--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰত-পাকিস্তানৰ এখন মেচক লৈ যি উন্মাদনা, প্ৰত্যাশা আৰু হেঁচা আন কোনো খেলৰ দৰে নহয়। ফলত ক্ৰিকেটাৰৰ হেঁচাত পৰাটো স্বাভাৱিক। সেয়েহে দলৰ ক্ৰিকেটাৰসকলক শান্ত হৈ থাকিবলৈ আহ্বান পাকিস্তানৰ অধিনায়কে৷

টি-২০ বিশ্বকাপৰ ৭খন মেচৰ ভিতৰত ৬ খন খেলত জয়লাভ কৰিছে ভাৰতে। ২০২১ চনত পাকিস্তানে ১০ উইকেটত পৰাস্ত হৈছিল। সেই কথা মনত ৰাখি বাবৰে পিচিবিৰ প’ডকাষ্টত কয়, ‘আমি জানো যে বাকী মেচতকৈ ভাৰত-পাকিস্তানত অধিক অনুশীলন কৰা হয়। এই মেচখনৰ উন্মাদনা বেলেগ। কেৱল খেলুৱৈসকলৰ মাজতে নহয় অনুৰাগীৰ মাজতো বহু উত্তেজনাৰ সৃষ্টি হয়।’

বাবৰে ক’লে, পৃথিৱীৰ য’তেই যাওক, এই মেচখনৰ কথা আলোচনা হ’ব৷  প্ৰতিজন অনুৰাগীয়ে এই মেচখনৰ বাবে অপেক্ষা কৰে।

বাবৰৰ ভাষাত ক’বলৈ গ’লে, ‘এই মেচখনক কেন্দ্ৰ কৰি যি উন্মাদনা আৰু প্ৰত্যাশাক লৈ অলপ চিন্তিত হোৱাটো স্বাভাৱিক। যদি আপুনি শীতল মূৰ এটা ৰাখে, নিজকে শান্ত কৰি ৰাখে আৰু কঠোৰ পৰিশ্ৰম আৰু দক্ষতাত বিশ্বাস কৰে, তেতিয়া কামটো সহজ হ’ব।”

বাবৰে স্পষ্ট কৰি দিছে যে তেওঁলোকৰ একমাত্ৰ লক্ষ্য হৈছে টি-২০ বিশ্বকাপ জয় কৰা। তেওঁ ক’লে, “যেতিয়া আপুনি ডাঙৰ প্ৰতিযোগিতাত খেলে, তেতিয়া এক বেলেগ উত্তেজনা থাকে।” বিশ্বকাপত খেলাটো যিকোনো ক্ৰিকেটাৰৰ সপোন। আমি ট্ৰফী জয় কৰাৰ আশা কৰিছো। আমি সকলো দলৰ বিৰুদ্ধে আমাৰ শ্ৰেষ্ঠ ক্ৰিকেট খেলিব লাগিব।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ