--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰৰ টি-২০ বিশ্বকাপৰ গ্ৰুপ পৰ্যায়ৰ পৰা বাহিৰ হৈছে শ্ৰীলংকা। এতিয়াও এখন মেচ বাকী আছে যদিও তেওঁলোকৰ বাবে ছুপাৰ ৮ত উপনীত হোৱাটো সম্ভৱ নহয়। এই পৰাজয়ৰ বাবে দেশবাসীৰ ওচৰত ক্ষমা বিচাৰিলে বিশ্ব বিজয়ী অল ৰাউণ্ডাৰ এঞ্জেলো মেথিউছে।

২০১৪ চনত শ্ৰীলংকাই টি-২০ বিশ্বকাপত জয়লাভ কৰিছিল। সেই দলটোৰ সদস্য আছিল মেথিউছ। টি-২০ বিশ্বকাপৰ গ্ৰুপ পৰ্যায়ৰ পৰা বাহিৰ হোৱাৰ ১০ বছৰৰ পাছত তেওঁ কয়, ‘মই ভাবো আমি সমগ্ৰ দেশক নিৰাশ কৰিছো। আমি দুখী আমি আমাৰ সম্ভাৱনা অনুসৰি খেলিব পৰা নাছিলো।'

এই বিশ্বকাপৰ আৰম্ভণি শ্ৰীলংকাই পৰাজয়ৰ সৈতে। প্ৰথম দক্ষিণ আফ্ৰিকা। ইয়াৰ পিছত বাংলাদেশৰ বিৰুদ্ধে পৰাস্ত হয়। নেপালৰ বিৰুদ্ধে খেলখন বৰষুণৰ বাবে উটুৱাই লৈ যায় বাবে এটা পইণ্ট লাভ কৰে। শেষৰখন খেল হ’ব নেদাৰলেণ্ডৰ বিৰুদ্ধে। সোমবাৰে শ্ৰীলংকাই সেই মেচ খেলিব।

মেথিউছে কয় যে মই ভবা নাছিলো যে এনেকুৱা হ’ব। আমি বহুতো কঠিন পৰিস্থিতিৰ মাজেৰে পাৰ হৈছো। কিন্তু সেই সকলোবোৰ কথা ভাবি এতিয়া লাভ নাই। পৰৱৰ্তী পৰ্যায়লৈ যাব নোৱাৰাটো হতাশাজনক অনুভৱ হয়।” ২০১৪ চনত টি-২০ বিশ্বকাপ জয় কৰাত মেথিউছে মুখ্য ভূমিকা পালন কৰিছিল। শেষৰখন মেচত তেওঁ জয়ী হ’ব বিচাৰে। মেথিউছে কয় যে আমাৰ আৰু এখন খেল বাকী আছে। মই মোৰ সন্মান মনত ৰাখি খেলিম।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ