--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিদেশৰ কেইবাখনো ৰাষ্ট্ৰৰ সৈতে সহযোগিতা বৃদ্ধিৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰৰ পৰা তিনিখন দেশৰ ভ্ৰমণ আৰম্ভ কৰিছে৷ এই তিনিও খন দেশক সামৰি মোদীয়ে   ৪০ টাতকৈও অধিক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব৷  প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি তেওঁ তিনিখন দেশ- জাপান, পাপুৱা নিউ গিনি আৰু অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে ওলাইছে৷  

এই সময়ছোৱাত মোদীয়ে দুই ডজনতকৈও অধিক নেতাক সাক্ষাৎ কৰিব বুলি আশা কৰা হৈছে৷  প্ৰধানমন্ত্ৰী মোদীয়ে জাপানৰ হিৰোছিমাত অনুষ্ঠিত জি-৭  গোটৰ সন্মিলনতো অংশগ্ৰহণ কৰিব আৰু তাৰ পিছত তেওঁ ভাৰত-প্ৰশান্ত মহাসাগৰীয় দ্বীপপুঞ্জ সহযোগিতা মঞ্চৰ তৃতীয় সন্মিলনত অংশগ্ৰহণ কৰিব ৷ জি-৭ সন্মিলনৰ অধিৱেশন   ২০ মে' আৰু  ২১ মে'ত অনুষ্ঠিত হ'ব৷ প্ৰধানমন্ত্ৰী মোদীৰ এই বিদেশ ভ্ৰমণ কাৰ্যসূচীৰ বিষয়ে  বৈদেশিক সচিব বিনয় কোৱাট্ৰাই বিবৃতি প্ৰকাশ কৰিছে।

 জি-৭ সন্মিলনৰ ২০ মে’ৰ অধিৱেশনত খাদ্য, স্বাস্থ্য, বিকাশ আৰু লিংগ সমতাৰ বিষয়ে আলোচনা কৰা হ’ব। পৰৱৰ্তী  অধিৱেশনত জলবায়ু, শক্তি আৰু পৰিৱেশৰ বিষয়ত ,  আৰু  তৃতীয় অধিৱেশনত  শান্তি, স্থিৰতা আৰু সমৃদ্ধ বিশ্বৰ বিষয়ত আলোচনা হ’ব৷ প্ৰধানমন্ত্ৰী মোদীয়ে ভ্ৰমণ কৰিবলগীয়া দেশ কেইখন হৈছে 

পাপুৱা নিউগিনি 
প্ৰধানমন্ত্ৰীয়ে ২২ মে'ত তেওঁৰ পাপুৱা নিউগিনিৰ প্ৰধানমন্ত্ৰী  জেমছ মাৰেপৰ সৈতে আলোচনা কৰিব৷ পাপুৱা নিউ গিনিত প্ৰধানমন্ত্ৰীয়ে পিছদিনা প্ৰশান্ত মহাসাগৰীয় দ্বীপ দেশখনৰ গভৰ্ণৰ জেনেৰেলৰ সৈতেও বৈঠকত মিলিত হ’ব৷ 


জি-৭ সন্মিলন, জাপান
তিনিখন দেশৰ ভ্ৰমণকালত প্ৰধানমন্ত্ৰী মোদীয়ে জাপানৰ হিৰোছিমাত অনুষ্ঠিত জি-৭ বা সাতখন দেশৰ গোটৰ সন্মিলনত অংশগ্ৰহণ কৰিব আৰু তাৰ পিছত তেওঁ ভাৰত-প্ৰশান্ত মহাসাগৰীয় দ্বীপপুঞ্জ সহযোগিতা মঞ্চৰ (এফআইপিআইচি সন্মিলন) তৃতীয় সন্মিলনত সহ-সভাপতিত্ব কৰিব। 

অষ্ট্ৰেলিয়া
প্ৰধানমন্ত্ৰী মোদীয়ে দেশ খনৰ নেতা, গুৰুত্বপূৰ্ণ ব্যক্তিত্ব, পণ্ডিত আৰু ভাৰতীয় সম্প্ৰদায়ৰ সদস্যসকলক সাক্ষাৎ কৰিব। তেওঁৰ অষ্ট্ৰেলিয়া ভ্ৰমণকালত প্ৰধানমন্ত্ৰীয়ে বহুলোকক  সম্বোধন কৰিব ৷অষ্ট্ৰেলিয়াত প্ৰধানমন্ত্ৰী মোদীয়ে  চিডনীত থকা প্ৰবাসী ভাৰতীয়সকলৰ সভাত ভাগ ল’ব৷ 















FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকে নতুনকৈ নাপাব আধাৰ কাৰ্ড
ৰাষ্ট্ৰপতি মেক্ৰনৰে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ; ভাৰত-ফ্ৰান্সৰ কৌশলগত সহযোগিতা বৃদ্ধিত গুৰুত্ব
দেৰগাঁৱৰ জাফ্ৰিনা ৰহমানৰ মৃত্যু হত্যা নে আত্মহত্যা? অভিযুক্ত স্বামী আৰক্ষী বাবেই সাৰি যাব নেকি?
শিলচৰত মৰ্মান্তিক ঘটনা! পুত্ৰই কৰা অপৰাধ সহ্য কৰিব নোৱাৰি চৰম সিদ্ধান্ত পিতৃৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা