--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল  ডেস্কঃ    দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ  গ্ৰেপ্তাৰৰ  পিছত  আম আদমী পাৰ্টি আৰু বিজেপিৰ মাজত সংঘাত অধিক তীব্ৰতৰ হৈ পৰিছে।  ইয়াৰ মাজতে  আজি  তিহাৰ কাৰাগাৰৰ ডিজি সঞ্জয় বেনিৱালে কেজৰিৱাল প্ৰসংগত কেতবোৰ বিশ্ষ কথা সদৰী কৰে।  আপে কাৰাগাৰ প্ৰশাসনে কেজৰিৱালক ধীৰ গতিৰ বিহ প্ৰদান কৰিছে, তেওঁক ভাল খাদ্য দিয়া হোৱা নাই আদি  কথাবোৰ কৈ আহিছে।  ইয়াৰ উত্তৰত তেওঁ কয়, "যিকোনো লোকে অভিযোগ উত্থাপন কৰিব পাৰে, এই বিষয়টো  এতিয়া আদালতৰ বিচাৰাধীন হৈ  আছে, সেয়েহে এই সন্দৰ্ভত কোৱাটো ভাল কথা নহয়।" আদালতে  আপৰ আবেদনৰ ওপৰত যি সিদ্ধান্ত ল'ব সেয়া সকলোৰে বাবে গ্ৰহণযোগ্য হ'ব বুলিও তেওঁ কয়। 

তেওঁ লগতে কয়  যে তেওঁলোকে তেওঁলোকৰ পক্ষ উপস্থাপন কৰিছে, আমি আমাৰ পক্ষত আছো। শেহতীয়াকৈ মুখ্যমন্ত্ৰী কেজৰিৱালে তিহাৰ কাৰাগাৰ অধীক্ষকলৈ এখন পত্ৰ লিখিছে। এই পত্ৰখনত তেওঁ কাৰাগাৰ প্ৰশাসনৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে যে তিহাৰ  কাৰাগাৰ প্ৰশাসনে মিছা কৈ আ হিছে। তেওঁ  ইনচুলিন লাভ কৰা নাই।ডিজিক প্ৰশ্ন কৰা হৈছিল যে তিহাৰত ২০ হাজাৰ বন্দী আছে, এনে পৰিস্থিতিত, সকলোৰে স্বাস্থ্য সুবিধাকলৈ  প্ৰশ্ন উত্থাপিত হৈছে, তিহাৰ  কাৰাগাৰ প্ৰশাসনক চিকিৎসা সুবিধা প্ৰদান কৰাৰ ক্ষমতা দিয়া হৈছে নে? 

ইয়াৰ প্ৰত্যুত্তৰত ডিজিয়ে কয় যে দিল্লী চৰকাৰে গৃহীত কৰা নিয়মৰ আধাৰত কাৰাগাৰ প্ৰশাসন চলে। সকলো বন্দী একে, নিয়মবোৰ সকলোৰে বাবে সেয়ে  একে। আমাৰ ওচৰত ২০ হাজাৰ বন্দী আছে। সকলোৰে বিভিন্ন ৰোগ আছে। তিহাৰত প্ৰায় ৯০ জন বিশেষজ্ঞ চিকিৎসক আছে। জ্যেষ্ঠ চিকিৎসা বিষয়া আছে। সকলোৱে চিকিৎসা লাভ কৰি থকা বুলিও তেওঁ দাবী কৰে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু