--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটাৰ পাছত আন এটা বিতৰ্কত সাঙোৰ খাই পৰিছে কাটাৰ বিশ্বকাপ৷ এইবাৰ বিশ্বকাপৰ মেচসমূহৰ টিকটৰ দামক লৈ তীব্ৰ চৰ্চা চলিছে৷ 

বিশ্বকাপৰ মেচসমূহৰ টিকটৰ মূল্য আকাশংঘী হৈছে৷ ফাইনেলৰ টিকটৰ দাম গড়ে ৬৮৪ পাউণ্ড তথা ৬৬ হাজাৰ টকা ধাৰ্য কৰা হৈছে৷ এই মূল্য ২০১৮ চনৰ ৰাছিয়া বিশ্বকাপৰ ফাইনেলতকৈ ৫৯ শতাংশ বেছি৷

ৰাছিয়া বিশ্বকাপত মেচসমূহৰ টিকটৰ মূল্য আছিল ২১৪ পাউণ্ড বা প্ৰায় ২১ হাজাৰ টকা৷ কিন্তু এইবাৰ  বিশ্বকাপৰ মেচসমূহৰ টিকটৰ মূল্য ২৮৬ পাউণ্ড, ভাৰতীয় মূল্যত ২৮ হাজাৰ টকা৷ যোৱা ২০ বছৰত এইদৰে কোনো এখন বিশ্বকাপতে টিকটৰ মূল্য বৃদ্ধি পোৱা নাছিল৷

আনহাতে, ফিফাই জনোৱামতে, বিশ্বকাপৰ ৩০ লাখ টিকট ইতিমধ্যে বিক্ৰী হৈ গৈছে৷ বিশ্বকাপৰ আয়োজক কমিটিৰ এগৰাকী বিষয়াই কৈছে যে কাটাৰ বিশ্বকাপেই হৈছে ইতিহাসৰ আটাইতকৈ ব্যয়বহুল বিশ্বকাপ৷ 

উল্লেখ্য যে বিশ্বকাপৰ বাবে ৬খনকৈ নতুন ষ্টেডিয়াম নিৰ্মাণ কৰা হৈছে৷ নতুনকৈ নিৰ্মাণ কৰা হৈছে দুটা পুৰণি ষ্টেডিয়াম৷ আঠোটা ষ্টেডিয়ামৰ বাবে মুঠ ৩ বিলিয়ন ডলাৰ (ভাৰতীয় মূল্যত চাৰে ২৪ হাজাৰ কোটি টকা) খৰচ কৰা হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক