--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টি-২০ বিশ্বকাপত অষ্ট্ৰেলিয়াক পৰাস্ত কৰি আফগানিস্তানে বাৰ্তা প্ৰেৰণ কৰে। যোৱা বছৰ আফগান দলটোৱে এদিনীয়া বিশ্বকাপ জয়ৰ ওচৰ চাপিছিল আৰু জয়ী হোৱা নাছিল। টি-২০ বিশ্বকাপত তেওঁলোকে সেই কাম কৰিছে। এই জয়ৰ পাছত ৰছিদ খানে অষ্ট্ৰেলিয়াক তেওঁলোকৰ পৰা ক্ৰিকেট কাঢ়ি নিদিবলৈ অনুৰোধ জনায়।

আফগানিস্তানত তালিবান ক্ষমতালৈ অহাৰ পিছৰে পৰা ছোৱালীৰ শিক্ষা আৰু ক্ৰীড়াৰ অধিকাৰ কৰ্তন কৰা হৈছে। ইয়াৰ প্ৰতিবাদত অষ্ট্ৰেলিয়াই আফগানিস্তানৰ বিৰুদ্ধে দ্বিপাক্ষিক শৃংখলা খেলাৰ সিদ্ধান্ত লৈছে। চলিত বৰ্ষৰ আৰম্ভণিতে টি-২০ শৃংখলাও বাতিল কৰিছিল।

অষ্ট্ৰেলিয়াক পৰাস্ত কৰাৰ পাছত ৰছিদে কয়, ‘আমি ক্ৰীড়াবিদ। ক্ৰীড়া ভাল পাওঁ দেশৰ মানুহেও খেলা-ধূলা ভাল পায়। ক্ৰিকেট দেশবাসীৰ বাবে একমাত্ৰ সুখৰ উৎস। আফগানিস্তানৰ মানুহে উদযাপন কৰিব পৰা একমাত্ৰ খেল। যদি আমি সেই সুখ কাঢ়ি লওঁ, তেন্তে আফগানিস্তানৰ বাবে কি বাকী থাকিব নাজানো।’

ৰছিদে লগতে কয়, ‘এতিয়া পৃথিৱীৰ যিকোনো ঠাইলৈ গৈ আফগানিস্তানৰ বুলি ক’লে মানুহে কোনোবা ক্ৰিকেটাৰৰ নাম শুদ্ধকৈ ক’ব পাৰিব। যদি আপুনি আমাৰ একমাত্ৰ সুখৰ উৎস কাঢ়ি নিবলৈ চেষ্টা কৰে তেন্তে আমাৰ বাবে বহুত দুখৰ বিষয় হ’ব।”

ৰছিদে কয় যে দেশৰ শাসন ব্যৱস্থাৰ ওপৰত তেওঁলোকৰ কোনো নিয়ন্ত্ৰণ নাই। ইচ্ছা কৰিলেও একো কৰিব নোৱাৰে। ৰছিদে কয়- ‘‘আমি যদি সমাধান পাওঁ তেন্তে আমি বহুত সুখী হ’ম। দুৰ্ভাগ্যজনকভাৱে নহয়। ৰাজনীতিৰ বিষয়ে একো নাজানো। মোৰ ভালো নালাগে। যদি আমি বিশ্বকাপত খেলিব পাৰো, তেন্তে দ্বিপাক্ষিক শৃংখলাত ক’ত সমস্যা?”

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ