--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইউৰো কাপত খেলিবলৈ আহিছে ২৪টা দল।  এইবাৰ ২৪টা দলৰ ভিতৰত ৫টা দলৰ প্ৰশিক্ষক ইটালীৰ। প্ৰতিজনেই নিজৰ পেছাত শ্ৰেষ্ঠ।

ইটালীৰ প্ৰশিক্ষক লুচিয়ানো স্পালেটি ইটালীৰ। তেওঁৰ সৈতে যোগ দিছে তুৰস্কৰ ভিনচেনজো মণ্টেলা, বেলজিয়ামৰ ডমেনিকো টেডেস্কো, হাংগেৰীৰ মাৰ্কো ৰছি আৰু শ্লোভাকিয়াৰ ফ্ৰান্সেস্কো কেলজোনা।

পাঁচজনৰ ভিতৰত চাৰিজনৰ মিল আছে। সকলো একেখন একাডেমীৰ ছাত্ৰ। ইটালীৰ ফুটবল এছ’চিয়েশ্যনৰ প্ৰশিক্ষক একাডেমীখনে বছৰৰ পিছত বছৰ ধৰি ভাল প্ৰশিক্ষক উৎপাদন কৰি আহিছে। ইটালীৰ প্ৰশিক্ষক সংস্থাৰ মুৰব্বী ৰেঞ্জো উলিভিয়াৰীও এই প্ৰশিক্ষক বিদ্যালয়ৰ মুৰব্বী।

কেৱল ৰাষ্ট্ৰীয় পৰ্যায়তে নহয়, ক্লাব পৰ্যায়তো ইটালীৰ প্ৰশিক্ষকসকল বিজয়ী। শেহতীয়াকৈ চেম্পিয়নছ লীগ জয় কৰা ৰিয়েল মাদ্রিদৰ প্রশিক্ষক কার্লো এঞ্চেল’টি ইটালীৰ৷ একক প্ৰশিক্ষক হিচাপে পাঁচটা চেম্পিয়নছ লীগ জয় কৰাৰ অভিলেখ তেওঁৰ হাতত আছে। আটালাণ্টাৰ ইউৰোপা লীগ বিজয়ী প্ৰশিক্ষক জিয়ানপিয়েৰো গাছপেৰিনি, ইউৰো কনফাৰেন্স লীগ বিজয়ী দলৰ প্ৰশিক্ষক ভিনচেনজো ইটালিয়ানো - এই সকলোৱেই জন্মসূত্ৰে ইটালীয়।

ইয়াৰ ভিতৰত টেডেস্কোৱেই একমাত্ৰ যিয়ে ইটালীৰ কোনো প্ৰশিক্ষক বিদ্যালয়ত পঢ়া নাছিল। যোৱা বছৰ তেওঁ বেলজিয়ামৰ দায়িত্ব লাভ কৰিছিল। কিন্তু দুবছৰ বয়সত তেওঁৰ পৰিয়াল ইটালী এৰি জাৰ্মানীলৈ গুচি যায়, গতিকে সেই দেশতে ডাঙৰ হৈ তেওঁ ফুটবল শিকিবলৈ সকলো সময় কটায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ