--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ ফাৰুখাবাদ জিলাৰ পৰা পোহৰলৈ আহিছে এক অতি চাঞ্চল্যকৰ ঘটনা। তিনি বছৰীয়া এটি কনমানি শিশুৱে কৰিলে এক আচৰিত কাণ্ড। খেলি থাকোতে এটা সাপক কামুৰি মাৰি পেলালে শিশুটোৱে। 

ফাৰুখাবাদ জিলাৰ মহম্মদাবাদ থানা এলেকাৰ অন্তৰ্গত মদনাপুৰ গাঁৱৰ নিবাসী দীনেশ কুমাৰৰ তিনি বছৰীয়া পুত্ৰ অক্ষয় কুমাৰে দিনত ঘৰৰ বাহিৰত খেলি আছিল। সেই সময়তে ঘৰৰ ওচৰৰ জোপোহাৰ পৰা এটা সৰু সাপ ওলাই আহিছিল শিশুটিৰ সন্মুখত। এই সাপটোৰ ওপৰত চকু পৰে কণমানি অক্ষয় কুমাৰৰ। অজ্ঞানতাৰ বাবে শিশুটিয়ে খেলি থকা অৱস্থাত সাপটো মুখত ৰাখি চোবাই খাইছিল। ইফালে আইতাকৰ চকু যেতিয়া শিশুটিৰ ওপৰত পৰিল, তেতিয়া আইতাক বেঁহুচ হোৱাৰ উপক্ৰম হ’ল। নাতিয়ে সাপ কামুৰি খোৱা দেখি আইতাকে চিঞৰি উঠিল।

আইতাকে শিশুটিৰ হাতৰ পৰা সাপটো পেলাই দিয়ে। সাপটোৰ মৃত্যু ঘটিছিল। খৰখেদাকৈ পৰিয়ালৰ লোকে শিশুটিক লৈ স্বাস্থ্যকেন্দ্ৰত উপস্থিত হয়। চিকিৎসকে শিশুটিক ৰাম মনোহৰ লোহিয়া চিকিৎসালয়লৈ প্ৰেৰণ কৰে। চিকিৎসকে শিশুটিক পৰীক্ষা কৰি একেবাৰে সুৰক্ষিত অৱস্থাত থকা বুলি জনায়। চিকিৎসকে শিশুটিক প্ৰাথমিক চিকিৎসা প্ৰদান কৰি ঘৰলৈ প্ৰেৰণ কৰিছে। এই ঘটনাই অঞ্চলজুৰি চৰ্চা লাভ কৰিছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক