--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বুধবাৰে পুৱাৰে পৰা গায়েনাত একেৰাহে ১২ ঘণ্টা ধৰি বৰষুণ দি আছে। এই খেলপথাৰত বৃহস্পতিবাৰে ভাৰত আৰু ইংলেণ্ডৰ মাজত টি-২০ বিশ্বকাপৰ  ছেমি ফাইনেল অনুষ্ঠিত হ’ব।  কিন্তু খেলৰ সময়ত প্ৰচণ্ড বৰষুণ হোৱাৰ সম্ভাৱনা আছে৷

বুধবাৰে পুৱা ভাৰতে অনুশীলন কৰাৰ কথা আছিল। ইংলেণ্ডে দুপৰীয়া অনুশীলন কৰে। গায়ানাৰ পৰিস্থিতিত অনুশীলন কৰাটো প্ৰায় অসম্ভৱ হৈ পৰিছে। ছ’চিয়েল মিডিয়াত দেখা গৈছে গায়ানাৰ কিছু ফটো। তাত দেখা যায়, আকাশত ডাঠ ক’লা ডাৱৰ। ৰাস্তা-ঘাটতো জমা হৈছে পানী।

জনা গৈছে যে বৃহস্পতিবাৰৰ খেলৰ সময়ত এই পৰিস্থিতি থাকিব। ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাৰ পৰা খেলখন আৰম্ভ হৈছিল যদিও স্থানীয় ৱেষ্ট ইণ্ডিজৰ সময় অনুসৰি পুৱা ১০:৩০ বজাত। একুৱেদাৰে জনোৱা মতে, পুৱা ১০ বজাত বৰষুণৰ সম্ভাৱনা ৬৬ শতাংশ। ১১ বজাত ৭৫ শতাংশলৈ বৃদ্ধি পালে। দুপৰীয়া ১২ বজাত বজ্ৰপাতৰ সৈতে বৰষুণৰ সম্ভাৱনা। সেই সময়ত বৰষুণৰ সম্ভাৱনা ৮৭ শতাংশ। দুপৰীয়া ২ বজালৈকে বজ্ৰপাতৰ সম্ভাৱনা। ৫ বজাত বৰষুণৰ সম্ভাৱনা ৫১ শতাংশ। গোটেই দিনটো আপেক্ষিক আৰ্দ্ৰতা ৮০ শতাংশ হ’ব।

পূৰ্বাভাস অনুসৰি যদি বৰষুণ হয় তেন্তে খেলিবলৈ সমস্যা হ’ব। কাৰণ, ৱেষ্ট ইণ্ডিজৰ পথাৰসমূহৰ নিষ্কাশন ব্যৱস্থা বৰ ভাল নহয়। গোটেই পথাৰখনো ঢাকি থোৱা নাই। ফলস্বৰূপে পথাৰত কৰ্মৰত সকলে অশেষ কষ্ট কৰি পানী আঁতৰাব লগা হয়। আম্পায়াৰ সন্তুষ্ট নোহোৱালৈকে তেওঁলোকে খেল আৰম্ভ নকৰে। ফলত খেলখন আচলতে খেলা হ’ব নে নহয় তাত সন্দেহৰ সৃষ্টি হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু