--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় ক্ৰিকেট দলৰ নিৰ্বাচক কমিটিখন ভংগ কৰিবলৈ ওলাইছে বিচিচিআইয়ে। টি২০ বিশ্বকাপৰ চেমিফাইনেলত ৰোহিত বাহিনীয়ে মুখ ঠেকেচা খোৱাৰ পাছতে এই কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে ক্ৰিকেট বোৰ্ডখনে।

শুক্ৰবাৰে এই সিদ্ধান্ত লোৱা হৈছে। বিচিচিআইৰ ৱেবচাইটত এই সম্পৰ্কে বাৰ্তা দিয়া হৈছে। তাত নতুন নিৰ্বাচক হ’বলৈ ইচ্ছুক প্ৰাৰ্থীৰ আবেদন বিচৰা হৈছে।

উল্লেখ্য যে নিৰ্দিষ্ট ম্যাদ পূৰণ কৰাৰ পূৰ্বেই এনেদৰে চেতন শৰ্মাৰে গঠিত নিৰ্বাচক কমিটিখনক ভংগ কৰিলে বিচিচিআইয়ে। ইয়াৰ পূৰ্বে এনেদৰে কঠোৰ পদক্ষেপ লোৱা হোৱা নাছিল। কিন্তু বিশ্বকাপত শুভমন গীল, সঞ্জু চেমচনৰ দৰে প্ৰতিভাক বাদ দিয়া চেতন শৰ্মাৰ নিৰ্বাচক কমিটিখনৰ বিৰুদ্ধে এই পদক্ষেপ লোৱা হৈছে।

নতুন নিৰ্বাচকৰ বাবে আবেদন বিচাৰি বিচিচিআইয়ে ৱেবচাইটত লিখিছে যে পুৰুষ ক্ৰিকেট দলৰ বাবে পাঁচজন জাতীয় নিৰ্বাচক আহ্বান কৰা হৈছে। যোগ্যতা হিচাপে দেশৰ হৈ কমেও সাতখন টেষ্ট মেচ খেলিব লাগিব অথবা ৩০ খন প্ৰথম শ্ৰেণীৰ টেষ্ট মেচ, ১০ খন এদিনীয়া মেচ আৰু ২০ টি প্ৰথম শ্ৰেণীৰ এদিনীয়া মেচ খেলা প্ৰাক্তন ক্ৰিকেটাৰ হ’ব লাগিব।

তদুপৰি অন্ততঃ পাঁচ বছৰ পূৰ্বে অৱসৰ ল’ব লাগিব। ব’ৰ্ডৰ স’তে পূৰ্বে কোনো কামত পাঁচ বছৰ জড়িত হ’ব নালাগিব। ২৮ নৱেম্বৰৰ সন্ধ্যা ৬ বজালৈকে আবেদনকাৰীসকলে আবেদন কৰিব পাৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক