--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তেওঁ দেশৰ টেনিছ তাৰকা। আন্তঃৰাষ্ট্ৰীয় মঞ্চত কেইবাটাও ট্ৰফী লাভ কৰি দেশৰ মুখ জিলিকিছে ছানিয়া মিৰ্জাই। গতিকে তেওঁৰ বায়’পিকক লৈ কৌতুহলী হোৱাটো স্বাভাৱিক। কিন্তু এইবাৰ ছানিয়াই নিজেই নিজৰ বায়’পিকক লৈ বিশেষ চৰ্ত দিলে।

শেহতীয়াকৈ ছানিয়াই কপিল শৰ্মাৰ কমেডী শ্ব’ত অভিনয় কৰিছিল। তাত বায়’পিকখনৰ বিষয়ে তেওঁক সোধা হৈছিল। এই অনুষ্ঠানত ছানিয়াৰ সৈতে আছিল ভাৰতীয় বক্সাৰ মেৰী কম। ২০১৪ চনত মেৰীৰ বায়’পিকত অভিনয় কৰিছিল প্ৰিয়ংকা চোপ্ৰাই। আনহাতে, ভাৰতীয় বেডমিণ্টন তাৰকা ছাইনা নেহালৰ বায়’পিকত অভিনয় কৰিছিল পৰিনীতি চোপ্ৰাই। কপিলে জানিব বিচাৰিছে- ‘‘তেওঁৰ বায়’পিকখনত ছানিয়াক কোনে চাব বিচাৰিব? ছানিয়াই ধেমালিতে উত্তৰ দিলে, "আন অভিনেত্ৰী বাকী আছে নেকি?" ইয়াৰ লগতে তেওঁ কয়, "আমাৰ দেশত বহু ভাল অভিনেত্ৰী আছে। যিকোনো ব্যক্তিয়ে অভিনয় কৰিব পাৰে। নহ'লে মই নিজেই অভিনয় কৰিব পাৰিম।''

ইয়াৰ সমান্তৰালকৈ কপিলে কয় যে শ্বাহৰুখ খানে এবাৰ এটা সাক্ষাৎকাৰত কৈছিল যে ছানিয়াৰ বায়’পিকত প্ৰেমিকৰ চৰিত্ৰত অভিনয় কৰিব বিচাৰে। সেই কথা শুনি ছানিয়া কিছু অপ্ৰস্তুত হৈ পৰিল। কাৰণ, শেহতীয়াকৈ পাকিস্তানী ক্ৰিকেটাৰ শ্বোৱেইব মালিকৰ সৈতে তাইৰ বিবাহ বিচ্ছেদ হৈছিল। কিন্তু ছানিয়াই ধেমালিতে ক'লে, "কিন্তু তাৰ আগতে মই এজন প্ৰেমিক বিচাৰিব লাগিব।"

কিন্তু ইয়াতেই শেষ নহয়। কপিলে জানিব বিচাৰে যে শ্বাহৰুখ মান্তি হ’লে ছানিয়াই ছবিখন কৰিব নেকি? ছানিয়াই ক'লে, "শ্বাহৰুখ মান্তি হ'লে হয়তো মই নিজেই অভিনয় কৰিম। ইয়াৰ বাহিৰেও অক্ষয় কুমাৰে মান্তি হ’লেও মই ছবিখন কৰিম।”

যোৱা কেইবছৰমানৰ পৰা ছানিয়া আৰু শ্বোয়াইবৰ সম্পৰ্ক ভাল নাছিল। দুয়োজনে পৃথকে পৃথকে বাস কৰিছিল চলিত বৰ্ষৰ ২০ জানুৱাৰীত শ্বোয়াইবে পাকিস্তানী অভিনেত্ৰী ছানা জাভেদৰ সৈতে তেওঁৰ বিয়াৰ ফটো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল। ইয়াৰ পিছত গম পোৱা যায় যে ছানিয়া আৰু শ্বোয়াইব বিচ্ছেদ হৈছে। এতিয়া চাওঁক অৱশেষত কোনে ছানিয়াৰ বায়’পিকত অভিনয় কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ