--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল  ডেস্কঃ কৰ্ণাটকত ঘটিছে এক ভয়ংকৰ ঘটনা।  এগৰাকী ২৮ বছৰীয়া মহিলাই  তেওঁক প্ৰথমে ধৰ্ষণ  কৰি ইছলাম ধৰ্ম গ্ৰহণ কৰিবলৈ বাধ্য কৰোৱাৰ গুৰুতৰ   অভিযোগ উত্থাপন কৰিছে।  ভুক্তভোগীয়ে মহিলাগৰাকীয়ে  অভিযোগত দাবী কৰিছে  যে অভিযুক্তজনে  তেওঁক  পত্নীৰ সন্মুখতে  ধৰ্ষণ কৰিছিল। দম্পতীহালে ভুক্তভোগীজনক কেইবামাহধৰি ইছলাম ধৰ্ম গ্ৰহণ কৰিবলৈ হেঁচা দি আহিছিল বুলিও মহিলাগৰাকীয়ে । তেওঁলোকে  তেওঁক ব্লেকমেইল কৰিবলৈ তেওঁৰ  কিছুমান ফটো ব্যৱহাৰ কৰিছিল বুলিও অভিযোগ কৰা হৈছে।

জি নিউজৰ বাতৰি অনুসৰি ঘটনাটো কৰ্ণাটকৰ বেলগাম চহৰত সংঘটিত হৈছে ।  এই ঘটনাত ৰফিক হৈছে মুখ্য অভিযুক্ত। দাবী কৰা হৈছে যে যোৱা বছৰ ৰফিক আৰু তেওঁৰ পত্নীয়ে মহিলাগৰাকীক তেওঁলোকৰ ঘৰত থাকিবলৈ বাধ্য কৰিছিল। এই সময়ছোৱাত ৰফিকে মহিলাগৰাকীক যৌন নিৰ্যাতন  চলাইছিল আৰু তেওঁৰ পত্নীৰ সৈতে মহিলাগৰাকীৰ অপত্তিজনক   ফটো তুলিছিল।

মহিলাগৰাকীয়ে তেওঁৰ অভিযোগত কৈছে  যে অভিযুক্ত দম্পতীহালে তেওঁক তেওঁৰ স্বামীক বিবাহ বিচ্ছেদ দিবলৈ হেঁচা দিছিল, যদি তেওঁ  তেনে কৰিবলৈ অস্বীকাৰ কৰে তেন্তে তেওঁৰ ফটো লিক কৰাৰো ভাবুকি দিছিল। যদি মহিলাগৰাকীয়ে   ধৰ্মান্তৰকৰণ কৰিবলৈ অস্বীকাৰ কৰে তেন্তে  তেওঁক মৃত্যুৰ ভাবুকিও দিয়া হৈছিল। 

বেলগামৰ আৰক্ষী অধীক্ষক ভীমাশংকৰ গুলেদাই কয় যে এই বছৰৰ এপ্ৰিলত  দম্পতীহালে মহিলাগৰাকীক বোৰ্খা পিন্ধিবলৈ আৰু প্ৰতিদিনে পাঁচবাৰ নামাজ পঢ়িবলৈ জোৰ কৰিছিল।
প্ৰতিবেদনঅনুসৰি, বেলগামৰ সৌন্দাট্টি আৰক্ষী থানাত সাতজন ব্যক্তিৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে। অভিযুক্তজনক ধৰ্ষণ, অপহৰণ, বন্দী  কৰা আৰু অপৰাধমূলক ভাবুকিকে ধৰি বিভিন্ন ধাৰাৰ অধীনত অভিযুক্ত কৰা হৈছে। তেওঁলোকক অনুসূচীত জাতি/জনজাতি আইনৰ অধীনতো অভিযুক্ত কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ