--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ ভিতৰত উজলিল কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দপ্তৰ। ৬৬টা মন্ত্ৰালয়ৰ ভিতৰত দ্বিতীয় স্থান লভিবলৈ সক্ষম হল কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দায়িত্বত থকা বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রালয়ে। 

নীতি আয়োগে গুণগত মান সূচকৰ ওপৰত প্ৰকাশ কৰা ২০২২-২৩ বৰ্ষৰ প্ৰতিবেদনত ৫ নম্বৰৰ ভিতৰত ৪.৮ নম্বৰ লাভেৰে এই স্থান দখল সৰ্বানন্দ সোণোৱালৰ দপ্তৰৰ। 

কেন্দ্ৰীয় খণ্ডৰ আঁচনি (Central Sector Schemes) আৰু কেন্দ্ৰীয় পৃষ্ঠপোষকতা তত্বাৱধান আঁচনি (Centrally Sponsored Schemes) ৰূপায়ণৰ বাবে বিভিন্ন মন্ত্ৰালয় আৰু বিভাগৰ দ্বাৰা সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াত ব্যৱহৃত প্ৰশাসনিক তথ্য প্ৰণালীৰ পৰিপক্কতাৰ স্তৰ জোখাৰ উদ্দেশ্যৰে চলোৱা হৈছিল এক সমীক্ষা।

নীতি আয়োগৰ উন্নয়ন নিৰীক্ষণ আৰু মূল্যাঙ্কন কাৰ্যালয়ে চলোৱা জৰীপত সৰ্বানন্দ সোণোৱালৰ দপ্তৰে লাভ কৰিবলৈ সক্ষম হয় দ্বিতীয় স্থান। এই খবৰে সুখী কৰিছে সৰ্বানন্দ সোণোৱালৰ লগতে তেওঁৰ শুভাকাংক্ষীসকলক।











FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস