--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীৰ তিহাৰ কাৰাগাৰত গেং ৱাৰৰ এক বৃহৎ ঘটনা পোহৰলৈ আহিছে। জানিব পৰা গৈছে যে এই ঘটনাত গেংষ্টাৰ প্ৰিন্স তেৱতিয়াক ছুৰীৰে আঘাত কৰি হত্যা কৰা হৈছে৷ তিহাৰ জেলৰ পি আৰ অ’ অৰবিন্দ কুমাৰে কয় যে ১৪ এপ্ৰিল শুকুৰবাৰে সন্ধিয়া ৫.৩০ বজাত তিহাৰৰ ৩ নং জেলত গেং ৱাৰ সংঘটিত হৈছিল, য’ত ৪ জন কয়দী আহত হৈছিল। আহত আটাইকেইজনকে দীন দয়াল হাস্পতালত ভৰ্তি কৰোৱা হৈছে। য'ত চিকিৎসকে প্ৰিন্স তেৱতিয়াক মৃত ঘোষণা কৰে।

অৰবিন্দ কুমাৰে কয় যে "ইয়াৰ পিছত ৩ নং কাৰাগাৰত কেন্দ্ৰীয় চিকিৎসালয় আছে। তাত তেওঁক প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হয়, তাৰ পিছত তেওঁক দিল্লীৰ দীন দয়াল চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। তাত চিকিৎসকে প্ৰিন্স তেৱতিয়াক মৃত ঘোষণা কৰে। অৱশ্যে বাকীকেইজন ক্ৰমে ববি, বিনয় আৰু আটাটুৰ ৰহমানৰ অৱস্থা সুস্থিৰ হৈ আছে।"

উল্লেখযোগ্য যে গেংষ্টাৰ প্ৰিন্স তেৱাটিয়াৰ এজন ভাতৃ আৰু এগৰাকী ভগ্নী আছে। তেওঁৰ পিতৃ ডি ডি এৰ পৰা অৱসৰ গ্ৰহণ কৰিছে। প্ৰিন্সৰ পঢ়া-শুনাৰ প্ৰতি তেওঁৰ আগ্ৰহ নাছিল। দশম মানলৈকে পঢ়াৰ পিছত তেওঁৰ কলনীৰ অসৎ মানুহৰ সংস্পৰ্শলৈ আহিছিল। ২০০৮ চনত প্ৰথমবাৰৰ বাবে প্ৰিন্সৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয়।






FOLLOW US F
POPULAR
FEATURE
TRENDY
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ