--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানক পৰাস্ত কৰি টি-২০ বিশ্বকাপৰ ছুপাৰ এইট পৰ্যায়ৰ পথ মসৃণ কৰিব বিচাৰিছে ৰোহিত শৰ্মাই। আনহাতে প্ৰতিযোগিতাত বৰ্তি থাকিবলৈ বাবৰ আজমে ভাৰতক পৰাস্ত কৰিব লাগিব। কিন্তু সমস্ত উত্তেজনাক বাধা দিব নেকি বৰষুণে? ভাৰত-পাকিস্তানৰ মেচত বৰষুণৰ সম্ভাৱনা!

ভাৰত আৰু পাকিস্তানৰ ক্ৰিকেট অনুৰাগীৰ বাবে সুখবৰ দিব নোৱাৰিলে আমেৰিকাৰ বতৰ বিজ্ঞানীয়ে। তেওঁলোকে দেওবাৰে নিউয়ৰ্কত বৰষুণৰ ভৱিষ্যদ্বাণী কৰিছিল। দুপৰীয়া পিছত যদি বৰষুণ হয়, তেন্তে খেলখন সুকলমে আয়োজন কৰাটো কোনো সমস্যা নহ’ব। কিন্তু ৰাতিপুৱা বৰষুণ দিলে সমস্যা হ’ব পাৰে। কাৰণ টি-২০ বিশ্বকাপত ভাৰত-পাকিস্তানৰ খেলখন স্থানীয় সময় অনুযায়ী পুৱা ১০.৩০ বজাৰ পৰা আৰম্ভ হোৱাৰ কথা।

বতৰৰ আগজাননী অনুসৰি দেওবাৰে পুৱাৰ পৰা নিউয়ৰ্কৰ আকাশ ডাৱৰীয়া হৈ থাকিব। অৱশ্যে ৰাতিপুৱা বৰষুণ হোৱাৰ সম্ভাৱনা নাই। নিউয়ৰ্কত পুৱা ১০ বজাত বৰষুণৰ সম্ভাৱনা ১৫ শতাংশ। কিন্তু তাৰ পাছত ক্ৰমান্বয়ে বৰষুণৰ সম্ভাৱনা বাঢ়িব। পূৰ্বাভাসকাৰীসকলৰ মতে, দেওবাৰে পুৱা ১১ বজাৰ ভিতৰত নিউয়ৰ্কত বৰষুণ আৰু বজ্ৰপাতৰ সম্ভাৱনা আছে। সম্ভাৱনা ৫১ শতাংশ। এই সময়ছোৱাত তাপৰ মাত্ৰা ২২ ডিগ্ৰী চেলছিয়াছ হ’ব পাৰে। লঘু বতাহ বলিব পাৰে। দুপৰীয়া ১২ বজাত বৰষুণৰ সম্ভাৱনা ৪৭ শতাংশ। ১ বজাত বৰষুণৰ সম্ভাৱনা ৩৬ শতাংশ। দুপৰীয়া ২ বজাৰ পৰা বিয়লি ৪ বজালৈ ২০ শতাংশ বৰষুণৰ সম্ভাৱনা। তাপমাত্ৰা ২৩ৰ পৰা ২৫ ডিগ্ৰী চেলছিয়াছৰ ভিতৰত হ’ব। অৱশ্যে ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা নাই। লঘুৰ পৰা মধ্যমীয়া বৰষুণৰ আগজাননী দিয়া হৈছে।

বতৰ বিজ্ঞানীৰ পূৰ্বাভাস অনুসৰি ভাৰত-পাকিস্তানৰ খেলৰ সময়ত নিউয়ৰ্কত বৰষুণ হ’ব পাৰে। ফলত ৰোহিত-বাবৰৰ বেট-বল যুদ্ধত ব্যাঘাত জন্মিব পাৰে। বৰষুণৰ বাবে খেল বন্ধ কৰি দিলে পাকিস্তানে অধিক সমস্যাৰ সন্মুখীন হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু