--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দক্ষিণৰ জনপ্ৰিয় অভিনেতা নাগা শৌৰ্য তেওঁৰ ছবি NS24 ৰ শ্বুটিঙৰ সময়ত অজ্ঞান হৈ পৰে। চেটত হঠাৎ অসুস্থ হৈ পৰাত তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয়। নাগা শৌৰ্যক হায়দৰাবাদৰ এছিয়ান ইনষ্টিটিউট অৱ গেষ্ট্ৰ’এণ্টেৰ’লজী হাস্পতালত চিকিৎসাৰ বাবে ভৰ্তি কৰা হৈছে। শৰীৰৰ দুৰ্বলতাৰ বাবে নাগা শৌৰ্যৰ স্বাস্থ্যৰ অৱনতি ঘটিছে। নাগা শৌৰ্য ২০ নৱেম্বৰত বিবাহপাশত আবদ্ধ হোৱাৰ কথা। বিয়াৰ আগে আগে অভিনেতাজন অসুস্থ হৈ পৰা বাবে তেওঁৰ পৰিয়ালৰ লোক আৰু অনুৰাগীসকল চিন্তিত হৈ পৰিছে।
NS24: Naga Shaurya announces action entertainer with director Arunachalam |  Telugu Movie News - Times of India
নাগা শৌৰ্যৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল No Water Diet অৰ্থাৎ কোনো ধৰণৰ তৰল পদাৰ্থ সেৱন নকৰাকৈ থকা বাবে। তথ্য অনুসৰি নাগা শৌৰ্যক তেওঁৰ আহিবলগীয়া ছবিখনত প্ৰচণ্ড একচন কৰা দেখা যাব আৰু সেইবাবেই নাগা শৌৰ্যই এটা ভাল শৰীৰ প্ৰস্তুত কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰি আছিল। অভিনেতাগৰাকীয়ে কঠোৰ খাদ্যাভ্যাস মানি চলিছিল, য’ত পানী নথকা খাদ্যও আছিল। শৰীৰত পানীৰ অভাৱৰ বাবে অজ্ঞান হৈ পৰে নাগা শৌৰ্য।
Naga Shaurya faints on NS24 sets days before his wedding: Report - India  Today
বৰ্তমান নাগা শৌৰ্য বিপদমুক্ত বুলি জানিব পৰা গৈছে। বৰ্তমান তেওঁ তীব্ৰ জ্বৰত আক্ৰান্ত হৈ আছে। নাগা শৌৰ্য্যৰ চিকিৎসা চলি আছে। তথ্য অনুসৰি শৰীৰৰ পানীৰ মাত্ৰা সুষম হোৱাৰ পিছতহে নাগা শৌৰ্যক চিকিৎসালয়ৰ পৰা মুকলি কৰি দিয়া হ’ব।
Naga Shaurya to Tie the Knot With Girlfriend Anusha N Shetty on November  20: Report
নগা শৌৰ্য এগৰাকী অভিনেতাৰ লগতে এগৰাকী চলচ্চিত্ৰ লেখক আৰু প্ৰযোজক। তেওঁ মূলতঃ তেলেগু চিনেমাত কাম কৰে। ২০ নৱেম্বৰত অনুষা শ্বেট্টীৰ সৈতে নগা শৌৰ্যৰ বিয়া আছে। ২০ তাৰিখে বাংগালুৰুত দুয়োজনে বিবাহপাশত আবদ্ধ হ’ব। নাগা আৰু অনুষাৰ বিবাহ ছ’চিয়েল মিডিয়াত চৰ্চাৰ বিষয় হৈয়েই আছে। এতিয়া সেই দিনাখনেই তেওঁলোক বিবাহপাশত আৱদ্ধ হব পাৰিব নে নাই সেয়া নাগা শৌৰ্যৰ স্বাস্থ্যৰ ওপৰত হে নিৰ্ভৰ কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু