--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ ফাৰুখাবাদ জিলাৰ পৰা পোহৰলৈ আহিছে এক অতি চাঞ্চল্যকৰ ঘটনা। তিনি বছৰীয়া এটি কনমানি শিশুৱে কৰিলে এক আচৰিত কাণ্ড। খেলি থাকোতে এটা সাপক কামুৰি মাৰি পেলালে শিশুটোৱে। 

ফাৰুখাবাদ জিলাৰ মহম্মদাবাদ থানা এলেকাৰ অন্তৰ্গত মদনাপুৰ গাঁৱৰ নিবাসী দীনেশ কুমাৰৰ তিনি বছৰীয়া পুত্ৰ অক্ষয় কুমাৰে দিনত ঘৰৰ বাহিৰত খেলি আছিল। সেই সময়তে ঘৰৰ ওচৰৰ জোপোহাৰ পৰা এটা সৰু সাপ ওলাই আহিছিল শিশুটিৰ সন্মুখত। এই সাপটোৰ ওপৰত চকু পৰে কণমানি অক্ষয় কুমাৰৰ। অজ্ঞানতাৰ বাবে শিশুটিয়ে খেলি থকা অৱস্থাত সাপটো মুখত ৰাখি চোবাই খাইছিল। ইফালে আইতাকৰ চকু যেতিয়া শিশুটিৰ ওপৰত পৰিল, তেতিয়া আইতাক বেঁহুচ হোৱাৰ উপক্ৰম হ’ল। নাতিয়ে সাপ কামুৰি খোৱা দেখি আইতাকে চিঞৰি উঠিল।

আইতাকে শিশুটিৰ হাতৰ পৰা সাপটো পেলাই দিয়ে। সাপটোৰ মৃত্যু ঘটিছিল। খৰখেদাকৈ পৰিয়ালৰ লোকে শিশুটিক লৈ স্বাস্থ্যকেন্দ্ৰত উপস্থিত হয়। চিকিৎসকে শিশুটিক ৰাম মনোহৰ লোহিয়া চিকিৎসালয়লৈ প্ৰেৰণ কৰে। চিকিৎসকে শিশুটিক পৰীক্ষা কৰি একেবাৰে সুৰক্ষিত অৱস্থাত থকা বুলি জনায়। চিকিৎসকে শিশুটিক প্ৰাথমিক চিকিৎসা প্ৰদান কৰি ঘৰলৈ প্ৰেৰণ কৰিছে। এই ঘটনাই অঞ্চলজুৰি চৰ্চা লাভ কৰিছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস