--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল  ডেস্কঃ    দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ  গ্ৰেপ্তাৰৰ  পিছত  আম আদমী পাৰ্টি আৰু বিজেপিৰ মাজত সংঘাত অধিক তীব্ৰতৰ হৈ পৰিছে।  ইয়াৰ মাজতে  আজি  তিহাৰ কাৰাগাৰৰ ডিজি সঞ্জয় বেনিৱালে কেজৰিৱাল প্ৰসংগত কেতবোৰ বিশ্ষ কথা সদৰী কৰে।  আপে কাৰাগাৰ প্ৰশাসনে কেজৰিৱালক ধীৰ গতিৰ বিহ প্ৰদান কৰিছে, তেওঁক ভাল খাদ্য দিয়া হোৱা নাই আদি  কথাবোৰ কৈ আহিছে।  ইয়াৰ উত্তৰত তেওঁ কয়, "যিকোনো লোকে অভিযোগ উত্থাপন কৰিব পাৰে, এই বিষয়টো  এতিয়া আদালতৰ বিচাৰাধীন হৈ  আছে, সেয়েহে এই সন্দৰ্ভত কোৱাটো ভাল কথা নহয়।" আদালতে  আপৰ আবেদনৰ ওপৰত যি সিদ্ধান্ত ল'ব সেয়া সকলোৰে বাবে গ্ৰহণযোগ্য হ'ব বুলিও তেওঁ কয়। 

তেওঁ লগতে কয়  যে তেওঁলোকে তেওঁলোকৰ পক্ষ উপস্থাপন কৰিছে, আমি আমাৰ পক্ষত আছো। শেহতীয়াকৈ মুখ্যমন্ত্ৰী কেজৰিৱালে তিহাৰ কাৰাগাৰ অধীক্ষকলৈ এখন পত্ৰ লিখিছে। এই পত্ৰখনত তেওঁ কাৰাগাৰ প্ৰশাসনৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে যে তিহাৰ  কাৰাগাৰ প্ৰশাসনে মিছা কৈ আ হিছে। তেওঁ  ইনচুলিন লাভ কৰা নাই।ডিজিক প্ৰশ্ন কৰা হৈছিল যে তিহাৰত ২০ হাজাৰ বন্দী আছে, এনে পৰিস্থিতিত, সকলোৰে স্বাস্থ্য সুবিধাকলৈ  প্ৰশ্ন উত্থাপিত হৈছে, তিহাৰ  কাৰাগাৰ প্ৰশাসনক চিকিৎসা সুবিধা প্ৰদান কৰাৰ ক্ষমতা দিয়া হৈছে নে? 

ইয়াৰ প্ৰত্যুত্তৰত ডিজিয়ে কয় যে দিল্লী চৰকাৰে গৃহীত কৰা নিয়মৰ আধাৰত কাৰাগাৰ প্ৰশাসন চলে। সকলো বন্দী একে, নিয়মবোৰ সকলোৰে বাবে সেয়ে  একে। আমাৰ ওচৰত ২০ হাজাৰ বন্দী আছে। সকলোৰে বিভিন্ন ৰোগ আছে। তিহাৰত প্ৰায় ৯০ জন বিশেষজ্ঞ চিকিৎসক আছে। জ্যেষ্ঠ চিকিৎসা বিষয়া আছে। সকলোৱে চিকিৎসা লাভ কৰি থকা বুলিও তেওঁ দাবী কৰে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ