--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গ্ৰুপ পৰ্যায়ৰ খেল বাকী থকা অৱস্থাত চলিত টি-২০ বিশ্বকাপৰ পৰা আঁতৰি আহিছে নিউজিলেণ্ডে। ইয়াৰ পিছত দলটোৰ পেচাৰ ট্ৰেণ্ট ব’ল্টে কয় যে এইটো তেওঁৰ শেষ টি-২০ বিশ্বকাপ। আন্তঃৰাষ্ট্ৰীয় টি-২০ৰ পৰা অৱসৰ ল’ব নে নাই সেই সন্দৰ্ভত একো কোৱা নাই ব’ল্ট। অৱশ্যে বিশেষজ্ঞসকলৰ মতে অনাগত দিনত টি-২০ ক্ৰিকেটত নিউজিলেণ্ডৰ জাৰ্চি পিন্ধি বল্টক আৰু দেখা নাযায়।

নিউজিলেণ্ডে আফগানিস্তান আৰু ৱেষ্ট ইণ্ডিজৰ হাতত পৰাস্ত হৈ তৃতীয়খন মেচত উগাণ্ডাক পৰাস্ত কৰে। অৱশ্যে তেওঁলোকৰ ভাগ্য সলনি নহ’ল। তাৰ আগতে তেওঁলোকে বিশ্বকাপ ছুপাৰ ৮ৰ যুদ্ধ এৰিছিল। উগাণ্ডাৰ মেচখনৰ পাছত সংবাদমেলত ব’ল্টে অৱসৰৰ ইংগিত দিয়ে।

সংবাদমেলত ব’ল্টে কয়, ‘এয়া মোৰ শেষ টি-২০ বিশ্বকাপ। সেইটোৱেই মোৰ ক’বলগীয়া হৈছিল।" বল্টে লগতে কয় যে চলিত বিশ্বকাপত ব্যৰ্থ হৈ তেওঁলোক কিমান হতাশ। তেওঁ কয়, ‘ছুপাৰ ৮লৈ যাব নোৱাৰাৰ বাবে আমি হতাশ হৈছো। দলৰ সকলো বিধ্বস্ত। প্ৰতিযোগিতাৰ আৰম্ভণিতে আমাক আঘাত কৰা হৈছিল। তাৰ পৰা উভতি আহিব নোৱাৰিলোঁ৷ সেয়াইতো টি-২০ ক্ৰিকেট।"

টি-২০ বিশ্বকাপত মুঠ ১৭খন খেল খেলিছে বল্টে। ললে ৩২ টা উইকেট। প্ৰতিযোগিতাখনৰ ইতিহাসত সৰ্বাধিক উইকেট গ্ৰহণকাৰীৰ তালিকাত তেওঁ এতিয়াও ১০ নম্বৰত আছে। দুবছৰ পূৰ্বে বল্টে নিজেই নিউজিলেণ্ডৰ কেন্দ্ৰীয় চুক্তিৰ পৰা নিজৰ নাম প্ৰত্যাহাৰ কৰিছিল। ইয়াৰ পিছত তেওঁ অতি কম আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছিল। এইবাৰ তেওঁ টি-২০ৰ পৰা অৱসৰ লোৱাৰ ইংগিত দিলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ