--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশজুৰি আলোড়ণৰ সৃষ্টি কৰা অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ৰহস্য আজিও পোহৰলৈ অহা নাই। সুশান্তৰ মৃতদেহ মুম্বাইৰ এটা ফ্লেটত পোৱা গৈছিল। মৃতদেহ উদ্ধাৰ হোৱাৰ পিছৰে পৰাই মুম্বাইৰ সেই  ফ্লেটটো  যোৱা আঢ়ৈ বছৰ ধৰি  এনেয়ে পৰি ৰৈছে। ফ্লেটটো বিক্ৰী কৰাৰ চেষ্টা কৰিও বিফল হৈছে ফ্লেটটোৰ মালিক।  ভূতৰ ভয়তে হওঁক বা আন কাৰণতেই হওঁক কোনেও কিনিবলৈ অহা নাই। 

এইবাৰ ৰিয়েল ইষ্টেট ব্ৰোকাৰ ৰফিক মাৰ্চেণ্টে তেওঁৰ প্ৰ'ফাইলত ফ্লেটটো ভাড়াত দিয়াৰ বিজ্ঞাপন দিছে। যিকোনো লোকেই ফ্লেটটো প্ৰতি মাহে ৫ লাখ টকাত ভাড়াত ল'ব পাৰিব।ৰফিক মাৰ্চেণ্টে কয়  যে ফ্লেটটোৰ গৰাকী এজন প্ৰবাসী ভাৰতীয়। তেওঁ পিছে  এই ফ্লেটটো আন কোনো বলীউড তাৰকাক ভাড়াত দিবলৈ নিবিচাৰে। কৰ্পোৰেট জগতত কাম কৰা যিকোনো ব্যক্তিক ভাড়াতীয়া হিচাপে অগ্ৰাধিকাৰ দিয়া হ'ব বুলি তেওঁ কয়।

২০২০ চনৰ ১৪ জুনত  এই ফ্লেটটোতে অভিনেতা সুশান্তই আত্মহত্যা কৰিছিল।  তেতিয়াৰে পৰা ফ্লেটটো জয়াল হৈ পৰি ৰৈছে। আনকি নিশাৰ ভাগত ফ্লেটটোৰ কাষলৈ কোনো লোকেই নাযায় বুলিও জানিব পৰা গৈছে। 

এক সাক্ষাৎকাৰত ৰফিকে দাবী কৰিছে, "সকলোৱে সেই ফ্লেটলৈ আহিবলৈ ভয় কৰে। যিয়ে শুনিছে  যে সুশান্তৰ ইয়াত মৃত্যু হৈছে, তেওঁ দ্বিতীয়বাৰৰ বাবে ইয়ালৈ অহা নাই। কথাবোৰ এনেদৰেই চলি আছে। শেহতীয়াকৈ, মই দেখিছোঁ যে কিছুমান লোকে আগ্ৰহ ফ্লেটটোত থাকিবলৈ দেখুৱাইছে। যিহেতু সুশান্তৰ মৃত্যুৰ খবৰ পুৰণি হৈ পৰিছে, সেয়ে  আমি ফ্লেট ভাড়াত দিবলৈ অথবা বিক্ৰী কৰিবলৈ পুনৰ চেষ্টা কৰি আছো। কিন্তু ফ্লেটটোৰ গৰাকীয়ে মূল্য হ্ৰাস কৰিবলৈ ইচ্ছুক নহয়।  "

২০১৯  চনৰ পৰা সুশান্তই  ফ্লেটটোৰ বাবে প্ৰতি মাহে ৪.৫  লাখ টকাকৈ  ভাড়া দিছিল। তেওঁৰ সৈতে কেইজনমান বন্ধুও আছিল। কোভিডৰ  সময়ত সুশান্তৰ প্ৰেমিকা, অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীয়েও সেই ফ্লেটটোত বাস কৰিছিল। অভিনেতাজনৰ আকস্মিক মৃত্যুৰ পিছত, কেন্দ্ৰীয় নাৰ্কোটিক্স নিয়ন্ত্ৰণ সংস্থাই (এনচিবি)  তদন্ত আৰম্ভ কৰিছিল। 

সন্দেহ কৰা হৈছিল যে সুশান্তই অত্যাধিক ড্ৰাগছ সেৱন কৰি মৃত্যুৰ মুখত পৰিছিল। তেতিয়াৰে পৰা তেওঁৰ মৃত্যু এক ৰহস্যহৈ পৰিছে। সুশান্তৰ পৰিয়ালে  ৰিয়াক অভিনেতাজনৰ মৃত্যুৰ বাবে দোষাৰোপ কৰিছিল। অভিনেত্ৰীগৰাকীয়ে গোচৰটোত  এমাহ কাৰাগাৰতো কটাব লগীয়া হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক