--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বুধবাৰে পুৱাৰে পৰা গায়েনাত একেৰাহে ১২ ঘণ্টা ধৰি বৰষুণ দি আছে। এই খেলপথাৰত বৃহস্পতিবাৰে ভাৰত আৰু ইংলেণ্ডৰ মাজত টি-২০ বিশ্বকাপৰ  ছেমি ফাইনেল অনুষ্ঠিত হ’ব।  কিন্তু খেলৰ সময়ত প্ৰচণ্ড বৰষুণ হোৱাৰ সম্ভাৱনা আছে৷

বুধবাৰে পুৱা ভাৰতে অনুশীলন কৰাৰ কথা আছিল। ইংলেণ্ডে দুপৰীয়া অনুশীলন কৰে। গায়ানাৰ পৰিস্থিতিত অনুশীলন কৰাটো প্ৰায় অসম্ভৱ হৈ পৰিছে। ছ’চিয়েল মিডিয়াত দেখা গৈছে গায়ানাৰ কিছু ফটো। তাত দেখা যায়, আকাশত ডাঠ ক’লা ডাৱৰ। ৰাস্তা-ঘাটতো জমা হৈছে পানী।

জনা গৈছে যে বৃহস্পতিবাৰৰ খেলৰ সময়ত এই পৰিস্থিতি থাকিব। ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাৰ পৰা খেলখন আৰম্ভ হৈছিল যদিও স্থানীয় ৱেষ্ট ইণ্ডিজৰ সময় অনুসৰি পুৱা ১০:৩০ বজাত। একুৱেদাৰে জনোৱা মতে, পুৱা ১০ বজাত বৰষুণৰ সম্ভাৱনা ৬৬ শতাংশ। ১১ বজাত ৭৫ শতাংশলৈ বৃদ্ধি পালে। দুপৰীয়া ১২ বজাত বজ্ৰপাতৰ সৈতে বৰষুণৰ সম্ভাৱনা। সেই সময়ত বৰষুণৰ সম্ভাৱনা ৮৭ শতাংশ। দুপৰীয়া ২ বজালৈকে বজ্ৰপাতৰ সম্ভাৱনা। ৫ বজাত বৰষুণৰ সম্ভাৱনা ৫১ শতাংশ। গোটেই দিনটো আপেক্ষিক আৰ্দ্ৰতা ৮০ শতাংশ হ’ব।

পূৰ্বাভাস অনুসৰি যদি বৰষুণ হয় তেন্তে খেলিবলৈ সমস্যা হ’ব। কাৰণ, ৱেষ্ট ইণ্ডিজৰ পথাৰসমূহৰ নিষ্কাশন ব্যৱস্থা বৰ ভাল নহয়। গোটেই পথাৰখনো ঢাকি থোৱা নাই। ফলস্বৰূপে পথাৰত কৰ্মৰত সকলে অশেষ কষ্ট কৰি পানী আঁতৰাব লগা হয়। আম্পায়াৰ সন্তুষ্ট নোহোৱালৈকে তেওঁলোকে খেল আৰম্ভ নকৰে। ফলত খেলখন আচলতে খেলা হ’ব নে নহয় তাত সন্দেহৰ সৃষ্টি হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ