--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰশাসনে কোনো ধৰণৰ ৰিস্ক ল’ব নিবিচাৰে। তেওঁলোকে ক্ৰিকেটাৰৰ ওপৰত অতিৰিক্ত চাপ দিব নিবিচাৰে। টি-২০ বিশ্বকাপত ভাৰত-পাকিস্তানৰ মেচত সন্ত্ৰাসবাদী আক্ৰমণৰ আশংকা চলিছে। এই পৰিস্থিতিত আমেৰিকাত ভাৰতীয় ক্ৰিকেটাৰসকলৰ সুৰক্ষাৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে?

এতিয়াৰ বাবে ভাৰতীয় ক্ৰিকেটাৰৰ গতিবিধিৰ ওপৰত কোনো বাধা নাই। বিশ্বকাপলৈ যোৱাৰ পাছত সূৰ্যকুমাৰ যাদৱ, ৰিংকু সিং, শিৱম ডুবেক আমেৰিকাৰ ৰাজপথত ঘূৰি ফুৰা দেখা গ’ল। তাত থকা ৰেষ্টুৰেণ্টতো খাইছিল। অৱশ্যে পথাৰ আৰু হোটেলৰ নিৰাপত্তা যথেষ্ট কঠোৰ। প্ৰশাসনে তাত কোনো ধৰণৰ ৰিস্ক ল’ব নিবিচাৰে।

নাছাউ কাউন্টিৰ খেলপথাৰত ৯ জুনত ভাৰত-পাকিস্তানৰ খেল অনুষ্ঠিত হ’ব। তাৰ আগতে আৰক্ষী আয়ুক্ত পেট্ৰিক জে ৰাইডাৰে কৈছিল, “মই আপোনালোকক আশ্বস্ত কৰিছো, ৯ জুনত আটাইতকৈ নিৰাপদ স্থান হ’ব ষ্টেডিয়ামৰ ভিতৰত।”

ভাৰত-পাকিস্তানৰ মেচত আক্ৰমণৰ ভাবুকি দিছে আইছিছে। এটা ভিডিঅ’ মুকলি কৰিলে। ভাৰত-পাকিস্তানৰ খেলখনত আক্ৰমণৰ আহ্বান। এই আক্ৰমণৰ নাম দিয়া হৈছে ‘অকলশৰীয়া পহু’। ভিডিঅ’টোত কোৱা হৈছে যে যিকোনো ব্যক্তিয়েই এই আক্ৰমণ সংঘটিত কৰিব পাৰে।

ৰাইডাৰে এই ভাবুকিৰ বিষয়ে অৱগত কৰি কয় যে সকলো নিৰাপত্তাৰ ব্যৱস্থা কৰা হ’ব। তেওঁ কয়, ‘এটা ভিডিঅ’ বাৰ্তাত ‘অকলশৰীয়া পহু’ আক্ৰমণৰ ভাবুকি দিছে এটা উগ্ৰপন্থী সংগঠনে। ইমান ডাঙৰ মেচ আৰু বিশাল ভিৰৰ মাজত একো নুই কৰিব নোৱাৰি।"

কিন্তু এই ভাবুকি এৰাতিৰ ভিতৰতে দিয়া হোৱা নাই। ৰাইডাৰে কয় যে সন্ত্ৰাসবাদী সংগঠন আই এছ-খোৰাছানে যোৱা এপ্ৰিল মাহৰ পৰা এনে আক্ৰমণৰ ভাবুকি দি আহিছে। কিন্তু এইবাৰ ভাৰত-পাকিস্তানৰ খেলখনৰ বাবে বিশেষভাৱে এই ভাবুকি দিয়া হৈছে। শেহতীয়াকৈ নাছাউ ষ্টেডিয়ামৰ ওপৰত এখন ড্ৰ’ন দেখা গৈছিল। মেচখনৰ তাৰিখ লিখা আছে ‘৯/৬/২০২৪’। ইয়াৰ পিছত নিউয়ৰ্ক প্ৰশাসন কঁপাইছে।

নিউয়ৰ্কৰ গৱৰ্ণৰ কেথী হোকুলে নিউয়ৰ্ক ৰাজ্যৰ আৰক্ষীক নিৰাপত্তা বৃদ্ধিৰ নিৰ্দেশ দিছে। তেওঁ কয়, এই মুহূৰ্তত পৃথকে পৃথকে মানুহৰ সুৰক্ষাৰ ক্ষেত্ৰত কোনো সন্দেহ নাই। কিন্তু আমি পৰিস্থিতি নিৰীক্ষণ কৰি আছো। আমাৰ প্ৰশাসনে যোৱা কেইবামাহো ধৰি নাছাউ কাউন্টি আৰু ফেডাৰেল আইন প্ৰয়োগকাৰী সংস্থাৰ সৈতে সংস্পৰ্শত আছে। আমি নিশ্চিত কৰিম যে নিউয়ৰ্কৰ জনসাধাৰণ আৰু বাহিৰৰ পৰা অহাসকল সুৰক্ষিত।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু