--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইউৰো কাপত খেলিবলৈ আহিছে ২৪টা দল।  এইবাৰ ২৪টা দলৰ ভিতৰত ৫টা দলৰ প্ৰশিক্ষক ইটালীৰ। প্ৰতিজনেই নিজৰ পেছাত শ্ৰেষ্ঠ।

ইটালীৰ প্ৰশিক্ষক লুচিয়ানো স্পালেটি ইটালীৰ। তেওঁৰ সৈতে যোগ দিছে তুৰস্কৰ ভিনচেনজো মণ্টেলা, বেলজিয়ামৰ ডমেনিকো টেডেস্কো, হাংগেৰীৰ মাৰ্কো ৰছি আৰু শ্লোভাকিয়াৰ ফ্ৰান্সেস্কো কেলজোনা।

পাঁচজনৰ ভিতৰত চাৰিজনৰ মিল আছে। সকলো একেখন একাডেমীৰ ছাত্ৰ। ইটালীৰ ফুটবল এছ’চিয়েশ্যনৰ প্ৰশিক্ষক একাডেমীখনে বছৰৰ পিছত বছৰ ধৰি ভাল প্ৰশিক্ষক উৎপাদন কৰি আহিছে। ইটালীৰ প্ৰশিক্ষক সংস্থাৰ মুৰব্বী ৰেঞ্জো উলিভিয়াৰীও এই প্ৰশিক্ষক বিদ্যালয়ৰ মুৰব্বী।

কেৱল ৰাষ্ট্ৰীয় পৰ্যায়তে নহয়, ক্লাব পৰ্যায়তো ইটালীৰ প্ৰশিক্ষকসকল বিজয়ী। শেহতীয়াকৈ চেম্পিয়নছ লীগ জয় কৰা ৰিয়েল মাদ্রিদৰ প্রশিক্ষক কার্লো এঞ্চেল’টি ইটালীৰ৷ একক প্ৰশিক্ষক হিচাপে পাঁচটা চেম্পিয়নছ লীগ জয় কৰাৰ অভিলেখ তেওঁৰ হাতত আছে। আটালাণ্টাৰ ইউৰোপা লীগ বিজয়ী প্ৰশিক্ষক জিয়ানপিয়েৰো গাছপেৰিনি, ইউৰো কনফাৰেন্স লীগ বিজয়ী দলৰ প্ৰশিক্ষক ভিনচেনজো ইটালিয়ানো - এই সকলোৱেই জন্মসূত্ৰে ইটালীয়।

ইয়াৰ ভিতৰত টেডেস্কোৱেই একমাত্ৰ যিয়ে ইটালীৰ কোনো প্ৰশিক্ষক বিদ্যালয়ত পঢ়া নাছিল। যোৱা বছৰ তেওঁ বেলজিয়ামৰ দায়িত্ব লাভ কৰিছিল। কিন্তু দুবছৰ বয়সত তেওঁৰ পৰিয়াল ইটালী এৰি জাৰ্মানীলৈ গুচি যায়, গতিকে সেই দেশতে ডাঙৰ হৈ তেওঁ ফুটবল শিকিবলৈ সকলো সময় কটায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু