--°C
Loading...
Listen to Article
2 min read
80%

ট’কিঅ’ : তালিবানৰ ত্ৰাসত জাপানৰ ট’কিঅ’ত অনুষ্ঠিত পেৰালিম্পিকত কোনো আফগান প্ৰতিযোগীয়ে অংশগ্ৰহণ নকৰিলে অথচ উৰিল আফগান পতাকা। জানিবলৈ পোৱা মতে, ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী উচ্চ আয়োগৰ এজন প্ৰতিনিধিয়ে আফগানিস্তানৰ পতাকাখন সমদলৰ মাজেৰে কঢ়িয়াই লৈ গৈছিল। উল্লেখ্য যে, এইবাৰ দুজন আফগান প্ৰতিযোগীয়ে ট’কিঅ’ পেৰালিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰিছিল।

কিন্তু আফগানিস্তানত তালিবানৰ অভ্যুত্থানৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাহস নকৰিলে প্ৰতিযোগীদ্বয়ে। আন্তৰ্জাতিক পেৰালিম্পিক সমিতিৰ অধ্যক্ষ এণ্ড্ৰিউ পাৰচন্সে ভাষণ প্ৰসংগত সদৰী কৰে যে, ‘আমি শান্তিৰ বাৰ্তা কেৱল আফগানিস্তানতে নহয়, সমগ্ৰ বিশ্বলৈ প্ৰচাৰ কৰাৰ সিদ্ধান্ত লৈছো। ইয়াত আফগান খেলুৱৈদ্বয়ক দেখিবলৈ পোৱাহেতেঁন ভাল লাগিলহেঁতেন কিন্তু এতিয়া সেয়া সম্ভৱ নহয়।

কিন্তু আমি তেওঁলোকৰ কাষত থিয় দিছোঁ।’
উল্লেখ্য যে, জাকিৰ খুদাদী পেৰালিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰা আফগানিস্তানৰ প্ৰথম মহিলা পেৰা এথলীট হিচাপে বিবেচিত হৈছিল। শেহতীয়াকৈ এক ভিডিঅ' বাৰ্তাত জাকিয়াই তেওঁৰ স্বপ্ন ভংগৰ ব্যথা ব্যক্ত কৰে। তেওঁ আৰু হাছান ৰাচাউলী নামৰ আন এজন আফগান খেলুৱৈয়ে তেওঁলোকক সুৰক্ষিতভাৱে ট’কিঅ'লৈ প্ৰেৰণৰ বাবে আহ্বান জনোৱাৰ পাছতো পোৱা নাছিল সেউজ সংকেত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ