--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিদেশৰ কেইবাখনো ৰাষ্ট্ৰৰ সৈতে সহযোগিতা বৃদ্ধিৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰৰ পৰা তিনিখন দেশৰ ভ্ৰমণ আৰম্ভ কৰিছে৷ এই তিনিও খন দেশক সামৰি মোদীয়ে   ৪০ টাতকৈও অধিক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব৷  প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি তেওঁ তিনিখন দেশ- জাপান, পাপুৱা নিউ গিনি আৰু অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে ওলাইছে৷  

এই সময়ছোৱাত মোদীয়ে দুই ডজনতকৈও অধিক নেতাক সাক্ষাৎ কৰিব বুলি আশা কৰা হৈছে৷  প্ৰধানমন্ত্ৰী মোদীয়ে জাপানৰ হিৰোছিমাত অনুষ্ঠিত জি-৭  গোটৰ সন্মিলনতো অংশগ্ৰহণ কৰিব আৰু তাৰ পিছত তেওঁ ভাৰত-প্ৰশান্ত মহাসাগৰীয় দ্বীপপুঞ্জ সহযোগিতা মঞ্চৰ তৃতীয় সন্মিলনত অংশগ্ৰহণ কৰিব ৷ জি-৭ সন্মিলনৰ অধিৱেশন   ২০ মে' আৰু  ২১ মে'ত অনুষ্ঠিত হ'ব৷ প্ৰধানমন্ত্ৰী মোদীৰ এই বিদেশ ভ্ৰমণ কাৰ্যসূচীৰ বিষয়ে  বৈদেশিক সচিব বিনয় কোৱাট্ৰাই বিবৃতি প্ৰকাশ কৰিছে।

 জি-৭ সন্মিলনৰ ২০ মে’ৰ অধিৱেশনত খাদ্য, স্বাস্থ্য, বিকাশ আৰু লিংগ সমতাৰ বিষয়ে আলোচনা কৰা হ’ব। পৰৱৰ্তী  অধিৱেশনত জলবায়ু, শক্তি আৰু পৰিৱেশৰ বিষয়ত ,  আৰু  তৃতীয় অধিৱেশনত  শান্তি, স্থিৰতা আৰু সমৃদ্ধ বিশ্বৰ বিষয়ত আলোচনা হ’ব৷ প্ৰধানমন্ত্ৰী মোদীয়ে ভ্ৰমণ কৰিবলগীয়া দেশ কেইখন হৈছে 

পাপুৱা নিউগিনি 
প্ৰধানমন্ত্ৰীয়ে ২২ মে'ত তেওঁৰ পাপুৱা নিউগিনিৰ প্ৰধানমন্ত্ৰী  জেমছ মাৰেপৰ সৈতে আলোচনা কৰিব৷ পাপুৱা নিউ গিনিত প্ৰধানমন্ত্ৰীয়ে পিছদিনা প্ৰশান্ত মহাসাগৰীয় দ্বীপ দেশখনৰ গভৰ্ণৰ জেনেৰেলৰ সৈতেও বৈঠকত মিলিত হ’ব৷ 


জি-৭ সন্মিলন, জাপান
তিনিখন দেশৰ ভ্ৰমণকালত প্ৰধানমন্ত্ৰী মোদীয়ে জাপানৰ হিৰোছিমাত অনুষ্ঠিত জি-৭ বা সাতখন দেশৰ গোটৰ সন্মিলনত অংশগ্ৰহণ কৰিব আৰু তাৰ পিছত তেওঁ ভাৰত-প্ৰশান্ত মহাসাগৰীয় দ্বীপপুঞ্জ সহযোগিতা মঞ্চৰ (এফআইপিআইচি সন্মিলন) তৃতীয় সন্মিলনত সহ-সভাপতিত্ব কৰিব। 

অষ্ট্ৰেলিয়া
প্ৰধানমন্ত্ৰী মোদীয়ে দেশ খনৰ নেতা, গুৰুত্বপূৰ্ণ ব্যক্তিত্ব, পণ্ডিত আৰু ভাৰতীয় সম্প্ৰদায়ৰ সদস্যসকলক সাক্ষাৎ কৰিব। তেওঁৰ অষ্ট্ৰেলিয়া ভ্ৰমণকালত প্ৰধানমন্ত্ৰীয়ে বহুলোকক  সম্বোধন কৰিব ৷অষ্ট্ৰেলিয়াত প্ৰধানমন্ত্ৰী মোদীয়ে  চিডনীত থকা প্ৰবাসী ভাৰতীয়সকলৰ সভাত ভাগ ল’ব৷ 















FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস