ডিজিটেল ডেস্ক: ভিটামিন ডি-ৰ আটাইতকৈ সহজ উৎস হ'ল সূৰ্যৰ পোহৰ, এই কথাটো সকলোৱেই জানে, কিন্তু আপুনি জানেনে আচলতে ভিটামিন ডি কি আৰু ইয়াৰ অভাৱ হ'লে কি হয়? ভিটামিন ডি শৰীৰৰ বাবে অতি প্ৰয়োজনীয় এবিধ চৰ্বী-দ্ৰৱণীয় (fat-soluble) ভিটামিন, যিয়ে মূলতঃ শৰীৰত কেলচিয়াম আৰু ফছফৰাছ দ্ৰৱীভূত কৰাত সহায় কৰে।
সেয়েহে ই হাড় আৰু দাঁত মজবুত ৰাখিবৰ বাবে জৰুৰী। ই পেশী আৰু সাধাৰণ ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি কৰে। শৰীৰত ভিটামিন ডি কমি গ'লে কেলচিয়ামৰ পৰিমাণো কমি যায় আৰু হাড়বোৰ দুৰ্বল হৈ পৰে। ইয়াৰ বাবে চিকিৎসকে সাধাৰণতে ৰ'দত বহাৰ পৰামৰ্শ দিয়ে যদিও কিছুমান ঔষধৰ দ্বাৰাও এই অভাৱ সোনকালে পূৰণ কৰিব পাৰি। আহক জানো ভিটামিন ডিৰ অভাৱ হ'লে শৰীৰত কি কি লক্ষণ দেখা যায় আৰু এই অভাৱ পূৰণ কৰিবলৈ কি কি খোৱা উচিত?
ভিটামিন ডিৰ অভাৱ হ'লে কি হ'ব?
ভাগৰুৱা আৰু দুৰ্বল অনুভৱ হোৱা
গাঁঠি আৰু পেশীত বিষ হোৱা
দুৰ্বল ৰোগ প্ৰতিৰোধ ক্ষমতা (বাৰে বাৰে চৰ্দি-কাহ হোৱা)
মনৰ অৱস্থা সলনি হোৱা (mood swings), মানসিক হেঁচা আৰু অৱসাদ (depression)
চুলি সৰা আৰু পাতল হৈ পৰা
আহাৰত অন্তৰ্ভুক্ত কৰক এই ৫ টা বস্তু
১. ফেটি ফিচ (Fatty Fish): যদি আপুনি আমিষভোজী, তেন্তে চেলমন, ছাৰ্ডিন, মেকাৰেল আদি মাছ খাওক। ইয়াৰ জৰিয়তে অমেগা-৩ ফেটি এচিড পোৱাৰ লগতে ভিটামিন ডিৰ অভাৱ দূৰ কৰাতো সহায় হয়।
২. কণীৰ কুহুম (Egg Yolk): ভিটামিন ডিৰ অভাৱ দূৰ কৰিবলৈ আহাৰত কণীৰ কুহুম অন্তৰ্ভুক্ত কৰক। ইয়াৰ জৰিয়তে ভিটামিন ডিৰ লগতে প্ৰটিন, ভিটামিন বি১২ আৰু অন্যান্য পোষক তত্ত্ব পোৱা যায়।
৩. ফৰ্টিফাইড গাখীৰ (Fortified Milk): সাধাৰণ গাখীৰৰ বাহিৰেও আপুনি ফৰ্টিফাইড গাখীৰ পান কৰিব পাৰে। কিছুমান গাখীৰত ভিটামিন ডি মিহলোৱা হয়। এইবোৰ পেকেটত আহে আৰু আপুনি ডাক্তৰৰ পৰামৰ্শ মৰ্মে সেৱন কৰিব পাৰে।
৪. মাশ্বৰূম (Mushrooms): আপোনাৰ খাদ্য তালিকাত মাশ্বৰূম অন্তৰ্ভুক্ত কৰক। ইয়াক খালে ভিটামিন ডিৰ অভাৱ পূৰ কৰাত সহায় হয়। বিশেষকৈ ইউভি (UV) পোহৰৰ সংস্পৰ্শলৈ অহা মাশ্বৰূম ভিটামিন ডি২ ৰ এক ভাল উৎস হ'ব পাৰে।
৫. দুগ্ধজাত সামগ্ৰী (Dairy Products): চীজ, মাখন, দৈ, পনীৰ আদি দুগ্ধজাত সামগ্ৰী আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক। এই বস্তুবোৰত অলপ পৰিমাণে ভিটামিন ডি আৰু বি১২ পোৱা যায় যদিও এইবোৰ হাড়ৰ বাবে অতি উপকাৰী বুলি বিবেচিত হয়।
ৰ'দ কেতিয়া আৰু কিমান সময় লোৱা উচিত?
যদি আপুনি সূৰ্যৰ পোহৰ লৈ ভিটামিন ডিৰ অভাৱ দূৰ কৰিব বিচাৰে, তেন্তে পুৱা আপুনি আধাঘণ্টা বা তাতকৈ অধিক সময় ৰদত বহাটো প্ৰয়োজনীয়। যদি ভিটামিন ডিৰ অভাৱ অতি বেছি হয়, তেন্তে কেৱল ৰ'দ আৰু খাদ্যৰে কাম নহ'ব। আপুনি ডাক্তৰৰ পৰামৰ্শ লৈ প্ৰয়োজনীয় ঔষধসমূহ গ্ৰহণ কৰিব লাগিব।