--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অষ্ট্ৰেলিয়াই ভাল আৰম্ভণি কৰা নাছিল। টি-২০ বিশ্বকাপ খেলি থকাৰ সময়ত খেলপথাৰৰ বাহিৰত সমস্যাৰ সন্মুখীন হৈছিল। পেট কামিন্সে নিজৰ বেগটো হেৰুৱালে। মিচেল ষ্টাৰ্ক আৰু গ্লেন মেক্সৱেলে বিমান পলম কৰিছে।

আই পি এলৰ ফাইনেল খেলাৰ পিছতে দলটোত যোগদান কৰে কামিন্সে। কিন্তু ছিডনীৰ পৰা ৱেষ্ট ইণ্ডিজলৈ যোৱাৰ পথত তেওঁ অতিৰিক্ত দুদিন অপেক্ষা কৰিবলগীয়া হৈছিল। কামিন্সৰ পত্নী বেকীয়ে কয় যে তেওঁলোকৰ বেগবোৰ বাটত হেৰাই গৈছিল। সেইবাবেই দেৰি হৈছে। কামিন্সে এতিয়াও বেগটো ঘূৰাই পোৱা নাই।

আনহাতে ষ্টাৰ্ক আৰু মেক্সৱেলে আমেৰিকাৰ পৰা ৱেষ্ট ইণ্ডিজলৈ বিমান পলম কৰিছে। ফলত তেওঁলোকে এৰাতি লছ এঞ্জেলছত আৰু এৰাতি মিয়ামীত কটাবলগীয়া হ’ল। ইয়াৰ পিছত দুজন ক্ৰিকেটাৰ বাৰ্বাডোছত উপস্থিত হয়। আন এজন ক্ৰিকেটাৰ মাৰ্কাছ ষ্টোইনিছৰ কিট পলমকৈ আহি পালেহি। ফলত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ৱাৰ্ম আপ মেচত খেলিব নোৱাৰিলে।

বিশ্বকাপ আৰম্ভ হোৱাৰ পূৰ্বে একেলগে সময় কটাবলগীয়া হৈছে অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰসকলে। এই পৰিপ্ৰেক্ষিতত দলটোৰ স্পিনাৰ এষ্টন আগৰে কয় - ‘‘আই পি এলত বহুতে খেলিছে। দুদিন ঘৰত থাকিব নোৱাৰিলে। গতিকে আমি সকলোৱে একেলগে সময় কটাওঁ। ৱেষ্ট ইণ্ডিজ বৰ ধুনীয়া। মনটোক ভাল কৰি তোলে। বিশ্বকাপৰ পূৰ্বে নিজকে মানসিকভাৱে শক্তিশালী কৰাৰ চেষ্টা কৰা।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু