--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইটোৰ পিছত সিটো বিতৰ্ক। পাকিস্তান ক্ৰিকেটত বিতৰ্ক বন্ধ হোৱাৰ কোনো লক্ষণ নাই। খবৰ অনুসৰি টি-২০ বিশ্বকাপৰ পূৰ্বে এইবাৰ ধনৰ বিনিময়ত ক্ৰিকেটাৰসকলৰ সৈতে ৰাতিৰ আহাৰ গ্ৰহণৰ ব্যৱস্থা কৰা হৈছে।

পাকিস্তানৰ প্ৰাক্তন অধিনায়ক ৰছিদ লতিফে এক অনুষ্ঠানত এই খবৰ দিয়ে। তাতে তেওঁ কয়- ''বিশ্বকাপ খেলি থাকোঁতে ক্ৰিকেটাৰসকলে আনুষ্ঠানিক ৰাতিৰ আহাৰত অংশগ্ৰহণ কৰিব পাৰে। কিন্তু ব্যক্তিগত ৰাতিৰ আহাৰ গ্ৰহণৰ আয়োজন কৰা হৈছে। তাত কোৱা হৈছে যে ২০০০ টকা দি ক্ৰিকেটাৰসকলক লগ কৰিব পাৰি। তেওঁলোকৰ লগত পৰিচয় হ’ব পাৰে। এইটো ঠিক নহয়। মানুহে ক’ব পাৰে, আমাৰ দলৰ ক্ৰিকেটাৰসকলে উপাৰ্জনৰ বাবেই এই কাম কৰিছে।’

লতিফে কয় - ''পাকিস্তানত ধনৰ বিনিময়ত ক্ৰিকেটাৰক লগ পোৱাৰ ঘটনা নতুন নহয়।’’ তেওঁ কয়, "মোক বহুতে কৈছে যে ইয়াত ক্ৰিকেটাৰ এজনক লগ পোৱাৰ কথা কওঁতে প্ৰথমে প্ৰশ্ন উত্থাপন হয় যে আপুনি কিমান টকা দিব পাৰে? আমাৰ সময় এনেকুৱা নাছিল। আমি যেতিয়া বিশ্বকাপ খেলিবলৈ গৈছিলো তেতিয়া আমি ২-৩ টা ৰাতিৰ আহাৰ খাবলৈ গৈছিলো। আটাইকেইটা চৰকাৰে আয়োজন কৰিছিল। এতিয়া তেনেকুৱা হোৱা নাই।"

লতিফে কয় - ''ক্ৰিকেটাৰসকলৰ ভাবমূৰ্তি আৰু বেয়া হৈ আহিছে। এই ঘটনাৰ লগত আৰ্থিক দিশ জড়িত হৈ আছে। কোনো সংগঠনে যদি ভাল কামৰ বাবে এনেদৰে ধন লৈছিল, মই বুজি পাম, তাত যোগদান কৰাটো মানৱীয় কৰ্তব্য। কিন্তু ইয়াত ইমানেই নহয়। পাকিস্তান ক্ৰিকেট আৰু সৰ্বোপৰি পাকিস্তানৰ সন্মান ইয়াৰ সৈতে জড়িত। কৰা উচিত নহয়।”

ইয়াৰ পূৰ্বে বিশ্বকাপ খেলি থাকোঁতে দলটোৰ ক্ৰিকেটাৰ আজম খানে টকাৰ বাণ্ডিলেৰে কপালৰ ঘাম মচি বিতৰ্কত লিপ্ত হৈছিল। কিছুদিন পূৰ্বে অধিনায়ক বাবৰ আজমে কাৰ্যক্ষেত্ৰত আজমৰ ওজনক লৈ ধেমালি কৰি বিতৰ্কক ইন্ধন যোগাইছিল। এইবাৰ তেওঁলোক আন এক বিতৰ্কৰ মাজত সোমাই পৰিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু