--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটাৰ পাছত আন এটা বিতৰ্কত সাঙোৰ খাই পৰিছে কাটাৰ বিশ্বকাপ৷ এইবাৰ বিশ্বকাপৰ মেচসমূহৰ টিকটৰ দামক লৈ তীব্ৰ চৰ্চা চলিছে৷ 

বিশ্বকাপৰ মেচসমূহৰ টিকটৰ মূল্য আকাশংঘী হৈছে৷ ফাইনেলৰ টিকটৰ দাম গড়ে ৬৮৪ পাউণ্ড তথা ৬৬ হাজাৰ টকা ধাৰ্য কৰা হৈছে৷ এই মূল্য ২০১৮ চনৰ ৰাছিয়া বিশ্বকাপৰ ফাইনেলতকৈ ৫৯ শতাংশ বেছি৷

ৰাছিয়া বিশ্বকাপত মেচসমূহৰ টিকটৰ মূল্য আছিল ২১৪ পাউণ্ড বা প্ৰায় ২১ হাজাৰ টকা৷ কিন্তু এইবাৰ  বিশ্বকাপৰ মেচসমূহৰ টিকটৰ মূল্য ২৮৬ পাউণ্ড, ভাৰতীয় মূল্যত ২৮ হাজাৰ টকা৷ যোৱা ২০ বছৰত এইদৰে কোনো এখন বিশ্বকাপতে টিকটৰ মূল্য বৃদ্ধি পোৱা নাছিল৷

আনহাতে, ফিফাই জনোৱামতে, বিশ্বকাপৰ ৩০ লাখ টিকট ইতিমধ্যে বিক্ৰী হৈ গৈছে৷ বিশ্বকাপৰ আয়োজক কমিটিৰ এগৰাকী বিষয়াই কৈছে যে কাটাৰ বিশ্বকাপেই হৈছে ইতিহাসৰ আটাইতকৈ ব্যয়বহুল বিশ্বকাপ৷ 

উল্লেখ্য যে বিশ্বকাপৰ বাবে ৬খনকৈ নতুন ষ্টেডিয়াম নিৰ্মাণ কৰা হৈছে৷ নতুনকৈ নিৰ্মাণ কৰা হৈছে দুটা পুৰণি ষ্টেডিয়াম৷ আঠোটা ষ্টেডিয়ামৰ বাবে মুঠ ৩ বিলিয়ন ডলাৰ (ভাৰতীয় মূল্যত চাৰে ২৪ হাজাৰ কোটি টকা) খৰচ কৰা হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু