--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক দুঃখবৰ। মহাভাৰতৰ শকুনি মামা আৰু নাই। বি আৰ চোপ্ৰাৰ বিখ্যাত ঐতিহাসিক টিভি অনুষ্ঠান ‘মহাভাৰত’এ দৰ্শকৰ যথেষ্ট মৰম লাভ কৰিবলৈ সক্ষম হৈছিল। এই শ্ব’টোৰ প্ৰতিটো চৰিত্ৰই অনুৰাগীৰ হৃদয়ত অতি গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছিল। সেই মহাভাৰততে শকুনি মামাৰ চৰিত্ৰত অভিনয় কৰি ঘৰে ঘৰে জনপ্ৰিয় হৈ উঠিছিল অভিনেতা গুফী পেইন্টাল। 

তেওঁৰ প্ৰকৃত নাম কোনেও জনা নাছিল। শকুনি মামা বুলিয়েই সকলোৱে চিনি পাইছিল। মহাভাৰতক জনপ্ৰিয় কৰি তোলাত গুফী পেইন্টালৰো অৱদান যথেষ্ট। তেওঁৰ অভিনয় ইমানেই জীৱন্ত আছিল যে শকুনি মামা বুলি কলেই মানুহৰ মনলৈ গুফী পেইন্টালৰ চেহেৰাটো আপোনা-আপুনি ভাঁহি উঠে। 

সেই গুফী পেইন্টালেই আজি সকলোকে শোক সাগৰত পেলাই অনন্ত ধামলৈ গতি কৰিলে। দীৰ্ঘদিন ধৰি চিকিৎসালয়ত ভৰ্তি হৈ আছিল অভিনেতাগৰাকী। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭৮ বছৰ।  

গুফী পেইণ্টালৰ ভতিজা হিটেনে কয় যে বয়সৰ লগত জড়িত কেইবাটাও ৰোগত আক্ৰান্ত গুফী পেইণ্টলৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু ঘটিছে। এতিয়া এই খবৰটো ছ’চিয়েল মিডিয়াত ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে আৰু অনুৰাগীকে ধৰি চিনেমাৰ বহু তাৰকাই অভিনেতাগৰাকীক শ্ৰদ্ধাঞ্জলি জনাইছে।

গুফী পেইন্টালৰ শেষকৃত্য বিয়লি ৪ বজাত সম্পন্ন কৰা হ'ব। আশা কৰা হৈছে যে চিনেমা জগতৰ বহু প্ৰবীণ আৰু ডাঙৰ তাৰকাই তেওঁৰ এই শেষযাত্ৰাত যোগ দিব। 

উল্লেখ্য যে অভিনেতাগৰাকীয়ে আশীৰ দশকত হিন্দী ছবিৰ বাহিৰেও কেইখনমান টিভি ধাৰাবাহিকত অভিনয় কৰিছিল। অভিনয়ৰ জগতখনত ভৰি দিয়াৰ আগতে তেওঁ এজন অভিযন্তা আছিল। 











FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস