--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশজুৰি আলোড়ণৰ সৃষ্টি কৰা অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ৰহস্য আজিও পোহৰলৈ অহা নাই। সুশান্তৰ মৃতদেহ মুম্বাইৰ এটা ফ্লেটত পোৱা গৈছিল। মৃতদেহ উদ্ধাৰ হোৱাৰ পিছৰে পৰাই মুম্বাইৰ সেই  ফ্লেটটো  যোৱা আঢ়ৈ বছৰ ধৰি  এনেয়ে পৰি ৰৈছে। ফ্লেটটো বিক্ৰী কৰাৰ চেষ্টা কৰিও বিফল হৈছে ফ্লেটটোৰ মালিক।  ভূতৰ ভয়তে হওঁক বা আন কাৰণতেই হওঁক কোনেও কিনিবলৈ অহা নাই। 

এইবাৰ ৰিয়েল ইষ্টেট ব্ৰোকাৰ ৰফিক মাৰ্চেণ্টে তেওঁৰ প্ৰ'ফাইলত ফ্লেটটো ভাড়াত দিয়াৰ বিজ্ঞাপন দিছে। যিকোনো লোকেই ফ্লেটটো প্ৰতি মাহে ৫ লাখ টকাত ভাড়াত ল'ব পাৰিব।ৰফিক মাৰ্চেণ্টে কয়  যে ফ্লেটটোৰ গৰাকী এজন প্ৰবাসী ভাৰতীয়। তেওঁ পিছে  এই ফ্লেটটো আন কোনো বলীউড তাৰকাক ভাড়াত দিবলৈ নিবিচাৰে। কৰ্পোৰেট জগতত কাম কৰা যিকোনো ব্যক্তিক ভাড়াতীয়া হিচাপে অগ্ৰাধিকাৰ দিয়া হ'ব বুলি তেওঁ কয়।

২০২০ চনৰ ১৪ জুনত  এই ফ্লেটটোতে অভিনেতা সুশান্তই আত্মহত্যা কৰিছিল।  তেতিয়াৰে পৰা ফ্লেটটো জয়াল হৈ পৰি ৰৈছে। আনকি নিশাৰ ভাগত ফ্লেটটোৰ কাষলৈ কোনো লোকেই নাযায় বুলিও জানিব পৰা গৈছে। 

এক সাক্ষাৎকাৰত ৰফিকে দাবী কৰিছে, "সকলোৱে সেই ফ্লেটলৈ আহিবলৈ ভয় কৰে। যিয়ে শুনিছে  যে সুশান্তৰ ইয়াত মৃত্যু হৈছে, তেওঁ দ্বিতীয়বাৰৰ বাবে ইয়ালৈ অহা নাই। কথাবোৰ এনেদৰেই চলি আছে। শেহতীয়াকৈ, মই দেখিছোঁ যে কিছুমান লোকে আগ্ৰহ ফ্লেটটোত থাকিবলৈ দেখুৱাইছে। যিহেতু সুশান্তৰ মৃত্যুৰ খবৰ পুৰণি হৈ পৰিছে, সেয়ে  আমি ফ্লেট ভাড়াত দিবলৈ অথবা বিক্ৰী কৰিবলৈ পুনৰ চেষ্টা কৰি আছো। কিন্তু ফ্লেটটোৰ গৰাকীয়ে মূল্য হ্ৰাস কৰিবলৈ ইচ্ছুক নহয়।  "

২০১৯  চনৰ পৰা সুশান্তই  ফ্লেটটোৰ বাবে প্ৰতি মাহে ৪.৫  লাখ টকাকৈ  ভাড়া দিছিল। তেওঁৰ সৈতে কেইজনমান বন্ধুও আছিল। কোভিডৰ  সময়ত সুশান্তৰ প্ৰেমিকা, অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীয়েও সেই ফ্লেটটোত বাস কৰিছিল। অভিনেতাজনৰ আকস্মিক মৃত্যুৰ পিছত, কেন্দ্ৰীয় নাৰ্কোটিক্স নিয়ন্ত্ৰণ সংস্থাই (এনচিবি)  তদন্ত আৰম্ভ কৰিছিল। 

সন্দেহ কৰা হৈছিল যে সুশান্তই অত্যাধিক ড্ৰাগছ সেৱন কৰি মৃত্যুৰ মুখত পৰিছিল। তেতিয়াৰে পৰা তেওঁৰ মৃত্যু এক ৰহস্যহৈ পৰিছে। সুশান্তৰ পৰিয়ালে  ৰিয়াক অভিনেতাজনৰ মৃত্যুৰ বাবে দোষাৰোপ কৰিছিল। অভিনেত্ৰীগৰাকীয়ে গোচৰটোত  এমাহ কাৰাগাৰতো কটাব লগীয়া হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু