--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চলিত বিশ্বকাপৰ প্ৰথমখন খেল মঙলবাৰে নেপালে খেলিছিল। নেদাৰলেণ্ডৰ হাতত পৰাস্ত হয়। যদিও দলটো পৰাস্ত হয়, তথাপিও দলৰ অধিনায়ক ৰোহিত পৌডেলে ইতিহাস ৰচনা কৰে।

বিশ্বকাপৰ দ্বিতীয় অধিনায়ক হিচাপে নেপালৰ নেতৃত্বত আছে পৌডেল। ইয়াৰ পূৰ্বে ২০১৪ চনৰ টি-২০ বিশ্বকাপত নেপালক নেতৃত্ব দিছিল পৰাস খাৰকাই। তেওঁ এদিনীয়া আৰু টি-২০ মেচ সম্পূৰ্ণ কৰি বিশ্বকাপৰ ইতিহাসৰ আটাইতকৈ কম বয়সীয়া অধিনায়ক হিচাপে পৰিগণিত হয়। ২১ বছৰ ২৭৬ দিন বয়সত তেওঁ নেপালক বিশ্বকাপলৈ লৈ যায়।

ইয়াৰ পূৰ্বে বিশ্বকাপৰ নেতৃত্ব দিয়া আটাইতকৈ কম বয়সীয়া ক্ৰিকেটাৰ আছিল প্ৰছপাৰ উট্ছিয়া। ২১ বছৰ আৰু ৩৫৪ দিন বয়সত তেওঁ ২০০৭ চনৰ এদিনীয়া বিশ্বকাপত জিম্বাবুৱেৰ নেতৃত্ব দিছিল। বাংলাদেশৰ অধিনায়ক ছাকিব আল হাছান এই তালিকাত তৃতীয় স্থানত আছে। ২০১০ চনত টি-২০ বিশ্বকাপত বাংলাদেশক নেতৃত্ব দিছিল। সেই সময়ত ছাকিবৰ বয়স আছিল ২৩ বছৰ ৩৮ দিন।

নেদাৰলেণ্ডৰ বিৰুদ্ধে প’ডেলে ৫০ সংখ্যক টি-২০ খেলিছিল। ব্যক্তিগত আদৰ্শ দাঙি ধৰিলেও নেপালে ভাল খেলিব নোৱাৰিলে। প্ৰথমে বেটিং কৰি ১৯.২ অভাৰত ১০৬ ৰান সংগ্ৰহ কৰি অল আউট হয়। দলটোৰ হৈ পৌডেলে সৰ্বাধিক ৩৫ ৰান সংগ্ৰহ কৰে। ইয়াৰ উত্তৰত নেদাৰলেণ্ডে ১৮.৪ অভাৰত ৪টা উইকেট হেৰুৱাই মেচখনত জয়লাভ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ