--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জন্ম মুম্বাইত। ২০১০ চনত ভাৰতৰ ১৯ বছৰ অনুৰ্ধ দলক প্ৰতিনিধিত্ব কৰিছিল, য’ত কে এল ৰাহুল, জয়দেৱ উনাদকটৰ দৰে ক্ৰিকেটাৰ আছিল। পিছত মুম্বাই ৰঞ্জী ট্ৰফী দললৈও আহিল। কিন্তু নিয়মীয়াকৈ খেলাৰ সুযোগ নাপালে।

সৌৰভ নেত্ৰভালকাৰে ক্ৰিকেটলৈ পিঠি দি আমেৰিকালৈ গুচি যায়। তেতিয়া কোনে কল্পনা কৰিলেহেঁতেন যে তেওঁ টি-২০ বিশ্বকাপৰ মঞ্চত নতুন নায়ক হিচাপে অভিষেক ঘটাব! বৃহস্পতিবাৰে পাকিস্তানৰ বিৰুদ্ধে ছুপাৰ অভাৰত জয়লাভ কৰাৰ পাছত নিশাৰ ভিতৰতে সৌৰভৰ জীৱন সলনি হৈছে।

সৌৰভে আমেৰিকাৰ এটা আই টি কোম্পানীত চফটৱেৰ ইঞ্জিনিয়াৰ হিচাপে যোগদান কৰে। অৱশ্যে ক্ৰিকেটৰ পৰা নিজকে আঁতৰাই ৰাখিব নোৱাৰিলে। বাছেৰে আহি থাকোঁতে টিমে পঢ়া-শুনা কৰিছিল। অনুশীলন কৰি থাকোঁতে লেপটপ লৈ পঢ়িছিল। খেলপথাৰৰ বাহিৰত ‘উকুলেলে’ (বিশেষ বাদ্যযন্ত্ৰ)ৰ সৈতেও তেওঁ গান গায়। বৃহস্পতিবাৰৰ জয়ৰ পিছৰে পৰা ছ’চিয়েল মিডিয়াত সৌৰভৰ ওপৰত গুৰুত্ব দিবলৈ আৰম্ভ কৰিছে। সকলোৱে কৈছে যে পাকিস্তান ক্ৰিকেটাৰৰ হাতত নহয় অভিযন্তাৰ হাতত পৰাস্ত হৈছিল।

শুকুৰবাৰে ভগ্নী নিধিয়ে ছচিয়েল মিডিয়াত দাদাৰ বিষয়ে আৱেগিক বাৰ্তা প্ৰদান কৰে। তেওঁ লিখিছে, "জিকাটো তেওঁৰ বাবে এক অতি ব্যক্তিগত অনুভূতি। যোৱা কেইঘণ্টামানৰ ভিতৰত সৌৰভৰ নামত কমেও ৫০টা উল্লাসৰ শব্দ শুনিছো। তেওঁৰ বাবে উল্লাস কৰাৰ পিছত নতুন ধৰণে অনুভৱ কৰো, আমি কি সুন্দৰ সংস্কৃতিত বাস কৰো।’’ তেওঁ লগতে লিখিছে, ‘এয়া কেৱল পাকিস্তানৰ বিৰুদ্ধে আমেৰিকাৰ ঐতিহাসিক বিজয় নহয়, আমাৰ দীঘলীয়া যাত্ৰাত জড়িত সকলো লোকৰ প্ৰতিও আমি কৃতজ্ঞ। আমি আমাৰ ওচৰ-চুবুৰীয়াৰ প্ৰতিও সমানেই কৃতজ্ঞ।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ