--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টি-২০ বিশ্বকাপত পাকিস্তানক পৰাস্ত কৰি আমেৰিকাই ইতিহাস ৰচনা কৰে। সেই জয় আহিছিল সৌৰভ নেত্ৰভলকাৰৰ হাতেৰে। তেওঁৰ জন্ম হৈছিল মুম্বাইত। লগতে ১৯ বছৰ অনুৰ্ধ বিশ্বকাপতো ভাৰতৰ হৈ খেলিছিল। কিন্তু সৌৰভে মুম্বাইৰ ৰঞ্জী দলত স্থান নোপোৱাকৈয়ে দেশ এৰি গুচি যায়। পঢ়িবলৈ আমেৰিকালৈ গৈছিল। কিন্তু ক্ৰিকেটে সৌৰভক এৰি যোৱা নাছিল। গতিকে তেওঁ খেলি বিশ্বকাপৰ মঞ্চত পাকিস্তানক পৰাস্ত কৰে।

বৃহস্পতিবাৰে ছুপাৰ অভাৰত অধিনায়ক মনক পেটেলে সৌৰভক গতাই দিয়ে বলটো। পাকিস্তানক ১৩ ৰানত সীমাবদ্ধ কৰি দলটোক জয় প্ৰদান কৰে সৌৰভে। ২০১০ চনত তৰুণ সৌৰভ ভাৰতৰ ১৯ বছৰ অনুৰ্ধ দলত আছিল। সেইবাৰ নিউজিলেণ্ডত অনুষ্ঠিত হৈছিল ১৯ বছৰ অনুৰ্ধ বিশ্বকাপ। সেই প্ৰতিযোগিতাত তেওঁ ভাৰতৰ হৈ সৰ্বাধিক উইকেট দখল কৰিছিল।

বাওঁহাতৰ সৌৰভে অতি কম বয়সতে নিজৰ প্ৰতিভা দেখুৱাইছিল। ২০০৮–০৯ ছিজনত কুচবিহাৰ ট্ৰফীত ৬খন মেচত ৩০টা উইকেট দখল কৰিছিল। ইয়াৰ পিছত ১৯ বছৰ অনুৰ্ধ ভাৰতীয় দলত খেলি সফলতা লাভ কৰে। ২০১০ চনত সৌৰাভেৰাই ১৯ বছৰ অনুৰ্ধ বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলৰ পৰা অৱসৰ গ্ৰহণ কৰে। ভাবিছিল যে বাওঁহাতৰ পেচাৰগৰাকীয়ে মুম্বাইৰ ৰঞ্জী দলত স্থান লাভ কৰিব। কিন্তু সেই সময়ত মুম্বাই দলত অজিত আগৰকাৰ, জহীৰ খান, প্ৰকাশ ছালভি, ধভাল কুলকাৰ্ণীৰ দৰে পেচাৰ আছিল। ফলত সৌৰভে নিয়মীয়াকৈ সুযোগ পোৱা নাছিল।

মুম্বাইৰ দলত সুযোগ নোপোৱা সৌৰভে সেই সময়ত কম্পিউটাৰ ইঞ্জিনিয়াৰিঙত স্নাতক ডিগ্ৰী লাভ কৰিছিল। নিউয়ৰ্কৰ কৰ্নেল বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ অধ্যয়নৰ সুযোগ পাইছিল। ২০১৫ চনত সৌৰভে ভাৰতৰ হৈ ক্ৰিকেট খেলাৰ সপোন এৰি আমেৰিকালৈ গুচি যায়। কিন্তু তেওঁ ক্ৰিকেট এৰি যোৱা নাছিল। পঢ়া-শুনা সমাপ্ত কৰি তেওঁ আমেৰিকাত চাকৰিৰ সুযোগ পালে। সৌৰভে ছুটিৰ দিনত ক্ৰিকেট খেলে। ইয়াৰ মাজতে তেওঁ আমেৰিকাৰ নাগৰিকত্ব লৈ ঘৰুৱা ক্ৰিকেটত নিজৰ নাম উজলাইছিল।

ক্ৰমান্বয়ে তেওঁ আমেৰিকাৰ মূল দলত নিজৰ স্থান দখল কৰে। ৩২ বছৰীয়া সৌৰভ এতিয়া সেই দলৰ এক গুৰুত্বপূৰ্ণ সদস্য।

মুম্বাইৰ পৰা নিউয়ৰ্কলৈ যোৱা পথটো সৌৰভৰ বাবে সহজ নাছিল। ক্ৰিকেট তেওঁৰ বাবে এক আবেগিক স্থান। ক্ৰিকেট খেলি ভাল পায়। এবাৰ ভাৰতৰ হৈ খেলাৰ সপোন দেখিছিল। কিন্তু এবাৰ সৌৰভে পেছাদাৰী ক্ৰিকেটৰ পৰা আঁতৰি আহিছিল। অধ্যয়ন কৰি আমেৰিকাৰ আই টি কোম্পানী এটাত যোগদান কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ