--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দক্ষিণৰ জনপ্ৰিয় অভিনেতা নাগা শৌৰ্য তেওঁৰ ছবি NS24 ৰ শ্বুটিঙৰ সময়ত অজ্ঞান হৈ পৰে। চেটত হঠাৎ অসুস্থ হৈ পৰাত তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয়। নাগা শৌৰ্যক হায়দৰাবাদৰ এছিয়ান ইনষ্টিটিউট অৱ গেষ্ট্ৰ’এণ্টেৰ’লজী হাস্পতালত চিকিৎসাৰ বাবে ভৰ্তি কৰা হৈছে। শৰীৰৰ দুৰ্বলতাৰ বাবে নাগা শৌৰ্যৰ স্বাস্থ্যৰ অৱনতি ঘটিছে। নাগা শৌৰ্য ২০ নৱেম্বৰত বিবাহপাশত আবদ্ধ হোৱাৰ কথা। বিয়াৰ আগে আগে অভিনেতাজন অসুস্থ হৈ পৰা বাবে তেওঁৰ পৰিয়ালৰ লোক আৰু অনুৰাগীসকল চিন্তিত হৈ পৰিছে।
NS24: Naga Shaurya announces action entertainer with director Arunachalam |  Telugu Movie News - Times of India
নাগা শৌৰ্যৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল No Water Diet অৰ্থাৎ কোনো ধৰণৰ তৰল পদাৰ্থ সেৱন নকৰাকৈ থকা বাবে। তথ্য অনুসৰি নাগা শৌৰ্যক তেওঁৰ আহিবলগীয়া ছবিখনত প্ৰচণ্ড একচন কৰা দেখা যাব আৰু সেইবাবেই নাগা শৌৰ্যই এটা ভাল শৰীৰ প্ৰস্তুত কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰি আছিল। অভিনেতাগৰাকীয়ে কঠোৰ খাদ্যাভ্যাস মানি চলিছিল, য’ত পানী নথকা খাদ্যও আছিল। শৰীৰত পানীৰ অভাৱৰ বাবে অজ্ঞান হৈ পৰে নাগা শৌৰ্য।
Naga Shaurya faints on NS24 sets days before his wedding: Report - India  Today
বৰ্তমান নাগা শৌৰ্য বিপদমুক্ত বুলি জানিব পৰা গৈছে। বৰ্তমান তেওঁ তীব্ৰ জ্বৰত আক্ৰান্ত হৈ আছে। নাগা শৌৰ্য্যৰ চিকিৎসা চলি আছে। তথ্য অনুসৰি শৰীৰৰ পানীৰ মাত্ৰা সুষম হোৱাৰ পিছতহে নাগা শৌৰ্যক চিকিৎসালয়ৰ পৰা মুকলি কৰি দিয়া হ’ব।
Naga Shaurya to Tie the Knot With Girlfriend Anusha N Shetty on November  20: Report
নগা শৌৰ্য এগৰাকী অভিনেতাৰ লগতে এগৰাকী চলচ্চিত্ৰ লেখক আৰু প্ৰযোজক। তেওঁ মূলতঃ তেলেগু চিনেমাত কাম কৰে। ২০ নৱেম্বৰত অনুষা শ্বেট্টীৰ সৈতে নগা শৌৰ্যৰ বিয়া আছে। ২০ তাৰিখে বাংগালুৰুত দুয়োজনে বিবাহপাশত আবদ্ধ হ’ব। নাগা আৰু অনুষাৰ বিবাহ ছ’চিয়েল মিডিয়াত চৰ্চাৰ বিষয় হৈয়েই আছে। এতিয়া সেই দিনাখনেই তেওঁলোক বিবাহপাশত আৱদ্ধ হব পাৰিব নে নাই সেয়া নাগা শৌৰ্যৰ স্বাস্থ্যৰ ওপৰত হে নিৰ্ভৰ কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক