--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক দুঃখবৰ। মহাভাৰতৰ শকুনি মামা আৰু নাই। বি আৰ চোপ্ৰাৰ বিখ্যাত ঐতিহাসিক টিভি অনুষ্ঠান ‘মহাভাৰত’এ দৰ্শকৰ যথেষ্ট মৰম লাভ কৰিবলৈ সক্ষম হৈছিল। এই শ্ব’টোৰ প্ৰতিটো চৰিত্ৰই অনুৰাগীৰ হৃদয়ত অতি গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছিল। সেই মহাভাৰততে শকুনি মামাৰ চৰিত্ৰত অভিনয় কৰি ঘৰে ঘৰে জনপ্ৰিয় হৈ উঠিছিল অভিনেতা গুফী পেইন্টাল। 

তেওঁৰ প্ৰকৃত নাম কোনেও জনা নাছিল। শকুনি মামা বুলিয়েই সকলোৱে চিনি পাইছিল। মহাভাৰতক জনপ্ৰিয় কৰি তোলাত গুফী পেইন্টালৰো অৱদান যথেষ্ট। তেওঁৰ অভিনয় ইমানেই জীৱন্ত আছিল যে শকুনি মামা বুলি কলেই মানুহৰ মনলৈ গুফী পেইন্টালৰ চেহেৰাটো আপোনা-আপুনি ভাঁহি উঠে। 

সেই গুফী পেইন্টালেই আজি সকলোকে শোক সাগৰত পেলাই অনন্ত ধামলৈ গতি কৰিলে। দীৰ্ঘদিন ধৰি চিকিৎসালয়ত ভৰ্তি হৈ আছিল অভিনেতাগৰাকী। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭৮ বছৰ।  

গুফী পেইণ্টালৰ ভতিজা হিটেনে কয় যে বয়সৰ লগত জড়িত কেইবাটাও ৰোগত আক্ৰান্ত গুফী পেইণ্টলৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু ঘটিছে। এতিয়া এই খবৰটো ছ’চিয়েল মিডিয়াত ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে আৰু অনুৰাগীকে ধৰি চিনেমাৰ বহু তাৰকাই অভিনেতাগৰাকীক শ্ৰদ্ধাঞ্জলি জনাইছে।

গুফী পেইন্টালৰ শেষকৃত্য বিয়লি ৪ বজাত সম্পন্ন কৰা হ'ব। আশা কৰা হৈছে যে চিনেমা জগতৰ বহু প্ৰবীণ আৰু ডাঙৰ তাৰকাই তেওঁৰ এই শেষযাত্ৰাত যোগ দিব। 

উল্লেখ্য যে অভিনেতাগৰাকীয়ে আশীৰ দশকত হিন্দী ছবিৰ বাহিৰেও কেইখনমান টিভি ধাৰাবাহিকত অভিনয় কৰিছিল। অভিনয়ৰ জগতখনত ভৰি দিয়াৰ আগতে তেওঁ এজন অভিযন্তা আছিল। 











FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক