--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এক ঐতিহাসিক সিদ্ধান্তত গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে হিন্দী আৰু ইংৰাজীৰ বাহিৰেও ১৩টা আঞ্চলিক ভাষাত চিএপিএফৰ বাবে কনিষ্টবল (জিজে) পৰীক্ষা অনুষ্ঠিত কৰিবলৈ অনুমোদন জনাইছে। এই সিদ্ধান্ত গৃহমন্ত্ৰী অমিত শ্বাহৰ উদ্যোগত CAPF ত স্থানীয় যুৱক-যুৱতীসকলৰ অংশগ্ৰহণ বৃদ্ধি আৰু আঞ্চলিক ভাষাসমূহক উৎসাহিত কৰাৰ বাবে লোৱা হৈছে।

এই সিদ্ধান্ত অনুসৰি হিন্দী আৰু ইংৰাজীৰ বাহিৰেও প্ৰশ্নকাকতখন অসমীয়া, বাংলা, গুজৰাটী, মাৰাঠী, মালয়ালম, কানাড়া, তামিল, তেলেগু, ওদিয়া, উৰ্দু, পাঞ্জাবী, মণিপুৰী আৰু কংকনী ভাষাত স্থাপন কৰা হ’ব। ইয়াৰ অধীনত লাখ লাখ পৰীক্ষাৰ্থীয়ে নিজৰ মাতৃভাষা আৰু আঞ্চলিক ভাষাত পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিব, যাৰ ফলত তেওঁলোকৰ বাছনিৰ সম্ভাৱনা বৃদ্ধি পাব।

ষ্টাফ বাছনি আয়োগে অনুষ্ঠিত কৰা অন্যতম প্ৰধান পৰীক্ষাত কনিষ্টবল (জিডি) হৈছে, য’ত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা লাখ লাখ পৰীক্ষাৰ্থীয়ে অৱতীৰ্ণ হয়। হিন্দী আৰু ইংৰাজীৰ উপৰিও ২০২৪ চনৰ ০১ জানুৱাৰীৰ পৰা ১৩টা আঞ্চলিক ভাষাত এই পৰীক্ষা অনুষ্ঠিত হ’ব। এই সিদ্ধান্তৰ পিছত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল চৰকাৰসমূহে স্থানীয় যুৱক-যুৱতীসকলক তেওঁলোকৰ মাতৃভাষাত পৰীক্ষা দিবলৈ উৎসাহিত কৰিব বুলি আশা কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ