰিত হ'ব, এই অনুৰাগীৰ ব্ৰেকআপত মাহীৰ ভূমিকা কি জানো আহক।

দেওবাৰে নিশা চেন্নাই ছুপাৰ কিংছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মাজত এখন হাই ভল্টেজ মেচ অনুষ্ঠিত হয়। এই মেচৰ সময়ত এজন অনুৰাগীৰ পোষ্টাৰ যথেষ্ট ভাইৰেল হৈছিল। এই পোষ্টটোৰ জৰিয়তে অনুৰাগীয়ে কয় প্ৰেমিকাৰ সৈতে ব্ৰেকআপৰ কথা। কিন্তু, ইয়াৰ আঁৰৰ কাহিনীটো জানিলে আপুনি আচৰিত হ’ব। আচলতে এই পোষ্টটোত লিখা আছে, 'মই মোৰ প্ৰেমিকাৰ লগত ব্ৰেকআপ কৰিলোঁ কাৰণ তাইৰ নামত ৭টা আখৰ নাছিল।' 

এই পোষ্টাৰত অনুৰাগীয়ে এম এছ ধোনিৰ নাম লোৱা নাই যদিও সকলোৱে বুজি পাইছিল যে মহেন্দ্ৰ সিং ধোনীক উদ্দেশ্যিয়ে এই কথা কোৱা হৈছে, যাৰ জাৰ্চি নম্বৰ ৭ আৰু তেওঁৰ জন্মদিনো ৭ জুলাইত পৰে।

আই পি এল ২০২৪ত অনুৰাগীক সন্তুষ্ট কৰাৰ কোনো সুযোগ এৰি যোৱা নাই এম এছ ধোনীয়ে। শেষত আহি তেওঁ কিছু বলত ছয় আৰু চাৰি মাৰিবলৈ ধৰে। দেওবাৰে এছ আৰ এইচৰ বিৰুদ্ধেও মাহীয়ে ২টা বল খেলিছিল, য’ত তেওঁ ১ চাৰি ৰান কৰি ৫ ৰান সংগ্ৰহ কৰিছিল। এই ছিজনৰ প্ৰদৰ্শনৰ কথা ক’বলৈ গ’লে ধোনীয়ে ২৫৯.৪৬ ষ্ট্ৰাইক ৰেটত ৯খন মেচত ৯৬ ৰান সংগ্ৰহ কৰিছে।

আই পি এল ২০২৪ত চেন্নাই ছুপাৰ কিংছে ভাল প্ৰদৰ্শন আগবঢ়াইছে। দলটোৱে এতিয়ালৈকে ৯খন খেল খেলিছে য’ত ৫খন খেলত জয়লাভ কৰিছে আৰু ৪খন খেলত পৰাস্ত হৈছে। বৰ্তমান পইণ্ট তালিকাত তৃতীয় স্থানত আছে দলটো। প্লে অফৰ দৌৰত এতিয়াও বহু আগবাঢ়ি আছে ৰুতুৰাজ গাইকৱাদৰ দল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু