--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানক পৰাস্ত কৰি টি-২০ বিশ্বকাপৰ ছুপাৰ এইট পৰ্যায়ৰ পথ মসৃণ কৰিব বিচাৰিছে ৰোহিত শৰ্মাই। আনহাতে প্ৰতিযোগিতাত বৰ্তি থাকিবলৈ বাবৰ আজমে ভাৰতক পৰাস্ত কৰিব লাগিব। কিন্তু সমস্ত উত্তেজনাক বাধা দিব নেকি বৰষুণে? ভাৰত-পাকিস্তানৰ মেচত বৰষুণৰ সম্ভাৱনা!

ভাৰত আৰু পাকিস্তানৰ ক্ৰিকেট অনুৰাগীৰ বাবে সুখবৰ দিব নোৱাৰিলে আমেৰিকাৰ বতৰ বিজ্ঞানীয়ে। তেওঁলোকে দেওবাৰে নিউয়ৰ্কত বৰষুণৰ ভৱিষ্যদ্বাণী কৰিছিল। দুপৰীয়া পিছত যদি বৰষুণ হয়, তেন্তে খেলখন সুকলমে আয়োজন কৰাটো কোনো সমস্যা নহ’ব। কিন্তু ৰাতিপুৱা বৰষুণ দিলে সমস্যা হ’ব পাৰে। কাৰণ টি-২০ বিশ্বকাপত ভাৰত-পাকিস্তানৰ খেলখন স্থানীয় সময় অনুযায়ী পুৱা ১০.৩০ বজাৰ পৰা আৰম্ভ হোৱাৰ কথা।

বতৰৰ আগজাননী অনুসৰি দেওবাৰে পুৱাৰ পৰা নিউয়ৰ্কৰ আকাশ ডাৱৰীয়া হৈ থাকিব। অৱশ্যে ৰাতিপুৱা বৰষুণ হোৱাৰ সম্ভাৱনা নাই। নিউয়ৰ্কত পুৱা ১০ বজাত বৰষুণৰ সম্ভাৱনা ১৫ শতাংশ। কিন্তু তাৰ পাছত ক্ৰমান্বয়ে বৰষুণৰ সম্ভাৱনা বাঢ়িব। পূৰ্বাভাসকাৰীসকলৰ মতে, দেওবাৰে পুৱা ১১ বজাৰ ভিতৰত নিউয়ৰ্কত বৰষুণ আৰু বজ্ৰপাতৰ সম্ভাৱনা আছে। সম্ভাৱনা ৫১ শতাংশ। এই সময়ছোৱাত তাপৰ মাত্ৰা ২২ ডিগ্ৰী চেলছিয়াছ হ’ব পাৰে। লঘু বতাহ বলিব পাৰে। দুপৰীয়া ১২ বজাত বৰষুণৰ সম্ভাৱনা ৪৭ শতাংশ। ১ বজাত বৰষুণৰ সম্ভাৱনা ৩৬ শতাংশ। দুপৰীয়া ২ বজাৰ পৰা বিয়লি ৪ বজালৈ ২০ শতাংশ বৰষুণৰ সম্ভাৱনা। তাপমাত্ৰা ২৩ৰ পৰা ২৫ ডিগ্ৰী চেলছিয়াছৰ ভিতৰত হ’ব। অৱশ্যে ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা নাই। লঘুৰ পৰা মধ্যমীয়া বৰষুণৰ আগজাননী দিয়া হৈছে।

বতৰ বিজ্ঞানীৰ পূৰ্বাভাস অনুসৰি ভাৰত-পাকিস্তানৰ খেলৰ সময়ত নিউয়ৰ্কত বৰষুণ হ’ব পাৰে। ফলত ৰোহিত-বাবৰৰ বেট-বল যুদ্ধত ব্যাঘাত জন্মিব পাৰে। বৰষুণৰ বাবে খেল বন্ধ কৰি দিলে পাকিস্তানে অধিক সমস্যাৰ সন্মুখীন হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ