--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় দলে খেোৰ আগতেই খেলপথাৰত হাৰ্দিক পাণ্ডিয়া! এই অদ্ভুত ঘটনাটো দেখা গ’ল ৱেষ্ট ইণ্ডিজ আৰু পাপুয়া নিউগিনিৰ মাজত টি-২০ বিশ্বকাপৰ খেলখনত।

ছচিয়েল মিডিয়াত ভাইৰেল হৈছে এখন ছবি। এইটো হৈছে ৱেষ্ট ইণ্ডিজ বনাম পাপুয়া নিউ গিনিৰ মেচৰ স্ক’ৰব’ৰ্ড। বিশ্বকাপৰ ডিজিটেল সম্প্ৰচাৰৰ দায়িত্বত থকা হটষ্টাৰে দেখুৱাইছে স্ক’ৰব’ৰ্ড। মুঠ পাঁচজন ক্ৰিকেটাৰৰ নাম। ৱেষ্ট ইণ্ডিজৰ ৰষ্টন চেজ, ব্ৰেণ্ডন কিং আৰু আন্দ্ৰে ৰাছেল আৰু পাপুয়া নিউগিনিৰ চেছা বুয়া আৰু আছাদ ভালা। কিন্তু পাঁচোজনৰে নামৰ কাষত হাৰ্দিকৰ ছবি।

এনে লাগে যেন কাৰিকৰী বিজুতি। ক্ৰিকেটাৰসকলৰ নাম বেলেগ হ’লেও তেওঁলোকৰ ছবি দেখুৱাওঁতে হাৰ্দিকৰ ছবিখন কেনেবাকৈ স্থাপন কৰা হৈছে। সম্প্ৰচাৰ চেনেলৰ ভুলৰ বাবে এই কাণ্ড হৈছে।

বিশ্বকাপত আয়োজক দেশ ৱেষ্ট ইণ্ডিজে প্ৰথমখন খেলত জয়লাভ কৰে। প্ৰথমে বেটিং কৰি পাপুয়া নিউগিনিয়ে ৮ উইকেট হেৰুৱাই ১৩৬ ৰান সংগ্ৰহ কৰে। ৱেষ্ট ইণ্ডিজে ৬টা বল বাকী থকা অৱস্থাত ৫ উইকেটত জয়লাভ কৰে যদিও ৰান খেদিবলৈ কিছু সমস্যাৰ সন্মুখীন হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ