--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইটোৰ পিছত সিটো বিতৰ্ক। পাকিস্তান ক্ৰিকেটত বিতৰ্ক বন্ধ হোৱাৰ কোনো লক্ষণ নাই। খবৰ অনুসৰি টি-২০ বিশ্বকাপৰ পূৰ্বে এইবাৰ ধনৰ বিনিময়ত ক্ৰিকেটাৰসকলৰ সৈতে ৰাতিৰ আহাৰ গ্ৰহণৰ ব্যৱস্থা কৰা হৈছে।

পাকিস্তানৰ প্ৰাক্তন অধিনায়ক ৰছিদ লতিফে এক অনুষ্ঠানত এই খবৰ দিয়ে। তাতে তেওঁ কয়- ''বিশ্বকাপ খেলি থাকোঁতে ক্ৰিকেটাৰসকলে আনুষ্ঠানিক ৰাতিৰ আহাৰত অংশগ্ৰহণ কৰিব পাৰে। কিন্তু ব্যক্তিগত ৰাতিৰ আহাৰ গ্ৰহণৰ আয়োজন কৰা হৈছে। তাত কোৱা হৈছে যে ২০০০ টকা দি ক্ৰিকেটাৰসকলক লগ কৰিব পাৰি। তেওঁলোকৰ লগত পৰিচয় হ’ব পাৰে। এইটো ঠিক নহয়। মানুহে ক’ব পাৰে, আমাৰ দলৰ ক্ৰিকেটাৰসকলে উপাৰ্জনৰ বাবেই এই কাম কৰিছে।’

লতিফে কয় - ''পাকিস্তানত ধনৰ বিনিময়ত ক্ৰিকেটাৰক লগ পোৱাৰ ঘটনা নতুন নহয়।’’ তেওঁ কয়, "মোক বহুতে কৈছে যে ইয়াত ক্ৰিকেটাৰ এজনক লগ পোৱাৰ কথা কওঁতে প্ৰথমে প্ৰশ্ন উত্থাপন হয় যে আপুনি কিমান টকা দিব পাৰে? আমাৰ সময় এনেকুৱা নাছিল। আমি যেতিয়া বিশ্বকাপ খেলিবলৈ গৈছিলো তেতিয়া আমি ২-৩ টা ৰাতিৰ আহাৰ খাবলৈ গৈছিলো। আটাইকেইটা চৰকাৰে আয়োজন কৰিছিল। এতিয়া তেনেকুৱা হোৱা নাই।"

লতিফে কয় - ''ক্ৰিকেটাৰসকলৰ ভাবমূৰ্তি আৰু বেয়া হৈ আহিছে। এই ঘটনাৰ লগত আৰ্থিক দিশ জড়িত হৈ আছে। কোনো সংগঠনে যদি ভাল কামৰ বাবে এনেদৰে ধন লৈছিল, মই বুজি পাম, তাত যোগদান কৰাটো মানৱীয় কৰ্তব্য। কিন্তু ইয়াত ইমানেই নহয়। পাকিস্তান ক্ৰিকেট আৰু সৰ্বোপৰি পাকিস্তানৰ সন্মান ইয়াৰ সৈতে জড়িত। কৰা উচিত নহয়।”

ইয়াৰ পূৰ্বে বিশ্বকাপ খেলি থাকোঁতে দলটোৰ ক্ৰিকেটাৰ আজম খানে টকাৰ বাণ্ডিলেৰে কপালৰ ঘাম মচি বিতৰ্কত লিপ্ত হৈছিল। কিছুদিন পূৰ্বে অধিনায়ক বাবৰ আজমে কাৰ্যক্ষেত্ৰত আজমৰ ওজনক লৈ ধেমালি কৰি বিতৰ্কক ইন্ধন যোগাইছিল। এইবাৰ তেওঁলোক আন এক বিতৰ্কৰ মাজত সোমাই পৰিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ