--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চলিত বিশ্বকাপৰ প্ৰথমখন খেল মঙলবাৰে নেপালে খেলিছিল। নেদাৰলেণ্ডৰ হাতত পৰাস্ত হয়। যদিও দলটো পৰাস্ত হয়, তথাপিও দলৰ অধিনায়ক ৰোহিত পৌডেলে ইতিহাস ৰচনা কৰে।

বিশ্বকাপৰ দ্বিতীয় অধিনায়ক হিচাপে নেপালৰ নেতৃত্বত আছে পৌডেল। ইয়াৰ পূৰ্বে ২০১৪ চনৰ টি-২০ বিশ্বকাপত নেপালক নেতৃত্ব দিছিল পৰাস খাৰকাই। তেওঁ এদিনীয়া আৰু টি-২০ মেচ সম্পূৰ্ণ কৰি বিশ্বকাপৰ ইতিহাসৰ আটাইতকৈ কম বয়সীয়া অধিনায়ক হিচাপে পৰিগণিত হয়। ২১ বছৰ ২৭৬ দিন বয়সত তেওঁ নেপালক বিশ্বকাপলৈ লৈ যায়।

ইয়াৰ পূৰ্বে বিশ্বকাপৰ নেতৃত্ব দিয়া আটাইতকৈ কম বয়সীয়া ক্ৰিকেটাৰ আছিল প্ৰছপাৰ উট্ছিয়া। ২১ বছৰ আৰু ৩৫৪ দিন বয়সত তেওঁ ২০০৭ চনৰ এদিনীয়া বিশ্বকাপত জিম্বাবুৱেৰ নেতৃত্ব দিছিল। বাংলাদেশৰ অধিনায়ক ছাকিব আল হাছান এই তালিকাত তৃতীয় স্থানত আছে। ২০১০ চনত টি-২০ বিশ্বকাপত বাংলাদেশক নেতৃত্ব দিছিল। সেই সময়ত ছাকিবৰ বয়স আছিল ২৩ বছৰ ৩৮ দিন।

নেদাৰলেণ্ডৰ বিৰুদ্ধে প’ডেলে ৫০ সংখ্যক টি-২০ খেলিছিল। ব্যক্তিগত আদৰ্শ দাঙি ধৰিলেও নেপালে ভাল খেলিব নোৱাৰিলে। প্ৰথমে বেটিং কৰি ১৯.২ অভাৰত ১০৬ ৰান সংগ্ৰহ কৰি অল আউট হয়। দলটোৰ হৈ পৌডেলে সৰ্বাধিক ৩৫ ৰান সংগ্ৰহ কৰে। ইয়াৰ উত্তৰত নেদাৰলেণ্ডে ১৮.৪ অভাৰত ৪টা উইকেট হেৰুৱাই মেচখনত জয়লাভ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু