--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় ক্ৰিকেট দলৰ নিৰ্বাচক কমিটিখন ভংগ কৰিবলৈ ওলাইছে বিচিচিআইয়ে। টি২০ বিশ্বকাপৰ চেমিফাইনেলত ৰোহিত বাহিনীয়ে মুখ ঠেকেচা খোৱাৰ পাছতে এই কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে ক্ৰিকেট বোৰ্ডখনে।

শুক্ৰবাৰে এই সিদ্ধান্ত লোৱা হৈছে। বিচিচিআইৰ ৱেবচাইটত এই সম্পৰ্কে বাৰ্তা দিয়া হৈছে। তাত নতুন নিৰ্বাচক হ’বলৈ ইচ্ছুক প্ৰাৰ্থীৰ আবেদন বিচৰা হৈছে।

উল্লেখ্য যে নিৰ্দিষ্ট ম্যাদ পূৰণ কৰাৰ পূৰ্বেই এনেদৰে চেতন শৰ্মাৰে গঠিত নিৰ্বাচক কমিটিখনক ভংগ কৰিলে বিচিচিআইয়ে। ইয়াৰ পূৰ্বে এনেদৰে কঠোৰ পদক্ষেপ লোৱা হোৱা নাছিল। কিন্তু বিশ্বকাপত শুভমন গীল, সঞ্জু চেমচনৰ দৰে প্ৰতিভাক বাদ দিয়া চেতন শৰ্মাৰ নিৰ্বাচক কমিটিখনৰ বিৰুদ্ধে এই পদক্ষেপ লোৱা হৈছে।

নতুন নিৰ্বাচকৰ বাবে আবেদন বিচাৰি বিচিচিআইয়ে ৱেবচাইটত লিখিছে যে পুৰুষ ক্ৰিকেট দলৰ বাবে পাঁচজন জাতীয় নিৰ্বাচক আহ্বান কৰা হৈছে। যোগ্যতা হিচাপে দেশৰ হৈ কমেও সাতখন টেষ্ট মেচ খেলিব লাগিব অথবা ৩০ খন প্ৰথম শ্ৰেণীৰ টেষ্ট মেচ, ১০ খন এদিনীয়া মেচ আৰু ২০ টি প্ৰথম শ্ৰেণীৰ এদিনীয়া মেচ খেলা প্ৰাক্তন ক্ৰিকেটাৰ হ’ব লাগিব।

তদুপৰি অন্ততঃ পাঁচ বছৰ পূৰ্বে অৱসৰ ল’ব লাগিব। ব’ৰ্ডৰ স’তে পূৰ্বে কোনো কামত পাঁচ বছৰ জড়িত হ’ব নালাগিব। ২৮ নৱেম্বৰৰ সন্ধ্যা ৬ বজালৈকে আবেদনকাৰীসকলে আবেদন কৰিব পাৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মাৰ্ঘেৰিটাত টালি টোপোলা বান্ধিছে অবৈধ বেদখলকাৰীয়ে
মই যি বাটেৰে ওলালো আজি! কেতিয়াও উভতি নহাৰ বাটেৰে গুচি গ'ল স্বনামধন্য নাট্যকাৰ, গীতিকাৰ হেমন্ত দত্ত
উত্তম গগৈক হত্যা কৰি পত্নী বৰ্তমান ন্যায়িক জিম্মাত,কন্যা জুভেনাইল হোমত! পুত্ৰৰ জন্মদিন পাতিলে ওচৰ-চুবুৰীয়াই
গছপুলি ৰোপণৰ নামত বন বিভাগৰ প্ৰহসন! ২০ লাখটকীয়া CAMPA আঁচনিৰ ৯৫% গছপুলিৰ এতিয়া নাই কোনো অস্তিত্ব
নিম ছালৰ বাবে অতি উপকাৰী! ইয়াৰ নানা উপকাৰিতা জানি লওক
বহিঃৰাজ্যৰ গামোচাৰে ভৰি পৰিছে বজাৰ
ৰাষ্ট্ৰপতি মুর্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
তিনি মাহত খাদ্যৰ বাবে অপেক্ষাৰত ১৪০০ পেলেষ্টাইনীক হত্যা
প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত মণিপুৰৰ মহিলা আদাছো কপেছা
উচ্ছেদৰ পাছতে ৰজাপুখুৰী, গেলাজান নিজৰ বুলি দাবী নগাৰ
৬০০ বছৰৰ পাছত ক্রাছেনিনিক'ভ আগ্নেয়গিৰিৰ উদ্গিৰণ হোৱাৰ বাবেই হৈছিল প্রবল ভূমিকম্প
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস