--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কুইণ্টন ডি ককে ২০১৫ চনৰ এদিনীয়া বিশ্বকাপত ৰান কৰিব কৰা নাছিল। ৮খন মেচত গড়ে ২০ ৰান সংগ্ৰহ কৰিছিল। বাওঁহাতৰ অ’পেনাৰগৰাকীয়ে বিপদত পৰিছিল। পেচাৰ্ছৰ বিৰুদ্ধে খেলিবলৈ তেওঁ অসুবিধা পাইছিল। কিন্তু ১৫ কেজি ওজনৰ এটা মাছে ডি’কক পুনৰ ফৰ্মলৈ উভটি আহিবলৈ উদ্যত কৰালে। নদীত মাছ ধৰি থকাৰ সময়তে ডি’ককে নিজৰ আত্মা ঘূৰাই আনিছিল।

দক্ষিণ আফ্ৰিকা এইবাৰৰ টি-২০ বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰে। সেই দলটোৰ অ’পেনাৰ ডি’কক। টেষ্ট আৰু ৱান ডে ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ পিছতো তেওঁ এতিয়াও টি-২০ত দেশৰ হৈ খেলি আছে। ডি ককৰ শৈশৱৰ প্ৰশিক্ষক জিঅ’ফ্ৰে ট্ৱানা। 

তেওঁ কয়, ‘মই ডি’কক ২০০৬ চনৰ পৰাই চিনি পাওঁ। তেতিয়া সি স্কুলত পঢ়ি আছিল। স্কুল ক্ৰিকেটত নাম উজলাইছে। সকলোৱে ডি’ককৰ কথা ক’বলৈ লয়। ১৬ বছৰ বয়সত তেওঁ সকলো মেচতে শতক কৰিছিল। কিন্তু সেই ডিককেও বেয়া সময়ৰ মাজেৰে পাৰ হৈ আহিছে৷’’

২০১৫ চনৰ বিশ্বকাপ শেষ হোৱাৰ পিছতে বিধ্বস্ত হৈ পৰিছিল ডি কক। তাৰপাছতে তেওঁ আফ্ৰিকাৰ চতুৰ্থ বৃহত্তম নদীত মাছ ধৰিবলৈ গৈছিল। তাত ধৰা পৰিল ১৫ কেজি ওজনৰ এটা টাইগাৰ মাছ। সেই ঘটনাৰ পিছত ডি ককে নিজৰ মানসিক শক্তি ঘূৰাই পালে। 

তেওঁৰ প্ৰশিক্ষকে কয়, ‘মাছ ধৰাতকৈ মিচেল জনছনৰ বাউন্সাৰ খেল অধিক কঠিন। কিন্তু ইমান ডাঙৰ মাছ ধৰিবলৈ ঘাম পেলাব লাগে। ডিকক এজন ভাল ক্ৰিকেটাৰ। কেতিয়াবা বিফলতাও আহে। কিন্তু তাৰ পৰা ওলাই আহিব জানে। তেওঁ সোনকালে শিকিব পাৰে। জীৱনৰ বিভিন্ন পৰিঘটনাৰ পৰা তেওঁ শিকে।"

এই টি-২০ বিশ্বকাপত ডি’ককে ৮খন মেচত ২০৪ ৰান সংগ্ৰহ কৰিছে। তেওঁ দুটা পঞ্চাশ ৰান কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ